দুৰ্গা পূজা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2409:4065:A:9F0F:0:0:470:A8A1 (আলোচনা)-ই কৰা 288458 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে৷ ইতিমধ্যে প্ৰবন্ধটোৰ মূৰ্তিসমূহ (দুৰ্গা) অংশত ইয়াৰ উল্লেখ আছেই৷
টেগ্‌: Undo ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
link সতী using Find link
41 নং শাৰী:
১.“শৈলপুত্ৰী” :
 
মা দুৰ্গা নিজৰ প্ৰথম স্বৰূপত “শৈলপুত্ৰী” নামেৰে জনাজাত। পৰ্ব্বত ৰাজ হিমালয়ৰ তাত পুত্ৰী ৰূপে জন্ম লোৱা বাবে এই “শৈলপুত্ৰী” নাম হৈছিল। বৃষভৰ ওপৰত স্থিতা শৈলপুত্ৰী মাতৃৰ সোঁ হাতত শূল আৰু বাওঁহাতত কমল পুষ্প সুশোভিত। ন-গৰাকী দুৰ্গাৰ মাজত এখেত হ’ল প্ৰথম দুৰ্গা। ইয়াৰ পূৰ্ব জন্মত এখেতে প্ৰজাপতি দক্ষৰ কন্যা ৰূপে জন্ম গ্ৰহণ কৰিছিল। তেতিয়া এখেতৰ নাম আছিল “সতী”।“[[সতী]]”। ভগৱান শংকৰৰ সৈতে এখেতৰ বিবাহ হৈছিল। কিন্তু প্ৰজাপতি এই বিবাহৰ সম্পূৰ্ণ বিৰোধী আছিল। এবাৰ প্ৰজা পতি দক্ষই বৰ ডাঙৰকৈ এটা যজ্ঞ অনুষ্ঠিত কৰিছিল। কিন্তু ভগৱান শংকৰক তেওঁ নিমন্ত্ৰিত নকৰিলে। পিছে সতীৰ প্ৰবল আগ্ৰহ দেখি ভগৱান শংকৰে তেওঁক পিতৃ-গৃহলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰিলে। পিতৃ-গৃহলৈ গৈ দেখিলে যে তাত প্ৰতিটো ক্ষেত্ৰত, চাৰিওপিনে ভগৱান শংকৰৰ প্ৰতি তিৰস্কাৰৰ ভাবহে পৰিপূৰ্ণ। নিজৰ স্বামী ভগৱান শংকৰৰ প্ৰতি এনে ঘোৰ অপমান তেওঁৰ অসহ্য হৈ উঠিল। তেওঁ তৎক্ষণাত তাত যোগাগ্নি প্ৰজ্বলিত কৰি নিজৰ সেই ৰূপটোকে ভস্মীভূত কৰি পেলালে। যোগাগ্নিৰে নিজ শৰীৰক ভস্মীভূত কৰাৰ পিছত সতী শৈলৰাজ হিমালয়ৰ পুত্ৰী ৰূপে পৰৱৰ্তী জন্ম গ্ৰহণ কৰিলে। তেওঁ তেতিয়া “শৈলপুত্ৰী”নামেৰে জনাজাত হ’ল। ‘পাৰ্বতী’, ‘হৈমৱতী’ও তেখেতৰে নাম। উপনিষদৰ এটি আখ্যান অনুসৰি ‘হৈমৱতী’ স্বৰূপ ধাৰণ কৰি দেৱতা সকলৰ দৰ্প চূৰ্ণ কৰিছিল। ‘শৈলপুত্ৰী’ৰ বিবাহো ভগৱান শংকৰৰ সৈতেহে হৈছিল। ন-গৰাকী দুৰ্গাৰ মাজত প্ৰথম ‘শৈলপুত্ৰী’ দুৰ্গাৰ মহিমা আৰু শক্তি অনন্ত। নৱৰাত্ৰি পূজনৰ প্ৰথম দিৱসত এই শৈলপুত্ৰীৰ পূজা আৰু উপাসনা কৰা হয়।
 
২.“ব্ৰহ্মচাৰিণী” :