হেমকোষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

25 নং শাৰী:
'''হেমচন্দ্ৰ বৰুৱা''' ({{lang-en|Hemchandra Barua}}) (১৮৩৫-১৮৯৬) [[অসমীয়া ভাষা]]-[[অসমীয় সাহিত্য|সাহিত্য]]ৰ এজন একনিষ্ঠ সেৱক আছিল।<ref>http://onlinesivasagar.com/literature/hemchandra-barua.html অনলাইন শিৱসাগৰ ৱেবছাইটত উল্লিখিত তথ্য</ref> তেওঁক '''অসমীয়া ভাষাৰ ওজা''' নামেৰে সম্বোধিত কৰা হৈছিল। ১৮৩৫ চনৰ ১০ ডিচেম্বৰত [[অসম]]ৰ [[যোৰহাট জিলা]]ৰ ৰজা-বাহৰ গাঁৱত হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল ''মুক্তাৰাম বৰুৱা'' আৰু মাতৃৰ নাম আছিল ''ৰূপহী দেৱী''।<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)">{{cite book | title=ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা | author=গগণ চন্দ্ৰ অধিকাৰী | year=১০ ডিচেম্বৰ, ২০১১ (শণিবাৰ) | pages=৪}}</ref>
==প্ৰস্তুতি পৰ্ব==
হেমকোষ অভিধান প্ৰস্তুত কালত প্ৰণেতা হেমচন্দ্ৰ বৰুৱাই নানা অসুবিধাৰ সম্মুখীন হ’বলগীয়াত পৰিছিল৷ হেমচন্দ্ৰ বৰুৱাই শ্ৰীৰামপুৰীয়া কাগজৰ দুই-তিনিখন বহীত গোটেই অভিধানখন লিখিছিল৷ আজিকালিৰ ফুলস্কেপ কাগজতকৈ শ্ৰীৰামপুৰীয়া কাগজৰ আকাৰ ডাঙৰ আছিল৷ য’ত বৰুৱা শুইছিল, সেই কোঠাৰ মেজতে বহীকেইখন ৰাখিছিল আৰু যেতিয়াই মনত পৰিছিল, তেতিয়াই তেওঁ, আনকি ৰাতি শোৱাৰ পৰা উঠিও তেওঁ শব্দ মনত পৰিলে লিখি ৰাখিছিল৷ অফিচত কাম কৰি থাকোঁতেও তেওঁ কোনো শব্দৰ কথা মনলৈ আহিলে টুকি থৈ ঘৰলৈ আহি পোনতে তাক বহীত সন্নিৱিষ্ট কৰিছিল৷ এনে কৰোঁতে বহুত কটাকুটা হৈছিল আৰু ওপৰাওপৰিকৈয়ো লিখা হৈছিল৷ লিখা প্ৰায় শেষ হৈছিল যদিও সেই সময়ত অসমত অভিধান ছপাব পৰা ছপাশাল নাছিল আৰু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ কলিকতালৈ যাবও পৰা নাছিল৷ হেমকোষ প্ৰকাশৰ আগতেই ১৮৯৬ চনত হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু হয়৷<ref name="হেমকোষ">{{cite journal | title=হেমকোষ প্ৰকাশৰ কিছু কথা | author=বৰুৱা, অমৰ | journal=অসমীয়া খবৰ | year=২০২২ | month=১০ ডিচেম্বৰ | pages=৪}}</ref>
 
তেওঁৰ মৃত্যুৰ পিছত ছাব-ডেপুটী কালেক্টৰ মিষ্টাৰ গেইটে হেমচন্দ্ৰ বৰুৱাই অভিধান লিখি থৈ যোৱা বুলি গম পাই
"https://as.wikipedia.org/wiki/হেমকোষ"ৰ পৰা অনা হৈছে