হেমকোষ
হেমকোষ (ইংৰাজী: Hemkosh) হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰণিত অসমীয়া ভাষাৰ প্ৰথম ব্যুৎপত্তিগত অভিধান। ইয়াক ১৯০০ চনত পি. আৰ. গাৰ্ডেন আৰু হেমচন্দ্ৰ গোস্বামীৰ তত্ত্বাৱধানত প্ৰথম সংস্কৰণ প্ৰকাশ কৰা হৈছিল। প্ৰথম অৱস্থাত এই অভিধানত ২২,৩৪৬টা শব্দ আছিল। বৰ্তমান ইয়াত এক লাখতকৈও অধিক শব্দ সংযোগ কৰা হৈছে।[1] হেমচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ পাছত নাতি দেৱানন্দ বৰুৱাই হেমকোষ প্ৰিণ্টাৰ্ছ স্থাপন কৰি হেমকোষৰ প্ৰকাশনৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৬৫ চনৰ পৰা ২০১১ চনলৈ হেমকোষৰ ১০টা সংবৰ্ধিত সংস্কৰণ প্ৰকাশ হয় আৰু এই অভিধানত বৰুৱাই ৮০ হাজাৰৰো অধিক শব্দৰ সংযোগ কৰে।[2]
হেমকোষ | |
---|---|
লেখক | হেমচন্দ্ৰ বৰুৱা |
দেশ | অসম, ![]() |
ভাষা | অসমীয়া |
বিষয় | অভিধান |
প্ৰকাশক | হেমকোষ প্ৰকাশন |
প্ৰকাশ | ১৯০০ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
প্ৰণেতাসম্পাদনা কৰক
হেমচন্দ্ৰ বৰুৱা (ইংৰাজী: Hemchandra Barua) (১৮৩৫-১৮৯৬) অসমীয়া ভাষা-সাহিত্যৰ এজন একনিষ্ঠ সেৱক আছিল।[3] তেওঁক অসমীয়া ভাষাৰ ওজা নামেৰে সম্বোধিত কৰা হৈছিল। ১৮৩৫ চনৰ ১০ ডিচেম্বৰত অসমৰ যোৰহাট জিলাৰ ৰজা-বাহৰ গাঁৱত হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল ৰূপহী দেৱী।[4]
লগতে চাওকসম্পাদনা কৰক
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ RCILTS, IIT Guwahati
- ↑ "Debananda Baruah dies at 89". The Sentinel. February 25, 2012. http://www.sentinelassam.com/ghy_city/story.php?sec=2&subsec=4&id=108348&dtP=2012-02-26&ppr=1। আহৰণ কৰা হৈছে: February 28, 2012.
- ↑ http://onlinesivasagar.com/literature/hemchandra-barua.html অনলাইন শিৱসাগৰ ৱেবছাইটত উল্লিখিত তথ্য
- ↑ গগণ চন্দ্ৰ অধিকাৰী (১০ ডিচেম্বৰ, ২০১১ (শণিবাৰ)). ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা. পৃষ্ঠা. ৪.
ৱিকিউৎসত হেমকোষ বিষয় সংক্ৰান্তীয় মূল পাঠ্য আছে। |