সতী

বৈবাহিক সুখ আৰু দীৰ্ঘ দাম্পত্যজীৱনৰ দেৱী

সতী (সংস্কৃত: सती) হৈছে হিন্দুধৰ্মৰ বৈবাহিক সুখ আৰু দীৰ্ঘ দাম্পত্যজীৱনৰ দেৱী। হিন্দু ধৰ্মাৱলম্বী মহিলাসকলে স্বামীৰ দীৰ্ঘায়ু কামনাৰ্থে তেওঁৰ পূজা অৰ্চনা কৰে। সতী দেৱীক শিৱৰ প্ৰথম পত্নী বুলি গণ্য কৰা হয়। পাৰ্বতী, যাক সতীৰ পুনৰ জন্ম বুলি কোৱা হয়। সতীক দাক্ষায়ণী (সংস্কৃত: दाक्षायणी) নামেৰেও জনা যায়; যাৰ অৰ্থ হৈছে- “দক্ষৰ কন্যা” বা “জীয়াৰী”।

সতী
শক্তিৰ দেৱী, বৈবাহিক সুখ আৰু দীৰ্ঘ দাম্পত্যজীৱনৰ দেৱী

সতীৰ প্ৰতি শিৱৰ শোক প্ৰকাশ, ১৯শতিকাৰ কালিঘাট পেইণ্টিং
অন্য নাম দাক্ষায়ণী, দাক্ষাকন্যা
দেৱনাগৰী सती
সংস্কৃত লিপ্যন্তৰ Satī
সম্পৰ্ক দেৱী, আদি পৰাশক্তি, পাৰ্বতী
নিবাস কৈলাস
সঙ্গী শিৱ
পিতৃ-মাতৃ দক্ষ (পিতৃ), প্ৰসূতি (মাতৃ)
হিন্দু পাঠ্য পুৰাণ, কুমাৰসম্ভৱম, তন্ত্ৰ

সতীৰ বিষয়ে ৰামায়ণ আৰু মহাভাৰতত উল্লেখ থাকিলেও তেওঁৰ বিষয়ে পুৰাণসমূহতহে বিস্তাৰিতভাৱে উল্লেখ পোৱা যায়। কিংবদন্তীসকলৰ মতে, সতী প্ৰজাপতি দক্ষৰ প্ৰিয় সন্তান আছিল। ব্ৰহ্মাৰ পুত্ৰ দক্ষ বিষ্ণুভক্ত আছিল আৰু তেওঁ শিৱক সমূলি পচন্দ কৰা নাছিল; তৎস্বত্বেও সতীয়ে তেওঁৰ পিতৃ দক্ষৰ ইচ্ছাৰ বিৰূদ্ধে দেৱাদিদেৱ মহাদেৱৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। দক্ষযজ্ঞৰ সময়ত দক্ষই তেওঁৰ কন্যা সতীক অপমান কৰাৰ পিছত, সতীয়ে তেওঁৰ পিতৃৰ বিৰুদ্ধে প্ৰতিবাদ কৰে আৰু তেওঁৰ স্বামী মহাদেৱৰ সন্মান ৰক্ষাৰ্থে নিজ প্ৰাণ ত্যাগ কৰে।[1] মৃত্যুৰ পিছত তেওঁ হিমালয়ৰ গৃহত পাৰ্বতী নামেৰে জন্মগ্ৰহণ কৰে আৰু কঠোৰ তপস্যা কৰি শিৱক পতিৰূপে বৰণ কৰে। হিন্দু ধৰ্মত, সতী আৰু পাৰ্বতী দুয়োগৰাকীয়ে তপস্বী শিৱক বিচ্ছিন্নতাৰ পৰা আঁতৰাই বিশ্বৰ সৃষ্টিশীল দিশলৈ লৈ অনাত বিশেষ ভূমিকা পালন কৰে।[2]

