গায়ত্ৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''গায়ত্ৰী''' ([[সংস্কৃত ভাষা|সংস্কৃত]]: गायत्री) হৈছে বৈদিক গ্ৰন্থৰ এটা জনপ্ৰিয় স্তুতিগীত “গায়ত্ৰী মন্ত্ৰ”ৰ এক ব্যক্তিকৃত ৰূপ। তেওঁক সাবিত্ৰী আৰু বেদমাতা (বেদৰ মাতৃ) বুলিও কোৱা হয়। গায়ত্ৰীক প্ৰায়ে বেদৰ সৌৰ দেৱতা সাবিত্ৰৰ সৈতেও সম্পৰ্কিত কৰা হয়। স্কন্দ পুৰাণৰ দৰে কিছুমান গ্ৰন্থৰ মতে, গায়ত্ৰী হৈছে সৰস্বতী বা তেওঁৰ ৰূপৰেই অন্য এক নাম আৰু ভগৱান ব্ৰহ্মাৰ সহধৰ্মিনী। আনহাতে, শৈৱ শাস্ত্ৰসমূহৰ মতে পাঁচটা মুৰ আৰু দহখন হাতৰ সৈতে সৰ্বোচ্চ ৰূপ ধাৰণ কৰা মহাগায়ত্ৰী হৈছে শিৱৰ সহধৰ্মিনী।
 
==উৎসৱ==
===গায়ত্ৰী জয়ন্তী===
এবাৰ মা আদিশক্তিয়ে ভেত্ৰাসুৰক হত্যা কৰিবলৈ গায়ত্ৰীৰ ৰূপ লৈছিল। সেই ঘটনাটোৰ সোঁৱৰণতেই গায়ত্ৰী জয়ন্তী উদ্‌যাপন কৰা হয়। ভাৰতৰ বিভিন্ন অঞ্চলত দুটা ভিন্ন তাৰিখত গায়ত্ৰী জয়ন্তী পালন কৰা হয়। ইয়াৰে এটা শাওণ মাহৰ পূৰ্ণিমাত আৰু আনটো জেঠ চন্দ্ৰ মাহৰ শুক্ল পক্ষৰ একাদশীত আৰু সাধাৰণতে গংগা দশেৰাৰ পিছদিনা পালন কৰা হয়।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
"https://as.wikipedia.org/wiki/গায়ত্ৰী"ৰ পৰা অনা হৈছে