লক্ষ্মীনাথ দাস
লক্ষ্মীনাথ দাস (ইংৰাজী: Laxminath Das) আছিল এগৰাকী অসমীয়া বিজ্ঞানী, উদ্যোগী, উদ্ভাৱক আৰু অধ্যাপক। কুৰি শতিকাৰ সময়ছোৱাত অসমত বিজ্ঞান জনপ্ৰিয় কৰাত লক্ষ্মীনাথ দাসে মূল্যৱান ভূমিকা গ্ৰহণ কৰিছিল। গুৱাহাটীত প্ৰথমবাৰৰ বাবে স্থাপিত হোৱা পানী যোগান ব্যৱস্থাৰ পৰা আৰম্ভ কৰি স্বদেশী আন্দোলনৰ সময়ত লক্ষ্মী যঁতৰৰ বিকাশ সাধন কৰালৈকে লক্ষ্মীনাথ দাসে সক্ৰিয়ভাৱে অৰিহণা যোগাই থৈ গৈছে। তেখেতে মহাত্মা গান্ধীৰ নীতি-আদৰ্শ মানি চলিছিল। তেখেতে কটন মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে চাকৰি জীৱন আৰম্ভ কৰিছিল।
লক্ষ্মীনাথ দাস | |
---|---|
লক্ষ্মীনাথ দাস | |
জন্ম | ১৫ মে', ১৮৯৩ তেজপুৰ, শোণিতপুৰ, অসম, ভাৰত |
মৃত্যু | ১৩ ফেব্ৰুৱাৰী, ১৯৬৯ (৭৫ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰত |
শিক্ষানুষ্ঠান | |
পেচা |
|
জনা যায় |
|
দাম্পত্যসঙ্গী | অন্নবালা বৰুৱা |
পিতৃ-মাতৃ | পিতৃ-ভোলানাথ দাস |
বাৰ বছৰ বয়সতে এটা বিজ্ঞানভিত্তিক কবিতা লিখা লক্ষ্মীনাথ দাস পৰৱৰ্তী সময়ত অসমৰ ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ পঞ্চবিংশ অধিৱেশনৰ বিজ্ঞান সন্মিলনত সভাপতিৰ পদত অধিষ্ঠিত হয়। তেখেতে অসমীয়া টাইপ ৰাইটাৰ যন্ত্ৰ উদ্ভাৱন কৰিবলৈও প্ৰচেষ্টা চলাইছিল। ইয়াৰ লগতে অনাতাঁৰ গ্ৰাহক যন্ত্ৰ, এন্দুৰ নিয়ন্ত্ৰণ কৰাৰ কৌশল, যন্ত্ৰ-চালিত নাও, ৰেডিঅ', দূৰবীণ আদিৰো নিৰ্মাণ কৰিছিল।
অসমৰ প্ৰথমখন কথাছবি জয়মতীৰ দৃশ্যসজ্জা সম্পৰ্কে কেতবোৰ কাৰিকৰী দিহা-পৰামৰ্শ লক্ষ্মীনাথ দাসে জ্যোতিপ্ৰসাদ আগৰৱালাক প্ৰদান কৰিছিল। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত তেখেতৰ ব্যুৎপত্তি দেখি একাংশই লক্ষ্মীনাথ দাসক "অসমৰ ফাৰাডে" বুলি অভিহিত কৰে৷ [1]
জন্ম আৰু শিক্ষা
সম্পাদনা কৰক১৮৯৩ চনৰ ১৫ মে' তাৰিখে অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰত লক্ষ্মীনাথ দাসৰ জন্ম হৈছিল৷ অৱশ্যে তেখেতৰ জীৱনৰ পৰৱৰ্তী অংশ অতিবাহিত হয় গুৱাহাটীত৷ লক্ষ্মীনাথ দাসৰ পিতৃ হৈছে ভোলানাথ দাস৷ ভোলানাথ দাসে সীতাহৰণ কাব্য, চিন্তা তৰংগিনী আদি লিখিছিল৷
১৯১১ চনত তেখেত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ ইয়াৰ বাবে তেখেতে জলপানি লাভ কৰে৷ কটন মহাবিদ্যালয়ত নামভৰ্তি কৰি ১৯১৩ চনত লক্ষ্মীনাথ দাসে আই এছ চি পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰতে গণিতত সৰ্বোচ্চ নম্বৰ লাভ কৰে৷ তেখেতে 'ডাফ' বৃত্তি পায়৷ ১৯১৫ চনত তেখেতে পদাৰ্থ বিজ্ঞানত অনাৰ্ছসহ সোণৰ পদক লাভ কৰি বি এছ ছি ডিগ্ৰী অৰ্জন কৰে৷ পৰৱৰ্তী সময়ত একেটা বিষয়তে তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদকসহ এম এচ ছি ডিগ্ৰী লাভ কৰে৷ [1]
