ভ্ৰাম্যমাণ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
14 নং শাৰী:
 
==নটৰাজ থিয়েটাৰৰ প্ৰথম প্ৰদৰ্শনী আৰু ভ্ৰাম্যমাণ থিয়েটাৰ নামকৰণ==
১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালা নগৰৰ হৰিমন্দিৰ প্ৰাংগনত সজা অস্থায়ী প্ৰক্ষাগৃহত প্ৰথম বাৰৰ বাবে ভ্ৰাম্যমাণৰ নাটক মঞ্চস্থ কৰা হৈছিল। নাটক আছিল [[ফণী শৰ্মা]]ৰ '[[ভোগজৰা]]'। তেতিয়ালৈ অৱশ্যে ইয়াক ভ্ৰাম্যমাণ থিয়েটাৰ নাম দিয়া হোৱা নাছিল। প্ৰথম বছৰেই সিংহপুৰুষ [[ৰাধাগোবিন্দ বৰুৱা]]ই গুৱাহাটীৰ টাউন ক্লাবৰ সাহায্যাৰ্থ [[নটৰাজ থিয়েটাৰকথিয়েটাৰ]]ক নিমন্ত্ৰণ কৰিছিল আৰু বাতৰি কাকতত "বিশ্বৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ" বুলি ডাঙৰ হৰফেৰে বিজ্ঞাপন দিছিল। তেতিয়াৰেপৰাই এই অনুষ্ঠান 'ভ্ৰাম্যমাণ থিয়েটাৰ' বুলি জনাজাত হয়।
 
নটৰাজে থিয়েটাৰে প্ৰথম বৰ্ষত নিবেদন কৰা নাটকসমূহ আছিল: [[উত্তম বৰুৱা]]ৰ '[[জেৰেঙাৰ সতী]]', [[ফণী শৰ্মা]]ৰ '[[ভোগজৰা]]', [[অতুল চন্দ্ৰ হাজৰিকা]]ৰ '[[টিকেন্দ্ৰজিৎ]]' আৰু অনুদিত নাটক '[[হায়দৰ আলি]]'।<ref name=hist></ref> [[বিষ্ণুপ্ৰসাদ ৰাভা]], [[ড: কৃষ্ণকান্ত লহকৰ]], [[ধৰনী গোস্বামী]] উপদেষ্টা আছিল। নাটক কেইখনৰপৰিচালনা কৰিছিল [[চন্দ্ৰ চৌধুৰী]]য়ে। [[গজেন বৰুৱা]], [[আদ্য শৰ্মা]] আৰু [[ত্ৰৈলোক্য দত্ত]]ই ৰূপাঙ্কন কৰিছিল। আলোক পৰিচালনা আছিল অচ্যুত লহকৰৰ নিজা।