শংকুৰাজ কোঁৱৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

28 নং শাৰী:
শংকুৰাজ কোঁৱৰৰ পিতৃ আৰ‍‍ক্ষী বিভাগত কৰ্মৰত হোৱাৰ বাবে তেওঁ সৰুকালত অসমৰ বিভিন্ন স্থানত থাকিবলগা হৈছিল। ১৯৯৫ চনত তেওঁলোক স্থায়ীভাৱে [[যোৰহাট]]লৈ আহে আৰু তাতেই তেওঁ শিক্ষা-জীৱন আৰম্ভ কৰে। তেঁওৰ ঘৰত সৰুৰে পৰা সাংস্কৃতিক পৰিৱেশ বিৰাজ কৰিছিল, যদিও তেওঁ শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লোৱা নাছিল। সৰুকালত তেওঁ [[ড° ভূপেন হাজৰিকা|ড॰ ভূপেন হাজৰিকা]], [[জয়ন্ত হাজৰিকা]], [[পাৰ্বতী প্ৰসাদ বৰুৱা]], [[লোকনাথ গোস্বামী]] আদি গায়কৰ গান শুনি সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিল। অসমীয়াৰ উপৰিও তেওঁ পশ্চিমীয়া সংগীতৰ প্ৰতিও যথেষ্ট আকৃষ্ট হৈছিল।
 
যোৰহাটত শিক্ষা-জীৱন আৰম্ভ কৰি তেওঁ [[ডিব্ৰুগড়]]ৰ ছল্ট ব্ৰুক একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সামাপ্ত কৰে আৰু তাৰ পাছত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত ভৰ্তি হয়। ইঞ্জিনিয়াৰিঙৰইঞ্জিনীয়াৰিঙৰ শিক্ষা সমাপ্ত কৰি তেওঁ চাকৰিৰ বাবে [[মেঘালয়|মেঘালয়]]লৈ যায়। মেঘালয়ত প্ৰায় দুবছৰ কটোৱাৰ পাছত তেওঁ [[মুম্বাই]]লৈ যায় আৰু পুনৰ শিক্ষাগ্ৰহণ বাবে [[টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েঞ্চেছ]]ত নামভৰ্তি কৰি মিডিয়া আৰু সাংস্কৃতিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে পঢ়ি থকা সময়তেই তেওঁ নিজৰ প্ৰথমটি গীত মুকলি কৰে আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত সংগীত পৰিৱেশন কৰাৰ নিমন্ত্ৰণ পাবলৈ ধৰে। তেনেদৰেই তেওঁ পেছাদাৰী সংগীত জগতখনত ভৰি দিয়ে।
 
==কৰ্মজীৱন==