শেষনাগ বা অনন্ত শেষ বা আদিশেষ হৈছে সকলো নাগৰে ৰজা আৰু সৃষ্টিৰ আদি জীৱসমূহৰ অন্যতম। পুৰণসমূহৰ বৰ্ণনা অনুসৰি শেষনাগে তেওঁৰ ফণাসমূহত ব্ৰহ্মাণ্ডৰ গ্ৰহসমূহ ধাৰণ কৰে আৰু অবিৰাম বিষ্ণুৰ মাহাত্ম্যৰ গীত গায়। কোৱা হয় যে শেষনাগে কুণ্ডলী পকালে সময়ে গতি লাভ কৰে, ব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু আৰু ধ্বংস হয়।

শেষনাগ
শেষ
অনন্ত শেষ
নাগসকলৰ ৰজা[1]

অনন্ত শেষ
সম্পৰ্ক বিষ্ণুৰ ভক্ত, নাগ
নিবাস ক্ষীৰ সাগৰ
সহোদৰ মনসা, বাসুকী, তক্ষক আদি
সন্তান সুলোচনা

বিষ্ণুক সততে শেষনাগৰ ওপৰত শয়ন কৰা অৱস্থাত চিত্ৰিত কৰা হয়। শেষনাগ বিষ্ণুৰ পৰম ভক্ত। ত্ৰেতা যুগত বিষ্ণুৱে ৰামৰ অৱতাৰ লওঁতে শেষনাগে লক্ষ্মণ ৰূপে আৰু দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ লওঁতে বলৰাম ৰূপে অৱতাৰ গ্ৰহণ কৰিছিল। মহাভাৰতৰ আদি পৰ্বৰ মতে শেষনাগৰ পিতৃ-মাতৃ হৈছে ঋষি কাশ্যপ আৰু কদ্ৰু।

ৰূপবৰ্ণনা

সম্পাদনা কৰক
 
সহধৰ্মিণী লক্ষ্মীৰ সৈতে শেষনাগৰ দেহত শায়িত অৱস্থাত বিষ্ণু।

শেষনাগক সাধাৰণতে এক বিশাল ৰূপৰে দেখুওৱা হয় যি মহাকাশত বা ক্ষীৰ সাগৰত কুণ্ডলী পকাই ভাসমান অৱস্থাত থাকে। তেওঁ নিজ দেহত শায়িত অৱস্থাত বিষ্ণুক ধাৰণ কৰে। কেতিয়াবা তেওঁক পাঁচ বা সাত বা দহটা শিৰযুক্ত সৰ্প হিচাপে দেখুওৱা হয়। কিন্তু সচৰাচৰ তেওঁ এক হাজাৰ, পাঁচ হাজাৰ বা আনকি দহ হাজাৰ শিৰৰ সৰ্প হিচাপে (কেতিয়াবা প্ৰতিটো শিৰতে মুকুট পৰিহিত ৰূপত) চিত্ৰায়িত কৰা হয়।

সংস্কৃত মূলৰ পৰা উদ্ভৱ হোৱা তেওঁৰ নামৰ অৰ্থ হৈছে "যি বাকী আছে"; কিয়নো যেতিয়া কল্পৰ শেষত পৃথিৱী ধ্বংস হয় শেষনাগ একেদৰেই অপৰিৱৰ্তিত ৰূপত বিৰাজ কৰে।

ভাগৱত গীতাৰ দশম অধ্যায়ৰ ২৯-তম শ্লোকত কৃষ্ণই তেওঁৰ ৭৫টা স্বৰূপৰ বৰ্ণনা কৰি ঘোষণা কৰিছে, "অনন্তচ্ চ অস্মি নাগনম" অৰ্থাৎ "নাগসকলৰ ভিতৰত মই অনন্ত।"