কৰ্মজীৱন
সম্পাদনা কৰকঅধ্যাপক
সম্পাদনা কৰক১৯১৭ চনত লক্ষ্মীনাথ দাসে কটন মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে৷ অৱশ্যে দেশজুৰি আৰম্ভ হোৱা স্বাধীনতা সংগ্ৰামত তেখেতে অংশগ্ৰহণ কৰাৰ বাবে অধ্যাপনাৰ জীৱন স্থায়ী নহ'ল৷ ১৯২১ চনত তেখেতে চাকৰি ত্যাগ কৰি অসহযোগ আন্দোলনত নামি পৰে৷ আন্দোলন শাম কটাত পুনৰ ১৯২৩ চনত তেখেতে চাকৰি কৰিবলৈ মন মেলে৷
গুৱাহাটী পানী যোগান প্ৰকল্পৰ অধীক্ষক
সম্পাদনা কৰকলক্ষ্মীনাথ দাসে কটন কলেজত পুনৰ যোগদান কৰাৰ সুযোগ পাইছিল যদিও গুৱাহাটীত পোনপ্ৰথমবাৰৰ বাবে স্থাপন কৰিবলৈ ওলোৱা ৰাজহুৱা পানী যোগান প্ৰকল্পইহে তেখেতৰ মন আকৰ্ষণ কৰে৷ ব্ৰিটিছ চৰকাৰে এটা জাৰ্মান কোম্পানীৰ সহযোগিতাত অসমৰ গুৱাহাটীত প্ৰথমটো পানীকল স্থাপন কৰিবলৈ ওলায়৷ ইয়াৰ বাবে তেওঁলোকক এজন অধীক্ষক (ছুপাৰিণ্টেণ্ডেণ্ট)ৰ প্ৰয়োজন হয়৷ শেষত কেইবাগৰাকীও অনা-অসমীয়া অভিযন্তাৰ প্ৰাৰ্থিত্বৰ মাজৰ পৰা লক্ষ্মীনাথ দাসক নিৰ্বাচিত কৰা হয়৷ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈয়ে তেখেতেক পানী যোগান ব্যৱস্থাৰ পদটো প্ৰদান কৰাত আগভাগ লৈছিল৷ উল্লেখ্য যে, ১৯৬৭ চনলৈকে লক্ষ্মীনাথ দাস উক্ত পদত অধিষ্ঠিত হৈ থাকে৷ [1]
উদ্ভাৱক হিচাপে
সম্পাদনা কৰকগুৱাহাটী চহৰৰ উজান বজাৰৰ দক্ষিণ-পশ্চিম কোণতেই লক্ষ্মীনাথ দাসৰ বাসগৃহটো আছিল৷ এই বাসগৃহটোৱেই আছিল তেখেতৰ পৰীক্ষাগাৰ বা লেব'ৰেটৰি৷ তেখেতে ইণ্ডাষ্ট্ৰিয়েল এণ্ড কেমিকেল পায়'নিয়াৰ্ছ নামৰ প্ৰতিষ্ঠানটো খুলি তাতেই চিঞাহী, ঔষধ, চাবোন, তেল, প্ৰসাধন আদি বস্তুৰ উৎপাদন কৰিছিল৷ লক্ষ্মীনাথ দাসৰ দুটামান উদ্ভাৱন[1] তলত উল্লেখ কৰা হ'ল-
- ছাত্ৰাৱস্থাতেই লক্ষ্মীনাথ দাসে এখন যন্ত্ৰ-চালিত নাও নিৰ্মাণ কৰিছিল৷ নাওখনৰ সহায়ত তেখেতে ব্ৰহ্মপুত্ৰ পাৰ হৈ দেখুৱাইছিল৷
- নিজৰ কোঠাৰে বেৰত যন্ত্ৰপাতি সহায়ত লক্ষ্মীনাথ দাসে এটি অনাঁতাৰ গ্ৰাহক যন্ত্ৰ সাজি উলিয়ায়৷ অঞ্চলটোৰ ৰাইজে সেইটো ৰেডিঅ'তে বিশ্বযুদ্ধকে ধৰি দেশ-বিদেশৰ খবৰ লাভ কৰিছিল৷
- জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি আগ্ৰহ থকা লক্ষ্মীনাথ দাসে নিজে হাতেৰে এটা শক্তিশালী দূৰবীণ সাজি উলিয়াইছিল৷ ইয়াৰ জৰিয়তে তেখেতে আকাশ নিৰীক্ষণ কৰিছিল৷
