চিত্ৰ:Aerzte-0005.gif User:তললৈ গৈ যি কব লগা আছে কব পাৰিব 👇👇👇

বাঘ হাজৰিকা সম্পাদনা কৰক

অনুগ্ৰহ কৰি বাঘ হাজৰিকা পৃষ্ঠাত আপুনি কৰা সাল-সলনি খিনি নিৰপেক্ষভাৱে উল্লেখ কৰক। বিতৰ্কিত ঐতিহাসিক বিষয় লিখোঁতে আটাইকেইটা মতবাদ তথ্যসূত্ৰৰ সৈতে লিখা প্ৰয়োজন। ন'হলে একপক্ষীয় যেন ভাৱ হয়। যিহেতু বাঘ হাজৰিকা বিষয়ে কোনো সৰ্বসন্মতি ভাৱে গৃহীত তথ্যৰ অভাৱ আৰু এই বিষয়ে গৱেষণাৰ থল আছে সেয়ে দুয়ো পক্ষৰ মতবাদ উল্লেখ কৰা ভাল। আপুনি উল্লেখ কৰা তথ্য খিনি বেলেগ এটা অনুচ্ছেদ বা একেলগে মিলাই লিখিবলৈ অনুৰোধ জনালোঁ। শুভেচ্ছাৰে- অজয়  কথা-বতৰা 14:48, 16 July 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

@অজয় দাস মই কৰোঁ পক্ষত লিখা নাই। মই কৰা সালসলনি সম্পূৰ্ণ নিৰপেক্ষ।
  1. বাঘ হাজৰিকাৰ কথা কেৱল মফিজুদ্দিন আহমদ হাজৰিকাৰ বংশাৱলিত সেয়েহে তেওঁ মফিজুদ্দিন আহমদ হাজৰিকাৰ পূৰ্বপৰুষ আছিল বুলি লিখিছোঁ।
  2. বাঘ হাজৰিকাৰ বিষয়ে মফিজুদ্দিন আহমদ হাজৰিকাৰ দাবিতে ড° সূৰ্য কুমাৰ ভূঞাই প্ৰথম বাৰৰ বাবে তেওঁৰ কিতাপ এখনত লিখিছিল গতিকে সেয়াও উল্লেখ কৰিছোঁ যে কত প্ৰথম উল্লেখ কৰা হৈছিল।
  3. সম্পূৰ্ণ টাই ভাষাৰ সাঁচিপটিয়া পুথি গৱেষণা কৰিয়ে ড° মাধুৰ্যমণ্ডিত বৰুৱাই শৰাইঘাটৰ ৰণৰ ২০ জন হাজৰিকাৰ তালিকা উদ্ধাৰ কৰিছে যত তেওঁৰ নাম উল্লেখ নাই।
ওপৰৰ কোনটো সালসলনি এক পক্ষীয় দেখিলে? কোনো এটা বিষ়য়ৰ ওপৰত অধ্যয়ন নকৰাকৈ আগলৈ নিজৰ লগতে আনৰ সময় নষ্ট নকৰে যেন। খিলঞ্জীত বাৰ্তা 15:16, 16 July 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
বাঘ হাজৰিকাৰ বিষয়ে যি তথ্য উল্লেখ কৰিব বিচাৰিছে সেয়া বিনা দ্বিধাৰে উপযুক্ত তথ্য উৎসৰ সৈতে কৰিব পাৰে। আপুনি ইতিমধ্যে তথ্যসূত্ৰৰ সৈতে থকা খিনি সাল-সলনি কৰাৰ বাবেহে দুয়োটা মতবাদ ৰাখিবলৈ অনুৰোধ জনাইছোঁ। যিহেতু বিষয়টো বিতৰ্কিত আৰু তেওঁ ঐতিহাসিক নে কাল্পনিক দুয়ো পক্ষৰে সমানে উৎস আৰু যুক্তি আছে। কিন্তু আপুনি ব্যক্তিগত আক্ৰমণ কৰাটো ৱিকিপিডিয়াৰ নীতিৰ বৰ্হিভূত হৈছে। অনুগ্ৰহ কৰি আন এটা অনুচ্ছেদ বা "আন এক মতবাদ অনুসৰি" বা "কিছু পণ্ডিতৰ মতে" এনেকৈ উল্লেখ কৰি লিখক। পৃষ্ঠা এখন বহু কেইগৰাকী সন্মানীয় সম্পাদকৰ বহুমূলীয়া সময় খৰছ কৰাৰ পিছত হে বৰ্তমান পৰ্যায় লাভ কৰে।

গতিকে সময় আৰু অধ্যয়নৰ মূল্য বুজি পাওঁ। শুভেচ্ছাৰে- অজয়  কথা-বতৰা 15:37, 16 July 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