মহাভাৰতৰ মতে শেষনাগৰ জন্ম হৈছিল ঋষি কাশ্যপ আৰু তেওঁৰ পত্নী কদ্ৰুৰ পৰা। কদ্ৰুৱে এহেজাৰ সৰ্প বা নাগৰ জন্ম দিছিল যাৰ ভিতৰত শেষনাগ আছিল জ্যেষ্ঠতম। শেষনাগৰ পিছত ক্ৰমান্বয়ে বাসুকী, ঐৰাৱত আৰু তক্ষকৰ জন্ম হয়। তেওঁৰ বহুতো ভ্ৰাতৃ নিষ্ঠুৰ আছিল আৰু আনৰ ক্ষতি সাধনো কৰিছিল। আনকি তেওঁলোক নিজৰ সতীয়া ভ্ৰাতৃ তথা বিনতাৰ পুত্ৰ গৰুড়ৰ প্ৰতিও দয়ালু নাছিল (কদ্ৰু আৰু বিনতা দক্ষৰ কন্যা আছিল)।

সহোদৰসকলৰ নিষ্ঠুৰ কাৰ্য্যত বিৰক্ত হৈ শেষনাগে তেওঁৰ মাতৃ আৰু আত্মীয়সকলক এৰি কঠোৰ তপস্যাত বহে। তেওঁ বতাহ খায়েই জীৱন ধাৰণ কৰিছিল আৰু গন্ধমাদন, বদ্ৰিকাশ্ৰম, গোকৰ্ণ, পুষ্কৰ আৰু হিমালয়ক আদি স্থানত ধ্যান কৰিছিল। তেওঁৰ তপস্যা ইমানেই কঠোৰ আছিল যে তেওঁৰ মাংস, ছাল আৰু পেশীসমূহ শুকাই যায় আৰু তেওঁ হাড়ে-ছালে লাগে। ব্ৰহ্মাই তেওঁৰ শেষনাগৰ ইচ্ছাৰ বিষয়ে নিশ্চিত হৈ তেওঁক এটা বৰ বিচাৰিবলৈ কয়। তেতিয়া শেষনাগে তপস্যা অব্যাহত ৰাখিবৰ বাবে নিজৰ মনটো নিয়ন্ত্ৰণত ৰাখিবলৈ বৰ বিচাৰে। ব্ৰহ্মাই আনন্দেৰে এই বৰ প্ৰদান কৰে। ইয়াৰ লগতে ব্ৰহ্মাই অস্থিৰ ভূমিৰ নিম্নভাগলৈ গৈ ইয়াক স্থিৰ কৰি ৰাখিবলৈ শেষনাগৰ সহায় বিচাৰে। এই কথাত সন্মত হৈ শেষনাগ পাতাললৈ যায় আৰু ভূমিক তেওঁৰ ফণাৰে স্থিৰ কৰি ৰাখে। তেওঁ আজিও ভূমিক ধাৰণ কৰি আছে বিশ্বাস কৰা হয়। সেয়ে পাতাল তেওঁৰ তেওঁৰ চিৰস্থায়ী বাসস্থান বুলি কোৱা হয়।[2]

মহাবিষ্ণু আৰু সংকৰ্ষণ

সম্পাদনা কৰক
 
মথুৰাৰ চৰকাৰী সংগ্ৰহালয়ত থকা বিষ্ণু আৰু শেষনাগৰ মূৰ্তি।

শেষনাগক মহাবিষ্ণুৰ শয্যা হিচাপে পৰিৱৰ্তনশীল পৃথিৱীৰ সাগৰত ভাঁ‌হি থকা ৰূপত চিত্ৰিত কৰা হয়। তেওঁক আদিশেষ (সৰ্পৰ আদিপুৰুষ) বা অনন্তশেষ বা অনন্ত (অন্তহীন, যিহেতু তেওঁ কল্পৰ সমাপ্তি অৰ্থাৎ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড ধ্বংসৰ পিছতো বৰ্তি থাকে) বুলিও আখ্যা দিয়া হয়।

ভাগৱত পুৰাণত শেষৰৰ নাম হৈছে সংকৰ্ষণ যি স্বয়ং ভগৱান নাৰায়ণৰ তামসিক শক্তি। কোৱা হয় যে তেওঁ পাতালৰ ভিতৰৰ গভীৰ স্তৰত বাস কৰে য'ত শিৰত ৰত্ন ধাৰণ কৰা বহুতো সৰ্প আছে সংকৰ্ষণ এওঁ‌লোকৰ শাসক। তেওঁ বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ আগৰে পৰা বিদ্যামান হৈ আছে বুলি কোৱা হয়। যেতিয়া বিশ্বব্ৰহ্মাণ্ড ইয়াৰ অন্তিম পৰ্যায়ত থাকে তেতিয়া তেওঁ বিশ্বব্ৰহ্মাণ্ড ধ্বংস কৰিবলৈ ১১জন ৰুদ্ৰৰ সৃষ্টি কৰে যাতে নতুন বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিব পাৰি।