সতীৰ এই কাহিনীয়ে হিন্দু ধৰ্মৰ শৈৱধৰ্ম আৰু শাক্তধৰ্ম নামেৰে দুটা বিশিষ্ট সম্প্ৰদায়ৰ পৰম্পৰা গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিশ্বাস কৰা হয় যে, সতীৰ মৃতদেহ ছিন্নবিছিন্নকৈ শ্ৰীবিষ্ণুৰ সুদৰ্শন চক্ৰৰে একান্নটা অংশত খণ্ডিত হয় আৰু সেই অংশ যি যি ঠাই পৰিছে সেই ঠাইত শক্তিপীঠ গঢ়ি উঠিছে। ঐতিহাসিক সতীদাহ প্ৰথা য’ত এগৰাকী হিন্দু বিধৱা নাৰীয়ে তেওঁৰ স্বামীৰ মৃত্যুৰ পিছত তেওঁৰ মৃত স্বামীৰ সৈতে চিতাত আত্মজাহ দিয়ে, এই প্ৰথাটো সতী দেৱীৰ নামেৰে নামকৰণ আৰু আৰ্হি নিৰ্ধাৰণ কৰা হয়, যদিও সতী ইয়াৰ উৎপত্তি নহয়।

ব্যুৎপত্তি

সম্পাদনা কৰক

'সতী' শব্দটোৰ অৰ্থ হৈছে 'সত্যবাদী', 'গুণৱন্ত' বা 'মহৎ'।[3][4] শব্দটো 'সৎ'ৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে 'সত্য'।[5] সতী শব্দটোৱে সেইসকল মহিলাকো বুজায়, যিসকলে সঁচা অন্তৰেৰে নিজ স্বামীৰ সেৱা শুশ্ৰূষা কৰে; যাক পতীব্ৰতা বা সাধ্বী তিৰোতা বুলি কোৱা হয়।[6] মধ্যযুগত, সমগ্ৰ উপমহাদেশত বিধৱা মহিলা জ্বলোৱাৰ (সতী) এক প্ৰথা আৰম্ভ হ’বলৈ ধৰে য’ত বিধবা মহিলাগৰাকীয়ে তেওঁৰ মৃত স্বামীৰ সৈতে নিজকে জ্বলাই আত্মজাহ দিয়ে; সেই বিধৱাসকলকো 'সতী' বুলি কোৱা হৈছিল।[7][5][8]

সতীক বিভিন্ন নামেৰে জনা যায়, আনকি এই সতী নামটো দক্ষৰ যিকোনো এগৰাকী কন্যাৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব পাৰি। ইয়াৰ আন কেইটামান নাম হৈছে- দাক্ষায়ণী, দাক্ষাকন্যা আৰু দক্ষজা।[9]

কিংবদন্তি

সম্পাদনা কৰক

জন্ম আৰু প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

প্ৰজাপতি দক্ষ সৃষ্টিকৰ্তা ব্ৰহ্মা দেৱৰ পুত্ৰ আছিল। তেওঁ মনু আৰু শতৰূপাৰ জীয়াৰী প্ৰসূতিক বিয়া কৰাইছিল। দক্ষ আৰু প্ৰসূতিৰ বহু কেইগৰাকী কন্যা আছিল তাৰ ভিতৰত সতী আছিল দক্ষৰ আটাইতকৈ কনিষ্ঠ আৰু প্ৰিয় কন্যা।[10][11][12] প্ৰসূতিক সতীৰ মাক বুলি উল্লেখ কৰিলেও ইয়াৰ বিপৰীতে শিৱ পুৰাণ, মৎস্য পুৰাণ আৰু কালিকা পুৰাণৰ দৰে গ্ৰন্থত সতীৰ মাক অসিক্নী বুলিহে উল্লেখ কৰিছে।[13][14] দেৱী ভাগৱত আৰু মহাভাগৱত পুৰাণকে আদি কৰি শাক্ত (দেৱী-অভিমুখী) গ্ৰন্থ অনুসৰি, ব্ৰহ্মাই তেওঁৰ পুত্ৰ দক্ষক মহান দেৱী আদি পৰাশক্তিক ধ্যান কৰি তেওঁক (আদি পৰাশক্তি) তেওঁলোকৰ জীয়েক (সতী) হিচাপে অৱতাৰ ল'বলৈ সৈমান কৰিবলৈ পৰামৰ্শ দিছিল। দেৱীয়ে তেওঁৰ সন্তানৰূপে অৱতাৰ ল’বলৈ সন্মত হয় যদিও চৰ্ত এটা দিয়ে যে, যদি তেওঁক দক্ষই দুৰ্ব্যৱহাৰ কৰে তেন্তে তেওঁ সেই শৰীৰটো ত্যাগ কৰিব।[15][16][17][18][19]