- অসমীয়া টাইপৰাইটাৰ যন্ত্ৰ উদ্ভাৱন কৰিবলৈও যত্নৱান হোৱা লক্ষ্মীনাথ দাসে কেশৱকান্ত বৰুৱাৰ সহযোগত বৰদাস লিপি (বৰুৱা+দাস) নামেৰে এবিধ নতুন ঠাঁচৰ অসমীয়া লিপি সৃষ্টি কৰিবলে প্ৰয়াস কৰিছিল৷
- স্বদেশী আন্দোলনৰ সময়ছোৱাত লক্ষ্মীনাথ দাসে লক্ষ্মী যঁতৰ নামেৰে এবিধ যঁতৰ নিৰ্মাণ কৰে৷ গাঁৱে-ভূঁয়ে জনপ্ৰিয় হোৱা এই যঁতৰটোৰ উদ্ভাৱন কৰাৰ বাবে গৌৰীপুৰৰ ৰজাই তেখেতক সোণৰ পদকেৰে সন্মান জনাইছিল৷
- ঘৰুৱা উদ্যোগত লক্ষ্মীনাথ দাসে নেত্ৰকল্যাণ, নিউছিল, আইছিপিন আদিৰ দৰে ঔষধ প্ৰস্তুত কৰিছিল৷ ঔষধবোৰ তেখেতে নিজৰ দেহত প্ৰয়োগ কৰি চাইছিল৷ নিউছিল নামৰ ঔষধটো কটা-ছিঙাত লগাব পৰা গৈছিল৷
- ফাঁচী বজাৰত নিগনিৰ উপদ্ৰৱ বৃদ্ধি পোৱাত লক্ষ্মীনাথ দাসে এবিধ বিশেষ কৌশল খটুৱাই নিগনি নিয়ন্ত্ৰণ কৰাৰ দিহা কৰিছিল৷ [1]
সাহিত্যিক আৰু অন্যান্য কৰ্ম
সম্পাদনা কৰকলক্ষ্মীনাথ দাসে বাৰ বছৰ বয়সতে এটি বিজ্ঞানভিত্তিক কবিতা ৰচনা কৰিছিল৷ কবিতাটো পঢ়ি উঠি পিতৃ ভোলানাথ দাসে মন্তব্য কৰিছিল-"তই দেখোন সাহিত্যত এই সোপা বিজ্ঞানৰ কথাহে লিখিলি৷ বিজ্ঞানহে তোৰ অধিক প্ৰিয় হ'ব যেন পাওঁ৷ দুয়োকো নেৰিবি৷ পাৰিলে দুয়োটাৰে সমন্বয় ঘটাবি৷"
১৯১৬ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা 'অসম ছাত্ৰ সন্মিলন'ৰ সভাত লক্ষ্মীনাথ দাসে 'কম্পন' নামৰ জনপ্ৰিয় বিজ্ঞানৰ এটি সুদীৰ্ঘ প্ৰবন্ধ পাঠ কৰিছিল৷ ১৯৫৬ চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ পঞ্চবিংশ অধিৱেশনৰ বিজ্ঞান সন্মিলনৰ সভাপতিৰ পদো তেখেতে অলংকৃত কৰে৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত জয়মতী কথাছবিৰ দৃশ্যসজ্জা সন্দৰ্ভত তেখেতে পৰামৰ্শ দিছিল৷ তেখেতে ৰাজদৰবাৰত কলগছ ব্যৱহাৰৰ পৰামৰ্শ দিছিল যদিও জ্যোতিপ্ৰসাদে সেই পৰামৰ্শ মনা নাছিল৷ ইয়াৰ বাবে দৰ্শকৰ চকুত কলগছবোৰ সহজে ধৰা পৰিছিল৷ লক্ষ্মীনাথ দাসে যুক্তি দৰ্শাইছিল যে, কেমেৰাৰ সমুখত কলগছ ব্যৱহাৰ কৰিলে মঞ্চসদৃশ মায়া সৃষ্টি কৰিব পৰা নাযাব৷ [1]
ব্যক্তিগত জীৱন
সম্পাদনা কৰকউত্তৰ গুৱাহাটীৰ হেমচন্দ্ৰ বৰুৱাৰ কন্যা অন্নবালা বৰুৱাৰ সৈতে ১৯১৯ চনত লক্ষ্মীনাথ দাসে যুগ্মজীৱন আৰম্ভ কৰে৷[1] লক্ষ্মীনাথ দাসৰ কেইগৰাকীমান বিশিষ্ট বন্ধু হৈছে-সংগীতজ্ঞ-কবি উমেশ চন্দ্ৰ চৌধুৰী, প্ৰত্নতত্ত্ববিদ ৰাজমোহন নাথ, 'জয়ন্তী'ৰ সম্পাদক গিৰীশ চন্দ্ৰ বৰুৱা, আৰু সাংবাদিক হৰেন্দ্ৰনাথ বৰুৱা৷ অতুল চন্দ্ৰ হাজৰিকাই এওঁলোকৰ পাঁচজনীয়া বন্ধুমহলটোক 'স্মৃতিৰ পাপৰি'ত গুৱাহাটীৰ পঞ্চপাণ্ডৱ বুলি আখ্যায়িত কৰিছিল৷
মৃত্যু
সম্পাদনা কৰক১৯৬৯ চনৰ ১৩ ফেব্ৰুৱাৰি তাৰিখে লক্ষ্মীনাথ দাসৰ দেহাৱসান ঘটে৷[1]