বৰগীত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
4 নং শাৰী:
| image_size = 250px
| alt =
| caption = [[বিষ্ণু প্ৰসাদ ৰাভা|কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই]] অংকন কৰা বৰগীতৰ স্ৰষ্টা [[শ্ৰীমন্ত শংকৰদেৱ|শ্ৰীমন্ত শংকৰদেৱৰ]] কল্পিত চিত্ৰ বৰগীতৰ মুল বস্তু কি ?
| bgcolor = silver
| stylistic_origins = [[ভক্তিমূলক গীত]]
| cultural_origins = [[অসম]], [[বৈষ্ণৱ ধৰ্ম|নৱ-বৈষ্ণৱ ধৰ্ম]]
| instruments = [[খোল]], [[তাল (বাদ্যযন্ত্ৰ)|তাল]]
| popularity =
| subgenrelist =
| subgenres =
| fusiongenres =
| regional_scenes = [[অসম, ভাৰত]]
| local_scenes = [[সত্ৰ]], [[নামঘৰ]]
18 নং শাৰী:
}}
{{ভাৰতৰ সংগীত}}
[[অসম]]ৰ [[নৱ-বৈষ্ণৱ ধৰ্ম]]ৰ হোতা মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]] আৰু মহাপুৰুষ শ্ৰী শ্ৰী [[মাধৱদেৱ]]ৰ দ্বাৰা ৰচিত, উচ্চ আধ্যাত্মিক ভাৱপূৰ্ণ, নিৰ্দিষ্ট ৰাগ বিশিষ্ট, এক বিশেষ শৈলীৰে গোৱা গীতসমূহকেই '''বৰগীত''' ({{lang-en|Borgeet}}) বোলা হয়হয়।<ref name="onlinesivasagar">{{cite web | url=http://onlinesivasagar.com/music/borgeet.html | title=Borgeet - Assamese Holy Songs | publisher=onlinesivasagar.com | accessdate=February 18, 2013}}</ref> বৰগীতসমূহ শ্ৰী[[কৃষ্ণ]]ৰ ভক্তিৰ ব্যাখ্যাৰে [[ব্ৰজাৱলী ভাষা]] (ব্ৰজবুলি)ত ৰচিত। মহাপুৰুষ দুজনাই তেওঁলোকে ৰচনা কৰা গীত সমূহক বৰগীত হিচাপে নামকৰণ কৰা নাছিল। পৰবৰ্তী কালত তেওঁলোকৰ শিষ্য সকলে গীতসমূহক "বৰগীত" হিচাপে নামকৰণ কৰিছিল। <ref name="xobdo">{{cite web | url=http://www.xobdo.org/asm/%E0%A6%AC%E0%A7%B0%E0%A6%97%E0%A7%80%E0%A6%A4 | title=বৰগীত | publisher=[[xobdo.org]] | accessdate=February 18, 2013}}</ref> [[বাণীকান্ত কাকতি]]য়ে ইংৰাজীত বৰগীতক ''noble numbers'', [[কালিৰাম মেধি]]য়ে ''great songs'' বা ''songs celestial'' আৰু [[দেৱেন্দ্ৰনাথ বেজবৰুৱা]]ই ''holy songs'' আখ্যা দিছে।<ref name="নেওগ">{{cite book | title=শ্ৰীশ্ৰীশঙ্কৰদেৱ | publisher=চন্দ্ৰ প্ৰকাশ | author=ড: মহেশ্বৰ নেওগ | year=১৯৮৭ | location=টিহু | pages=১২৩-১২৮}}</ref>
 
