মুৰাৰিচাঁদ মহাবিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
59 নং শাৰী:
 
== ইতিহাস ==
মুৰাৰী চান্দ মহাবিদ্যালয় স্থানীয় এক স্মৰণীয় ব্যক্তিত্ব চিলেটৰ ৰয়নগৰৰ ৰাজা [[:bn:গিৰিশ চন্দ্ৰ ৰায়|গিৰিশ্চন্দ্ৰ ৰয়ে]] ১৮৯২ চনৰ ২৭ জুনৰ দিনা প্ৰতিষ্ঠা কৰিছিল। চাৰিজন শিক্ষক আৰু ওঠৰজন ছাত্ৰৰে আৰম্ভ কৰা মহাবিদ্যালয়খনৰ নামকৰণ মাতৃপক্ষৰ ককাক মুৰাৰী চান্দ ৰয়ৰ নামেৰে কৰা হৈছিল আৰু ইয়াক বৰ্তমানৰ বন্দৰ বজাৰৰ ৰাজা জি.চি. ৰয় স্কুলৰ ওচৰতে স্থাপন কৰা হৈছিল। গিৰিশ্চন্দ্ৰ ৰয় বিধবা ব্ৰজ সুন্দৰী দেৱীৰ তোলনীয় পুতেক আছিল, ব্ৰজ সুন্দৰী আছিল জমিদাৰ বাবু মুৰাৰী চান্দ ৰয়ৰ জীয়ৰী। প্ৰথম অৱস্থাত ই এখন ব্যক্তিগত পূঁজিৰে সঞ্চালিত মহাবিদ্যালয় আছিল আৰু মাথোঁ F.A. (কলা শাখাৰ প্ৰাক-স্নাতক) শ্ৰেণীহে খোলা হৈছিল। শিক্ষানুষ্ঠানখন চলাই ৰাখিবলৈ প্ৰয়োজন হোৱা ধন গিৰিশ্চন্দ্ৰ ৰয়ে যোগান ধৰিছিল। ১৯৯৭ৰ প্ৰলয়ংকৰী [[:en:1897 Assam earthquake|ভূমিকম্প]]ত মহাবিদ্যালয়ৰ ভৱন ধ্বংস হৈছিল। ৰয়ৰ নিজৰো বিস্তৰ ক্ষতি হৈছিল। এই দুৰ্যোগে তেওঁক আৰ্থিকভাবে তেনেই নিশকতীয়া কৰিছিল। এই প্ৰতিষ্ঠানটোলৈ ধন যোগান ধৰা তেওঁৰ বাবে অসম্ভৱ হৈ পৰিল। সেয়েহে তেওঁ মহাবিদ্যালয়খন অধিগ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনালে। ৰয়ৰ মৃত্যুৰ পিছত ১৯০৮ চনত চৰকাৰে ইয়াক অধিগ্ৰহণ কৰিলে আৰু ই চৰকাৰী সাহাহ্যপ্ৰাপ্ত মহাবিদ্যালয়লৈ পৰিবৰ্তন হ'ল। ১৯১২ চনত [[অসম প্ৰদেশ]]ৰ চিফ কমিচনাৰ আৰ্চডেল আৰ্লেই ইয়াক সম্পূৰ্ণৰূপে চৰকাৰী প্ৰশাসনৰ আওতালৈ অনাৰ ঘোষণা কৰে। স্থানীয় ৰাইজে মহাবিদ্যালয়খন স্নাতক পৰ্যায়লৈ উন্নীত কৰি প্ৰথম শ্ৰেণীৰ মহাবিদ্যালয় ৰূপে গঢ় দিয়াৰ বাবে চৰকাৰক দাবী জনায়।  নেতৃত্ব দিয়ে কাজী ইলিয়াচ, খান বাহাদুৰ আব্দুল মজিদ ওৰফে কাপ্তান মিঞা আদিয়ে। ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আৰ্চডেল আৰ্লেই প্ৰস্তাৱ দিয়ে যে স্থানীয় ৰাইজে যদি প্ৰথম দুবছৰলৈ মহাবিদ্যালয়খনৰ সমুদায় খৰচৰ আধা অংশ বহন কৰে, তেতিয়াহে চৰকাৰে ইয়াত স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰা তথা প্ৰথম শ্ৰেণীৰ মহাবিদ্যালয়লৈ উন্নীত কৰা সম্ভৱ হ’ব পাৰে। সেইমতে খান বাহাদুৰ আব্দুল মজিদৰ সভাপতিত্বত নলিনীকান্ত দস্তিদাৰ, মহম্মদ বখট মজুমদাৰ, বৈকুণ্ঠনাথ শৰ্মা, সুখময় শৰ্মা, প্ৰমোদচন্দ্ৰ দত্ত, সাৰদাচৰণ শ্যেম, ৰাধাবিনোদ দাম আৰু হৰেন্দ্ৰচন্দ্ৰ সিনহা, মুঠ নজন শিক্ষানুৰাগী হিতৈষীয়ে সভা পাতি টকাৰ যোগাৰ কৰিবলৈ গাত লয়। সেই অনুসৰি ১৮,০০০ টকাৰ বৰঙনিবৰঙণি আগবঢ়োৱাত ১৯১৬ চনৰ জুলাইৰ পৰা স্নাতক পাঠ্যক্ৰম আৰম্ভ হয় আৰু ইয়াক প্ৰথম শ্ৰেণীৰ মহাবিদ্যালয়লৈ উন্নীত কৰা হয়।<ref>{{Cite book|title=Banglapedia: National Encyclopedia of Bangladesh|first1=Sayeda|last=Shamsunnahar|chapter-url=http://en.banglapedia.org/index.php?title=Murari_Chand_College|chapter=Murari Chand College|publisher=[[Asiatic Society of Bangladesh]]}}</ref><ref name="bpedia">{{Cite book|title=Banglapedia: National Encyclopedia of Bangladesh|first1=MKI Quayyum|last=Chowdhury|chapter-url=http://en.banglapedia.org/index.php?title=Majid,_Khan_Bahadur_Syed_Abdul|chapter=Majid, Khan Bahadur Syed Abdul|publisher=[[Asiatic Society of Bangladesh]]}}</ref>
 
১৯২১ চনত খান বাহাদুৰ আব্দুল মজিদ অসম প্ৰদেশৰ আইন সভাৰ সদস্য (Member of Law Council) হয় আৰু শিক্ষা বিভাগৰ দায়িত্ব লাভ কৰে। দায়িত্ব লাভ কৰিয়ে শিক্ষানুষ্ঠানখনৰ উৎকৰ্ষ সাধনৰ বাবে নিজকে সমৰ্পন কৰে। তেতিয়ালৈকে মহাবিদ্যালয়খন গোৱিন্দচৰণ পাৰ্কৰ বাঁহ-খাগৰিৰ ঘৰতে চলি আছিল। তাত ঠাইৰ অকুলন হোৱাত তিনিমাইল দূৰৰ থেকাৰে টিলাৰ (বৰ্তমান টিলাগড়) ১৫০ একৰৰ আহল-বহল ভূমিলৈ স্থানান্তৰ কৰা হয়। তাত ১৯২১ চনৰ ১৯ আগষ্টত অসমৰ গৱৰ্ণৰ চাৰ উইলিয়াম মৰিছে নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰে আৰু ১৯২৫ৰ ২৭ জুলাইত নতুন চৌহদ উন্মোচন কৰে।<ref name="website" />