শিৱৰ সৈতে সম্পৰ্কিত কাহিনী আৰু কিংবদন্তীবোৰ সতীয়ে সৰুৰে পৰা ভাল পাইছিল আৰু তেওঁৰ এগৰাকী ভক্ত হিচাপে ডাঙৰ দীঘল হৈছিল। যেতিয়া সতীৰ বয়স বাঢ়ি আহে, তেতিয়া তেওঁৰ দেউতাকৰ মতে আন কাৰোবাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলগীয়া ধাৰণাটো তেওঁৰ প্ৰতি অন্যায় স্বৰূপ হৈ পৰিছিল। এইটো বিশ্বাস কৰা হয় যে, সৃষ্টিকৰ্তা ব্ৰহ্মাই শক্তিৰ অৱতাৰ সতীক শিৱৰ সৈতে বিবাহ পাশত আৱদ্ধ কৰি শিৱক সাংসাৰিক বিষয়লৈ আনিব বিচাৰিছিল৷[16][20][21]

 
হিন্দু ধৰ্মত, সতীক এগৰাকী আদৰ্শ মহিলা হিচাপে গণ্য কৰা হয়। চিত্ৰত কুবেৰ আৰু তেওঁৰ পত্নীয়ে সতীক বিবাহৰ আগতে উপহাৰ দিয়াৰ দৃশ্য অঙ্কিত কৰিছে৷[22]

সতী অতি সুন্দৰী আছিল বুলি বিশ্বাস কৰা হয় যদিও কিংবদন্তীমতে, তেওঁ তপস্যা আৰু ভক্তিৰ বলতহে তপস্যাশিৱৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল৷[23][24] কিংবদন্তী অনুসৰি, সতীয়ে তেওঁৰ দেউতাক দক্ষৰ প্ৰাসাদৰ বিলাসিতা এৰি অৰণ্যলৈ গৈ শিৱৰ উপাসনাত নিয়োজিত হৈছিল। তেওঁক শিৱ বা তেওঁৰ পৰিচাৰকসকলে প্ৰায়ে পৰীক্ষা কৰিছিল। অৱশেষত, শিৱই সতীৰ প্ৰতি সন্তুষ্ট হৈ তেওঁৰ মনকামনা পূৰণৰ অৰ্থে তেওঁক ভাৰ্যা হিচাপে গ্ৰহণ কৰিবলৈ সন্মত হয়। দক্ষৰ অনিচ্ছা স্বত্বেও ব্ৰহ্মাই পুৰোহিত হিচাপে সেৱা আগবঢ়োৱাৰ লগে লগে বিয়াখন যথাসময়ত অনুষ্ঠিত হয়। বিবাহৰ পিছত সতীয়ে কৈলাসত শিৱৰ সৈতে বিবাহিত জীৱন আৰম্ভ কৰে।[23] দক্ষই শিৱক তেওঁৰ অদ্ভুত চেহেৰা আৰু আচৰণৰ বাবে অপছন্দ কৰাৰ ফলত শিৱ আৰু দক্ষৰ মাজত উত্তেজনাৰ উদ্ভৱ হ’বলৈ ধৰে।[2][25]

অৱশ্যে কিছুমান গ্ৰন্থত ইয়াৰ বৰ্ণনা পৃথককৈ পোৱা যায়, মহাভাগৱত পুৰাণৰ সংস্কৰণ অনুসৰি, দক্ষই সতীৰ স্বয়ংবৰ (স্ব-পছন্দ অনুষ্ঠান) আয়োজন কৰে, য’ত শিৱৰ বাহিৰে সকলোকে আমন্ত্ৰণ জনোৱা হয় যেতিয়া সতীয়ে শিৱক বিচাৰি নাপায়, তেওঁ তেওঁৰ স্বামীক বাছনি কৰিবলৈ বতাহত মালাডাল দলিয়াই দিয়ে আৰু শিৱ তাত আৱিৰ্ভূত হয় আৰু মালাডাল তেওঁৰ ওপৰত পৰে, এনেদৰে তেওঁলোকৰ বিবাহ সম্পন্ন হয়।[17] অষ্টাদশ শতিকাৰ স্বথানি কথাত, যেতিয়া শিৱই বিবাহৰ বাবে সতীৰ হাত মাগে তেতিয়া দক্ষই তেওঁক অনুপযুক্ত বুলি সেই প্ৰস্তাৱ নাকচ কৰিছিল। বিষ্ণুৱে শিৱক এজন সান্যাসীৰ অপবাদ দি তেওঁক সহায় কৰিছিল আৰু এনেদৰে তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল।[note 1][25] বহুতো সংস্কৰণত যদিও দক্ষৰ বিবাহৰ ওপৰত আপত্তিৰ কথা উল্লেখ কৰা হয়, শিৱ পুৰাণত তাৰ কোনো কঠোৰ বিৰোধিতাৰ কথা উল্লেখ কৰা হোৱা নাই, যদিও বিয়াৰ পিছত তেওঁ শিৱক ঘৃণা কৰিবলৈ আৰম্ভ কৰাৰ কথা বৰ্ণিত আছে৷[25]