@অজয় দাস এটা part টো complete unsourced আৰু সেয়া আঁতৰাব লাগিবই। আৰু মই বাঘ হাজৰিকা কাল্পনিক বুলি কত কলো? সেইকাৰণে আগত চব চাই চিতি লব লাগে। উৎস আৰু যুক্তি অকল এটাই আছে সেয়া হল বংশাৱলিত আৰু সেয়ে সেই কথাটো উল্লেখ কৰিছোঁ। আৰু মাত্ৰ এজন বুৰঞ্জীবিদে লিখিছিল তাকো তেওঁ উল্লেখ কৰি দিছিল যে মফিজুদ্দিন আহমদ হাজৰিকাৰ দাবিহে অসম বুৰঞ্জীত এনে কোনো ব্যক্তি নাই। আৰু মই গৰীয়া আৰু মফিজুদ্দিন আহমদ হাজৰিকাৰ পৃষ্ঠাত অসম বুৰঞ্জীত লিখা আছে বুলি কোৱা part টো অতৰাইছো সেইটো পঢ়ি চাব লাগিছিল সঁচাকৈ অসম বুৰঞ্জীত তেঁওৰ নাম আছে নে নাই।
মফিজুদ্দিন আহমদ হাজৰি কাৰ খিলঞ্জীত বাৰ্তা 15:47, 16 July 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
আপুনি কাল্পনিক বুলি কোৱা নাই যদিও বহু পণ্ডিতে তেনে মত পোষণ কৰে। ইণ্টাৰনেটত উপলব্ধ বহু উৎস, পাঠ্যপুথি আৰু অন্যান্য গ্ৰন্থত পৃষ্ঠাখনৰ বৰ্তমান সংস্কৰণৰ সৈতে মিলা উৎস হে আছে। গতিকে সেইখিনি আঁতৰাই দিয়াতকৈ উৎস যোগ দিয়াটো বেছি দৰকাৰ। আপুনি আপোনাৰ কথাখিনি লিখক, যিখিনি উৎস নাই সেইখিনিত সদ্যহতে [উদ্ধৃতিৰ প্ৰয়োজন] লিখি ৰাখক। পৰা কেইজনে যোগ কৰিব পিছলৈ। শুভেচ্ছাৰে- অজয়  কথা-বতৰা 15:54, 16 July 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
@অজয় দাস ২৩ মে ৰ দিনাই মই [উদ্ধৃতিৰ প্ৰয়োজন] লিখিছিলোঁ। আপুনি হয়টো revert কৰাৰ কোবত চাব সময় নোলাল। আৰু ইমান দিন কোনো উৎস নিদিয়া অংশ আঁতৰাব পৰা যায়। উৎস আপুনি দিব পাৰে। কাল্পনিক বোলে কোনে কৈছে নকৈছে সেয়া আলোচনা বিষয় নহয়। মই বুৰঞ্জী ভিত্তিক লিখিছোঁ। বংশাৱলিত নাম আছে সেয়ে তেওঁ মফিজুদ্দিন আহমদ হাজৰিকাৰ পূৰ্বপৰুষ আৰু অসম বুৰঞ্জীত তেওঁৰ নাম নাই সেয়ে তেওঁ শৰাইঘাটৰ যুদ্ধত হাজৰিকা নাছিল। কথা সিমানেই। সেয়া আপুনি মই নিৰ্ধাৰণ নকৰোঁ সেয়া বুৰঞ্জীয়ে কৰিছে। মই edit কৰা আগত কোনো বুৰঞ্জী মূলক কিতাপৰ উৎস দিয়া হোৱা নাই। কোনোখন বুৰঞ্জী সেইবোৰ একো উল্লেখ নাই। অকল সূৰ্য্য কুমাৰ ভূঞাৰ কিতাপ এখনত আছিল সেয়াও মই তাত লিখি দিছোঁ। পঢ়ি লব। খিলঞ্জীত বাৰ্তা 16:06, 16 July 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
আপুনি একপক্ষীয়ভাৱে শৰাইঘাট যুদ্ধত তেখেত নাই বুলি উল্লেখ কৰাটো একেবাৰে গ্রহণযোগ্য নহয়। বহু উৎসত তেখেত আছিল বুলি আছে। নিশ্চয় মই উৎস যোগ কৰিম। এইবিষয়ে সদ্যহতে ইমান গুৰুত্বপূৰ্ণ সাল-সলনি কৰাতকৈ গোটেইখিনি মতবাদ উল্লেখ কৰা বেছি দৰকাৰ। - অজয়  কথা-বতৰা 16:21, 16 July 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
@অজয় দাস কোনো বুৰঞ্জী উৎস নাই। বাঘ হাজৰিকাৰ বিষয়ে মফিজুদ্দিন আহমদ হাজৰিকাৰ দাবিতে ড° সূৰ্য কুমাৰ ভূঞাই প্ৰথম বাৰৰ বাবে তেওঁৰ কিতাপ এখনত লিখিছিল আৰু মই সেয়াও উল্লেখ কৰিছোঁ যে কত প্ৰথম উল্লেখ কৰা হৈছিল তেওঁৰ বিষয়ে। ইয়াৰ ওপৰত কাৰোবাৰ personal Blog ৰ ওপৰত বুৰঞ্জী নচলে। বহুত বুৰঞ্জী আছে। গুলাপচন্দ্ৰ বৰুৱাৰ পৰা নগেন হাজৰিকদেৱ লৈকে। সেইবোৰত নাই। ড° সূৰ্য কুমাৰ ভূঞাৰ আগৰ বুৰঞ্জী দিয়ক। বুৰঞ্জী personal Blog মতে নচলে। খিলঞ্জীত বাৰ্তা 16:30, 16 July 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱা, বেণুধৰ শৰ্মা, পদ্মনাথ গোহাঞিবৰুৱা, হেৰম্ব বৰপূজাৰীৰ বৰ্ণনাত বাঘ হাজৰিকাৰ উল্লেখ আছে। লগতে বহু অসমীয়া লোকগীত আৰু কিংবদন্তি হিচাপেও তেখেতৰ কথা প্ৰচলিত। তদুপৰি অসম চৰকাৰৰ অধিকাৰীক তথ্যতো তেওঁৰ বিষয়ে উল্লেখ আছে। ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আয়োগে প্ৰকাশ কৰা নৱম দশম শ্ৰেণীৰ পাঠ্যপুথি "বৈচিত্ৰময় অসম"ত বাঘ হাজৰিকা আৰু শৰাইঘাটৰ যুদ্ধৰ বিষয়ে তথ্য আছে। তদুপৰি বিভিন্ন গ্ৰন্থ আলোচনী, বাতৰি, বিশ্ববিদ্যালয়ৰ অনুমোদিত গ্ৰন্থত বাঘ হাজৰিকাৰ বিষয়ে উল্লেখ আছে। গতিকে কেৱল এটা উৎসৰ ওপৰত ভিত্তি কৰি বিশেষকৈ বিতৰ্কিত বিষয়ত পৰিগণিত হোৱাৰ বাবে একপক্ষীয়ভাৱে গুৰুত্বপূৰ্ণ পৃষ্ঠাখনত সাল-সলনি নকৰা ভাল। আপোনাক বাৰে বাৰে কোৱাৰ পিছতো আলোচনা চলি থকাৰ মাজতে আকৌ সাল-সলনি কৰাতো ধ্বংসপ্ৰৱণতাৰ চিন। অনুগ্ৰহ কৰি আপোনাৰ তথ্য খিনি পৃথককৈ উল্লেখ কৰক।- অজয়  কথা-বতৰা 17:45, 16 July 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
তেওঁলোকৰ উৎসসমুহ পৃষ্ঠা নং আৰু প্ৰকাশন সৈতে উল্লেখ অংশত দিয়ক। Unsourced contents বোৰ আঁতৰোৱা হৈছে। Sourced content আপুনি দিয়ক। খিলঞ্জীত বাৰ্তা 17:52, 16 July 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