শংকৰদেৱে ৰচনা কৰা মুঠ ডেৰকুৰি (ত্ৰিশ)টা গীতৰ সংগ্ৰহ পোৱা যায়। চৰিত পুথি মতে, তেখেতে বাৰ কুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল কিন্তু দুৰ্ভাগ্যক্ৰমে বনপোৰা জুয়ে সেই বৰগীত সমূহ নষ্ট কৰে।<ref name="nilacharai">{{cite web | url=http://www.nilacharai.com/borgeet/ | title=বৰগীত আৰু বৰগীতৰ প্ৰথম মুদ্ৰণ | publisher=[[nilacharai.com]] | accessdate=February 18, 2013 | author=ড॰ নগেন শইকীয়া}}</ref> মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) গীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি (এশ আশী) মান গীতহে উপলব্ধ। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক [[অংকীয়া নাট]]ৰ গীতো সন্নিৱিষ্ট হৈ আছে।
25 নং শাৰী:
বালগোপালৰ বিভিন্ন প্ৰকাৰৰ শিশু লীলা, যেনে দুষ্টালি, খেল-ধেমালি, চৌৰ্য্য-চাতুৰি, ভেম-পেচ, গোপ কৃষ্ণৰ গোপী লীলা (যেনে - গোপীৰ লগত কৰা বিভিন্ন ক্ৰিয়া-নৃত্যাদিৰ মনোজ্ঞ আৰু আমোদজনক চিত্ৰ) গোপিনীৰ বিৰহ আৰু কৃষ্ণ প্ৰেমৰ ব্যাকুলতা, উদ্ধৱৰ বান্ধৱ কৃষ্ণৰ প্ৰতি থকা প্ৰেম আৰু ভক্তি, কৃষ্ণ-বিহীন বৃন্দাবনৰ অন্ধকাৰ চিত্ৰও গীতত অংকিত হৈছে। আন শ্ৰেণীৰ বৈষ্ণৱ সাহিত্যৰ ঐহিক ভাৱ বা চঞ্চল ভাৱ বৰগীতত নাই।<ref name="নেওগ"/>
 
কোনো কোনো বৰগীতত মানৱ জীৱনৰ নশ্বৰতা, ধন-জন, ৰূপ-যৌৱনৰ অস্থায়িত্ব, কাম-ক্ৰোধাদি ৰিপুবোৰৰ দৌৰাত্ম আনহাতে ভক্তিৰ মাহাত্ম্য, মুক্তিৰ বাবে ভক্তৰ ভগৱানৰ চৰণত আত্মসমৰ্পণ আদি পাৰমাৰ্থিক তত্ত্বও বৰ্ণিত হৈছে।
 
==ৰচনাকাল==
মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]] ৰচনা কৰা প্ৰথমটো বৰগীত ''মন মেৰি ৰাম চৰণহি লাগু''ৰ ৰচনা কাল প্ৰায় ১৫১৫ খৃঃ। সেয়া আছিল গুৰুজনাৰ প্ৰথম তীৰ্থ ভ্ৰমণৰ সময়। [[ধনশ্ৰী]] [[ৰাগ]] ভিত্তিক এই গীতৰ ৰচনাৰ স্থান বদৰিকাশ্ৰম বুলি অনুমেয়। বদৰিকা আশ্ৰমত গুৰুজন থাকোঁতে ঘটা এটা ঘটনাৰ উল্লেখ গুৰু চৰিতত পোৱা যায়। ‘’..গৈ“…গৈ বদৰিকাশ্ৰমে উঠি উদ্ধৱক দৰশন হৈছেগৈ। তাত দক্ষিণ বাহুত বাঢ়িছে মাংস। সৰ্ব্বজয় আতৈ বোলে, কিবা হব হে। গুৰু বোলে আমাৰ সখা ইষ্ট এজন পুৰুষ মাধৱ নামে জন্মিছে।জন্মিছে।” ’’…ইয়াৰ…ইয়াৰ পৰা এইটো অনুমেয় যে গুৰুজনাৰ প্ৰথম বৰগীত ৰচনাৰ কাল, মাধৱ পুৰুষৰ জন্মৰ প্ৰায় সমসাময়িক। {{citation needed}}
 