দক্ষ যজ্ঞ আৰু সতীৰ আত্মজাহ

সম্পাদনা কৰক
 
সতী আৰু দক্ষ মুখামুখি হৈছে৷

তেওঁৰ দেউতাকৰ বিৰুদ্ধে প্ৰতিবাদ কৰি তেওঁ কৰা আত্মজাহৰ কাহিনীটো সতীৰ সৈতে সম্পৰ্কিত আটাইতকৈ উৎকৃষ্ট কিংবদন্তি৷[11][26][27] এই ঘটনাটোৰ উল্লেখ টাইতৰীয়া সংহিতাত প্ৰথমে পোৱা যায়, পিছলৈ ইয়াৰ বিষয়ে ৰামায়ণ আৰু মহাভাৰততো দেখিবলৈ পোৱা যায়৷[28] অৱশ্যে তন্ত্ৰ সাহিত্যত, কালিদাসৰ গীতিমূলক কুমাৰসম্ভৱ, হৰিবংশ আৰু পুৰাণসমূহ ইয়াৰ বিষয়ে বিস্তাৰিত বিৱৰণ দেখা পোৱা যায়৷[29]

এইটো ঘটনাৰ এটা জনপ্ৰিয় বৰ্ণনা অনুসৰি, দক্ষই এক যজ্ঞ (অগ্নি বলিদান) আয়োজন কৰিছিল যাৰ বাবে সতী আৰু শিৱৰ বাহিৰে সকলো দেৱ-দেৱতাক আমন্ত্ৰণ জনোৱা হৈছিল৷ সতীয়ে পৰিয়ালৰ সদস্য হিচাপে তেওঁলোকক নিমন্ত্ৰণ নকৰাটো অস্বাভাৱিক বুলি ভাবিছিল আৰু তেওঁৰ আত্মীয়সকলক লগ কৰিবলৈ ইচ্ছুক হৈ পৰিছিল৷ শিৱই তেওঁক বাধা দিবলৈ চেষ্টা কৰিছিল, কিয়নো শিৱই জানিছিল যে, দক্ষই তেওঁক অপমান কৰিব; কিন্তু সতীয়ে শিৱৰ কথা সন্মত নোহোৱাত শিৱই তেওঁক গণ সেৱকসকলৰ সৈতে যাবলৈ দিয়ে৷ সতীক তেওঁৰ মাক আৰু তেওঁৰ ভগ্নীসকলে অভ্যৰ্থনা কৰিছিল, কিন্তু দক্ষই সতীৰ অনামন্ত্ৰিত আগমনৰ বাবে খং উঠে আৰু তেওঁক অপমান আৰু শিৱক উপহাস কৰিবলৈ ধৰে৷ পিছত দেউতাকৰ সৈতে সকলো সম্পৰ্ক ভাঙিবলৈ আৰু তেওঁৰ স্বামীৰ সন্মান বজাই ৰাখিবলৈ সতীয়ে আত্মজাহ দিয়ে৷[30][15][31]

শিৱই প্ৰিয় পত্নী সতীৰ বিয়োগত গভীৰভাৱে শোকাগ্ৰস্ত হৈ ভাগি পৰে আৰু ধ্বংসাত্মক তাণ্ডৱ নৃত্য কৰিবলৈ আৰম্ভ কৰে৷ য’ত তেওঁ বীৰভদ্ৰ আৰু ভদ্ৰকালী নামে দুটা হিংস্ৰ প্ৰাণীৰ সৃষ্টি কৰে; যিয়ে সতীৰ বলিদানৰ স্থানত হাহাকাৰ লগাই দিছিল৷ তাত উপস্থিত থকা প্ৰায় সকলোকে ৰাতিটোৰ ভিতৰতে কাটি পেলাই দিয়া হৈছিল; দক্ষক বীৰভদ্ৰই শিৰশ্ছেদ কৰি দিয়ে৷ সেই নিশাৰ পিছত, যিসকলক হত্যা কৰা হৈছিল, সিহঁতক শিৱই পুনৰুদ্ধাৰ কৰি পুনৰ জীৱিত কৰি তুলিছিল আৰু তেওঁলোকক তেওঁ আশীৰ্বাদ প্ৰদান কৰিছিল; যাৰবাবে শিৱক সৰ্বক্ষমাকাৰী বুলি গণ্য কৰা হয়৷ দক্ষক পুনৰুদ্ধাৰ কৰি জীৱন আৰু ৰজাপদ দুয়োটাই দিয়া হৈছিল যদিও দক্ষৰ কটা মুৰটোৰ পৰিৱৰ্তে ছাগলীৰ মুৰ লগাই দিয়া হয়৷[11][32][2]

