লক্ষ্মীনাথ দাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
33 নং শাৰী:
১৯১৭ চনত লক্ষ্মীনাথ দাসে কটন মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে৷ অৱশ্যে দেশজুৰি আৰম্ভ হোৱা স্বাধীনতা সংগ্ৰামত তেখেতে অংশগ্ৰহণ কৰাৰ বাবে অধ্যাপনাৰ জীৱন স্থায়ী নহ'ল৷ ১৯২১ চনত তেখেতে চাকৰি ত্যাগ কৰি [[অসহযোগ আন্দোলন]]ত নামি পৰে৷ আন্দোলন শাম কটাত পুনৰ ১৯২৩ চনত তেখেতে চাকৰি কৰিবলৈ মন মেলে৷
===গুৱাহাটী পানী যোগান প্ৰকল্পৰ অধীক্ষক===
লক্ষ্মীনাথ দাহেদাসে কটন কলেজত পুনৰ যোগদান কৰাৰ সুযোগ পাইছিল যদিও গুৱাহাটীত পোনপ্ৰথমবাৰৰ বাবে স্থাপন কৰিবলৈ ওলোৱা ৰাজহুৱা পানী যোগান প্ৰকল্পইহে তেখেতৰ মন আকৰ্ষণ কৰে৷ ব্ৰিটিছ চৰকাৰে এটা জাৰ্মান কোম্পানীৰ সহযোগিতাত অসমৰ গুৱাহাটীত প্ৰথমটো পানীকল স্থাপন কৰিবলৈ ওলায়৷ ইয়াৰ বাবে তেওঁলোকক এজন অধীক্ষক (ছুপাৰিণ্টেণ্ডেণ্ট)ৰ প্ৰয়োজন হয়৷ শেষত কেইবাগৰাকীও অনা-অসমীয়া অভিযন্তাৰ প্ৰাৰ্থিত্বৰ মাজৰ পৰা লক্ষ্মীনাথ দাসক নিৰ্বাচিত কৰা হয়৷ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈয়ে তেখেতেক পানী যোগান ব্যৱস্থাৰ পদটো প্ৰদান কৰাত আগভাগ লৈছিল৷ উল্লেখ্য যে, ১৯৬৭ চনলৈকে লক্ষ্মীনাথ দাস উক্ত পদত অধিষ্ঠিত হৈ থাকে৷ <ref name="লক্ষ্মীনাথ" />
 
===উদ্ভাৱক হিচাপে===
গুৱাহাটী চহৰৰ উজান বজাৰৰ দক্ষিণ-পশ্চিম কোণতেই লক্ষ্মীনাথ দাসৰ বাসগৃহটো আছিল৷ এই বাসগৃহটোৱেই আছিল তেখেতৰ পৰীক্ষাগাৰ বা লেব'ৰেটৰি৷ তেখেতে ''ইণ্ডাষ্ট্ৰিয়েল এণ্ড কেমিকেল পায়'নিয়াৰ্ছ'' নামৰ প্ৰতিষ্ঠানটো খুলি তাতেই চিঞাহী, ঔষধ, চাবোন, তেল, প্ৰসাধন আদি বস্তুৰ উৎপাদন কৰিছিল৷ লক্ষ্মীনাথ দাসৰ দুটামান উদ্ভাৱন<ref name="লক্ষ্মীনাথ" /> তলত উল্লেখ কৰা হ'ল-<br />