২৪ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
10 নং শাৰী:
* ১৯২৪ - '''[[মহম্মদ ৰফি]]''', এগৰাকী ভাৰতীয় নেপথ্য গায়ক আৰু সংগীতজ্ঞ আছিল। তেওঁক ভাৰতীয় উপ-মহাদেশৰ অন্যতম মহান আৰু প্ৰভাৱশালী গায়ক হিচাপে গণ্য কৰা হয়। ৰফি তেওঁৰ বহুমুখী প্ৰতিভা আৰু কণ্ঠস্বৰৰ পৰিসৰৰ বাবে উল্লেখযোগ্য আছিল। তেওঁৰ কণ্ঠদান কৰা গীতবোৰ দেশপ্ৰেমমূলক, বিষাদৰ পৰা অত্যন্ত ৰোমান্টিক গীত, কাৱালীৰ পৰা গজল আৰু ভজনৰ পৰা শাস্ত্ৰীয় গীতলৈকে বিভিন্ন আছিল। চলচ্চিত্ৰ এখনৰ পৰ্দাত গীতটো লিপ-চিংক কৰা অভিনেতাজনৰ ব্যক্তিত্ব আৰু শৈলীত কণ্ঠ দান কৰাৰ ক্ষমতাৰ বাবে তেওঁ জনাজাত আছিল। তেওঁ ছয়টাকৈ '''[[ফিল্মফেয়াৰ বঁটা]]''' আৰু এটা '''[[ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা]]''' লাভ কৰে। ১৯৬৭ চনত তেওঁক ভাৰত চৰকাৰে '''[[পদ্মশ্ৰী]]''' বঁটাৰে সন্মানিত কৰে। ২০০১ চনত হিৰো হোণ্ডা আৰু ষ্টাৰডাষ্ট আলোচনীৰ দ্বাৰা ৰফিক '''সহস্ৰাব্দৰ শ্ৰেষ্ঠ গায়ক''' উপাধিৰে সন্মানিত কৰা হয়। ২০১৩ চনত, '''ৰফিক চিএনএন-আইবিএনৰ জৰীপত হিন্দী চিনেমাৰ সৰ্বশ্ৰেষ্ঠ কণ্ঠৰ বাবে ভোট দিয়া হৈছিল'''। মৃত্যু [[৩১ জুলাই]], ১৯৮০।
* ১৯৩৮ - '''[[সুপ্ৰভা দেৱী]]''', '''অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালিকা'''। '''[[গুৱাহাটী]]'''ৰ বেলতলা ৰাজপৰিয়ালৰ স্বৰ্গীয় '''[[দ্বিজেন্দ্ৰ নাৰায়ণ দেৱ]]'''ৰ সৈতে বিবাহৰ পিছত তেওঁ কেইবাখনো চুপাৰহিট বাণিজ্যিক অসমীয়া চলচ্চিত্ৰৰ প্ৰযোজনা আৰু বিতৰণত তেওঁৰ স্বামীৰ সৈতে জড়িত আছিল। অসমীয়া চলচ্চিত্ৰ যোগ-বিয়োগ(১৯৭০), তৰামাই(১৯৭২), মৰমী(১৯৭৬), ৰাংঢালী(১৯৭৯) আৰু নয়নমণি (১৯৮৪) পৰিচালনাৰে তেওঁ প্ৰথম অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালক হিচাপে পৰিগণিত হয়। অসমীয়া চলচ্চিত্ৰৰ প্ৰতি তেওঁৰ এই অৱদানৰ বাবে ১৯৮৫ চনত অসম চৰকাৰে সন্মানীয় '''শিল্পী দিৱস বঁটা''' প্ৰদান কৰে। মৃত্যু [[১৪ জুন]], ২০১১।
* ১৯৪২ - '''[[ইন্দ্ৰ বণিয়া]]''', অসম তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা। জাহ্নু বৰুৱা পৰিচালিত '''[[হালধীয়া চৰাইয়ে বাওধান খায়]]'''ত তেওঁৰ আকৰ্ষণীয় অভিনয়ৰ জড়িয়তে তেওঁ ১৯৮৮ চনত লোকাৰ্নো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়। বষ্টন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰা চুটি ছবি ফ্ৰীডম এট দ্য এজত বণিয়াই ৫৪ বছৰ ধৰি বিচাৰ নোহোৱাকৈ কাৰাবাস খাটি থকা মাচাং লালুঙকো চৰিত্ৰত সুন্দৰভাৱে ৰূপায়ন কৰিছিল। এগৰাকী দক্ষ ৰেডিঅ' শিল্পী হিচাপে ৰেডিঅ'ৰ নাটক '''গোবৰ্ধন চৰিত'''ত গোবৰৰ চৰিত্ৰত কৰা অভিনয় আজিলৈকে শ্ৰোতাসকলৰ মাজত জনপ্ৰিয় হৈ আছে। '''[[পুলক গগৈ]]''' পৰিচালিত ছবি '''খোজ'''ৰ জড়িয়তে চলচ্চিত্ৰ জগতত পদাৰ্পন কৰা বণিয়াই ৪০খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল। অসমীয়া চলচ্চিত্ৰ আৰু থিয়েটাৰলৈ অপৰিসীম অৱদানৰ স্বীকৃতি স্বৰূপে ২০১০ চনত অসম চৰকাৰে তেওঁক '''[[নটসূৰ্য ফণী শৰ্মা বঁটা]]''' প্ৰদান কৰে। মৃত্যু [[২৬ মাৰ্চ]], ২০১৫।
* ১৯৪২ - [[ইন্দ্ৰ বণিয়া]], অসমৰ অভিনেতা।
* ১৯৫৬ - '''[[অনিল কাপুৰ]]''', এগৰাকী ভাৰতীয় অভিনেতা আৰু প্ৰযোজক।
* ১৯৭৩ - [[ষ্টিফেনি মেয়াৰ]], আমেৰিকান ঔপন্যাসিক তথা প্ৰযোজক।
* ১৯৯৭ - [[নীৰজ চোপ্ৰা]], ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড খেলুৱৈ আৰু ভাৰতীয় সেনাৰ এগৰাকী জুনিয়ৰ কমিছণ্ড বিষয়া।