সংকৰ্ষণ বিষ্ণুৰ চাৰি স্বৰূপৰ ভিতৰত অন্যতম। ইয়াৰে বাকী তিনিটা হৈছে বাসুদেৱ, প্ৰদ্যুম্ন আৰু অনিৰুদ্ধ।

ব্ৰহ্মাক সৃষ্টি কৰিবৰ বাবে বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণিতে সংকৰ্ষণে নিজকে গৰ্ভোদক্ষয়ী-বিষ্ণু হিচাপে বিস্তাৰিত কৰে। অৰ্থাৎ, ভগৱান সংকৰ্ষণ নিজেই ভগৱান নাৰায়ণৰ ৰূপ।

পুৰাণৰ পূৰ্বৱৰ্তী অধ্যায়বোৰত এইটোও কোৱা হয় যে ভগৱান সংকৰ্ষণে চাৰিজন কুমাৰক ভাগৱত কথন কৰিছিল। তেওঁলোকে পৰিৱৰ্তী কালত ভাগৱতৰ এই বাৰ্তা বহন কৰি লৈ যায়। এসময়ত ভাগৱত-বাৰ্তা ঋষি মৈত্ৰেয়লৈ প্ৰেৰণ কৰা হয় আৰু এয়া তেওঁ বিদুৰৰ কয়।

শেষনাগে ৪টা অৱতাৰ গ্ৰহণ কৰিছিল। সত্য যুগত তেওঁ নিজৰ মূল ৰূপত ভক্ত প্ৰহ্লাদক তেওঁৰ পিতৃ হিৰণ্যকশিপুৰ পৰা ৰক্ষা কৰিবলৈ অৱতাৰ লোৱা নৰসিংহৰ বাবে আসন হিচাপে অৱতৰণ কৰিছিল।

ত্ৰেতা যুগত তেওঁ ভগৱান বিষ্ণুৰ (ৰাম হিচাপে) ভ্ৰাতৃ লক্ষ্মণৰ ৰূপত জন্ম গ্ৰহণ কৰিছিল।

দ্বাপাৰা যুগত তেওঁ ভগৱান বিষ্ণুৰ (কৃষ্ণ হিচাপে) ভ্ৰাতৃ বলৰামৰ ৰূপত অৱতাৰ গ্ৰহণ কৰিছিল। কলি যুগৰ সময়ত তেওঁ পতঞ্জলি মহৰ্ষি আৰু ৰামানুজাছায়া হিচাপে জন্ম গ্ৰহণ কৰিছিল। কলি যুগৰ সময়ত তেওঁৰ লগত বিষ্ণু নাছিল। তাৰ পৰিৱৰ্তে তেওঁ ভক্তিৰ প্ৰচাৰৰ হেতু অকলে অৱতাৰ লৈছিল।

বৈষ্ণৱ ধৰ্মত মতে বলৰাম ভগৱান বিষ্ণু আৰু শেষনাগৰ এক মিশ্ৰিত অৱতাৰ।

পুৰাণৰ এটা কাহিনীত, শেষনাগৰ সৰু ভায়েক বাসুকীয়ে দেৱতা আৰু অসুৰৰ দ্বাৰা সমুদ্ৰ মন্থনত ব্যৱহাৰ কৰিব পৰাকৈ মন্দৰ পৰ্বতৰ মন্থন জৰী হিচাপে ভূমিকা লৈছিল।

কেৰালাৰ তিৰুৱন্থপুৰম চহৰখন তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে আৰু ইয়াক "অনন্তৰ পবিত্ৰ চহৰ" বুলি কোৱা হৈছে।

সহায়ক গ্ৰন্থ

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Handa 2004, পৃষ্ঠা. 91.
  2. Mbh, Adi Parva