পাৰ্বতী নামেৰে পুনৰ জনম

সম্পাদনা কৰক

সতীয়ে পাৰ্বতী নামেৰে হিমালয়ৰ ৰজা হিমৱতৰ কন্যা ৰূপে পুনৰ জন্মগ্ৰহণ কৰাৰ সময়ত হতাশাগ্ৰস্ত শিৱই তেওঁৰ তপস্বী পৃথিৱীলৈ ঘূৰি আহে৷ হিমৱত আৰু তেওঁৰ পত্নী মেনাই গভীৰ অনুভূতিৰে শিৱক প্ৰশংসা কৰিছিল আৰু সতীৰ দৰে কন্যা সন্তান পাবলৈ বিচাৰিছিল৷ পাৰ্বতীয়ে সতীৰ দৰে শিৱক তপস্যা কৰিবলৈ লয় আৰু অৱশেষত শিৱৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়৷[20][8]

  1. Further details: Vishnu advised Shiva to disguise as a sanyasi and ask for alms from Daksha. When Daksha promised to give anything, Shiva asked for Sati. During the marriage, Vishnu used his maya (illusion) to deceive Sati's parents.

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Kinsley 1998, পৃষ্ঠা. 35.
  2. 2.0 2.1 2.2 Kinsley 1998, পৃষ্ঠা. 38.
  3. (en ভাষাত) Journal of Historical Research. Department of History, Ranchi University.. 2004. https://books.google.com/books?id=7qZQAQAAMAAJ&q=Sati+means+truth. 
  4. Gandhi 1993.
  5. 5.0 5.1 Gámez-Fernández 2020, পৃষ্ঠা. 287.
  6. সংস্কৃত অসমীয়া শব্দকোষ, পৃষ্ঠা. ৩৩৫, আহৰণ কৰা হৈছে ১২ ছেপ্তেম্বৰ ২০২১}}
  7. Monier-Williams 1872, পৃষ্ঠা. 1053.
  8. 8.0 8.1 Dehejia 1999.
  9. Monier-Williams 1889.
  10. Coulter & Turner 2013.
  11. 11.0 11.1 11.2 Dalal 2014.
  12. Sinha 2020.
  13. Kramrisch 1988.
  14. Shastri 2000.
  15. 15.0 15.1 Mukhopadhyay 2018.
  16. 16.0 16.1 Mani 1975, পৃষ্ঠা. 576.
  17. 17.0 17.1 McDermott & Kripal 2003, পৃষ্ঠা. 43.
  18. Mittal & Thursby 2009, পৃষ্ঠা. 307.
  19. Viswanathan, Priya (2015-07-15). "Devi Sati - A Tale of Passion and Honour" (en ভাষাত). Dolls of India. https://www.dollsofindia.com/library/sati/। আহৰণ কৰা হৈছে: 2020-09-04. 
  20. 20.0 20.1 Kinsley 1998.
  21. Jones & Ryan 2006.
  22. Sunity Devee 1919, পৃষ্ঠা. 10-11.
  23. 23.0 23.1 Kinsley 1998, পৃষ্ঠা. 37.
  24. Michaels 2004.
  25. 25.0 25.1 25.2 Birkenholtz 2018, পৃষ্ঠা. 142.
  26. Bose 2018.
  27. Hiltebeitel 2011.
  28. Klostermaier 2014.
  29. Kinsley 1998, পৃষ্ঠা. 36-37.
  30. Mittal & Thursby 2009.
  31. Shimkhada & Herman 2009, পৃষ্ঠা. 177.
  32. Mani 1975, পৃষ্ঠা. Dakṣa.

গ্ৰন্থপঞ্জী

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক
  •   ৱিকিমিডিয়া কমন্সত সতী সম্পৰ্কীয় মিডিয়া ফাইল।