গৰীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
KhiLanTzi (আলোচনা)-ই কৰা 371877 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
টেগ্‌: Undo উলটিওৱা হৈছে
36 নং শাৰী:
অসমৰ সমাজ ব্যৱস্থা আৰু জাতীয় জীৱনত গৰীয়া সকলৰ এক লেখত ল'বলগীয়া অবদান আছে। গৰীয়া সকল ইছলামধৰ্মী হোৱাৰ পিছতো দিল্লীৰ স্বধৰ্মী [[আহোম-মোগলৰ সংঘৰ্ষ|মোগলসকলৰ অসম আক্ৰমণ]]ৰ সময়ত নিজ দেশ আৰু স্বজাতিৰ স্বাৰ্থত মোগলৰ বিৰুদ্ধেহে অস্ত্ৰধাৰণ কৰিছিল, যাৰ বাবে মোগল সেনাপতি [[মিৰজুমলা]]ৰ লগত অহা ছাহাবুদ্দিন তালিচ নামৰ টোকা লিপিবদ্ধকাৰজনে গৰীয়া সকলক নামতহে মুছলমান বুলি উল্লেখ কৰিছিল।
 
আহোমৰ আটাইতকৈ ঘাটক টোপ 'ৰিপুঞ্জয়'ৰ নিৰ্মাতা গেন্ধেলা গৰীয়া (শিৱসাগৰ) এজন গৰীয়া জনগোষ্ঠীৰ লোক আছিল। [[গড়গাঁও|গড়গাঁৱ]]ৰ প্ৰৱেশপথত মিৰজুমলাৰ সেনাবাহিনীক বাধা দিবলৈ প্ৰচেষ্টা চলোৱা অবিভক্ত [[শিৱসাগৰ জিলা]]ৰ চূণপুৰাৰ চুলতান গৰীয়া, [[শৰাইঘাটৰ যুদ্ধ|শৰাইঘাট ৰণ]]ৰ অন্যতম যোদ্ধা [[বাঘ হাজৰিকা]] ওৰফে ইছমাইল ছিদ্দিকি, লাইধন খাঁ, ভকুৱা গৰীয়া, আহোম শাসনৰ শেষৰজন সেনাধ্যক্ষ ৰমজান খাঁ হিলৈধাৰী বৰুৱা আদি গৰীয়া জনগোষ্ঠীৰ লোক আছিল। ১৮৫৭ চনৰ [[চিপাহী বিদ্ৰোহ ১৮৫৭|চিপাহী বিদ্ৰোহ]]ৰ দুই মুখ্য কাণ্ডাৰী [[বাহাদুৰ গাঁওবুঢ়া]] আৰু [[শ্বেখ ফৰমুদ আলি]]য়ো ([[যোৰহাট]]) গৰীয়া আছিল। মাধ‍্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজ্জামিল হক গৰীয়া জনগোষ্ঠীৰ। ১৮৬১চনৰ নগাঁৱৰ ফুলগুৰি কৃষক বিদ্ৰোহত কলীয়া পানীৰ শাস্তি লাভ কৰা চফিউন নেচা বেগম গৰীয়া জনগোষ্ঠীৰ। মোমাই তামূলী বৰবৰুৱাই গাঁও বিলাক গঠন কৰোঁতে গাঁৱে গাঁৱে গৰীয়াৰ ঘৰ বহোৱাৰ কথা বুৰঞ্জীৰ পাতত উল্লেখ আছে ।শিৱসাগৰ দৌলত নেগেৰা বজোৱা পাইকো ইছলাম ধৰ্মী গৰীয়া আছিল ।এই খেলৰ লোক বৰ্তমান শিৱসাগৰ জিলাৰ ধাইআলিত আছে। বিখ্যাত জিকিৰ শিল্পী আজিমুদ্দিন আহমেদ ৰহনচৰীয়া খেলৰ।
 
অন্য কিছু প্ৰখ্যাত গৰীয়া লোক হ’ল- উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ আব্দুল মজিদ ([[যোৰহাট]]), ডক্টৰেট উপাধি পোৱা প্ৰথম অসমীয়া [[ময়িদুল ইছলাম বৰা]] (জেঙনিকটীয়া, [[শিৱসাগৰ]]), [[:en: Azad Hind|আজাদ হিন্দ ফৌজ]]ত জড়িত হৈ ছহিদ হোৱা একমাত্ৰ অসমীয়া নৱাব চেহিদুৰ ৰহমান (যোৰহাট), ৰাষ্ট্ৰপতি [[ফকৰুদ্দিন আলি আহমেদ]] (কছাৰীহাট, [[গোলাঘাট জিলা|গোলাঘাট]]), ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ পিতৃ, ভাৰতীয় চিকিৎসা সেৱাৰ উচ্চপদস্থ বিষয়া কৰ্নেল জালনুৰ আলি আহমেদ, [[মাধ্যম আন্দোলন (অসম)|মাধ্যম আন্দোলন]]ৰ প্ৰথম ছহিদ [[মোজ্জামিল হক]] ([[মঙ্গলদৈ]], [[দৰং জিলা|দৰং]]), ফুটবল আৰু ক্ৰিকেট দুয়োবিধ খেলতে [[সন্তোষ ট্ৰফী]] আৰু [[ৰঞ্জি ট্ৰফী]]ত অসম দলক নেতৃত্ব দিয়া আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেছনৰ সভাপতিৰ পদ অলংকৃত কৰা [[নুৰুল আমিন]] ([[নগাঁও জিলা|নগাঁও]]), অসমৰ প্ৰথম আৰু বৰ্তমানলৈ একামাত্ৰ মহিলা মুখ্যমন্ত্ৰী [[ছৈয়দা আনোৱাৰা টাইমুৰ]] ([[যোৰহাট]]), অসমৰ প্ৰথম মহিলা সাংসদ [[মফিদা আহমেদ|বেগম মফিদা আহমেদ]] ([[যোৰহাট]]), ইংলিচ চেনেল সাঁতুৰি পাৰ হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন সাঁতোৰবিদ [[এলভিচ আলী হাজৰিকা]] ([[লখিমপুৰ জিলা|লখিমপুৰ]]) আদি।
"https://as.wikipedia.org/wiki/গৰীয়া"ৰ পৰা অনা হৈছে