==সংগীত শৈলী==
[[File:Alo Moi.ogg|thumb|left|বৰগীত: "আলো ম‍ই কি কহবো দুখ"<br> ৰাগ: ''ভটিয়ালী'', ৰচয়িতা: [[মাধৱদেৱ]]<br>শিল্পী : [[অশ্বিনী ভিড়ে-দেশপাণ্ডে]]]]
মহাপুৰুষ দুজনাৰ দ্বাৰা ৰচিত এই ভক্তি গীতসমূহ [[হিন্দুস্তানী শাস্ত্ৰীয় সংগীত|ভাৰতীয় শাস্ত্ৰীয় সংগীত]]ৰ অসমত প্ৰচলিত এটা স্বকীয় ধাৰা। ভাৰতৰ আন শাস্ত্ৰীয় সংগীতৰ দৰেই এই গীতসমূহ, [[কেদাৰ]], [[ধনশ্ৰী]], [[সিন্ধুৰা]] আদি বিভিন্ন ৰাগ ভিত্তিক। কোনো বাদ্যযন্ত্ৰৰ আৱশ্যক নহ'লেও সাধাৰণতে এই গীতসমূহৰ পৰিৱেশনত [[খোল]], [[তাল]] আৰু [[বাঁহী]]ৰ প্ৰয়োগ কৰা হয়।
 
গুৰুজনাৰ 'ষড়চন্দৰ[[ষড়ছন্দৰ গীত]]' বোলা তিনিটা গীতৰ বাহিৰে বাকীবোৰ বৰগীতত তালৰ উল্লেখ নাই।<ref name="নেওগ"/>
 
==বৈশিষ্ট্য==
আন বৈষ্ণৱ সাহিত্যিকৰ গীত বা গুৰু দুজনাৰে আন কিছুমান গীতক বৰগীত বুলি ধৰা নহয়। ড:ড॰ মহেশ্বৰ নেওগে বৰগীতৰ এই বৈশিষ্ট্যসমূহ এনেদৰে আঙুলিয়াই দিছে:<ref name="নেওগ"/>-
#* বৰগীতৰ ভাষা অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণত গঢ়ি তোলাতোলা। |[[ব্ৰজাৱলী ব্ৰজবুলি ভাষাতভাষা]]ত এই গীতসমূহ ৰচনা কৰা হৈছিল।
#* বিষয়বস্তুৰ সংৰক্ষণশীলতা বা সংযম।
#* বৰগীতসমূহৰ সুৰ উদ্দেশ্য আৰু উপলক্ষ্য অনুসৰি শংকৰদেৱ আৰু মাধৱদেৱে সংযোগ কৰি গৈছে।
#* চৈধ্য প্ৰসঙ্গৰ পৰিক্ৰমাত বৰগীতৰ স্থান, যেনে- পুৱাৰ প্ৰসঙ্গৰ আৰম্ভণিতে বৰগীতৰ তুতি, তাৰ পিছতহে ভটিমা, কীৰ্তন আদি গোৱা হয়।
#* বৰগীতৰ সীমাৱদ্ধ পবিত্ৰতা। সত্ৰ আৰু পন্থা ভেদে [[ৰামচৰণ ঠাকুৰ]], [[গোপাল আতা]], [[দৈত্যাৰি ঠাকুৰ]], [[নাৰায়ণ ঠাকুৰ আতা]], [[পুৰোষোত্তম ঠাকুৰ]] আদিয়ে ৰচনা কৰা গীতকো 'বৰগীত' বুলি ধৰা হয় আৰু প্ৰসঙ্গত ব্যৱহাৰ কৰা হয়। কিন্তু আন সত্ৰ বা পন্থাই এয়া মানি নলয়।
 
==লগতে চাওক==
77 নং শাৰী:
}}
* {{Citation
| last = Sarma
| first = Satyendra Nath
| year = 1976
| title = Assamese Literature
| place = Wiesbaden
| publisher = Harrassowitz
| id = }}
{{refend}}
 
==বাহ্যিক সংযোগ==
{{wikisource|বৰগীত|position=left}}
* [http://sankaradeva.com/blogs/29 DHRUPADI ELEMENTS OF BORGEET]
* [http://www.atributetosankaradeva.org/bargit.htm Bõrgīt - The Crown Pearls of Music]
* [http://onlinesivasagar.com/music/borgeet.html Borgeet - Assamese Holy Songs]
* [http://www.nilacharai.com/borgeet/ nilacharai.com]
"https://as.wikipedia.org/wiki/বৰগীত"ৰ পৰা অনা হৈছে