অসমৰ জনগোষ্ঠী সম্পাদনা কৰক

অসমৰ জনগোষ্ঠী সম্পৰ্কীয় বহু কেইটা প্ৰবন্ধত আপুনি বিস্তৰ পৰিবৰ্তন ঘটাইছে। অথচ ইয়াৰ সমৰ্থনত আপুনি কোনো তথ্যসূত্ৰ দিয়া নাই। আপোনাৰ এনে কাৰ্যক ধ্বংসপ্ৰবণতা বোলা হয়; যাৰবাবে আপোনাক ব্লক কৰাও হ'ব পাৰে। বাবুল বৈশ্য (বাৰ্তা) 17:14, 9 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

@Babulbaishya
অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী আৰু গাৰো জনগোষ্ঠী কাম সম্পূৰ্ণ হৈছে তাত উৎস সমুহ চাই লব। সোণোৱাল কছাৰী আৰু বাকী পৃষ্ঠাসমূহৰ কাম আজি আৰম্ভ কৰিছোঁ অলপ সময় দিব মাজতে ৰিভাৰ্ত কৰিলে অসুবিধা হয়। ইংৰাজী ৱিকপিডিয়াতো মই দিয়া উৎসসমূহে দিয়া হৈছে অনুবাদৰ পাছতহে উৎসসমুহ দিছোঁ গতিকে পূৰ্বে ইংৰাজী ৱিকিপডিয়াত চাব পাৰে যদি চাব খুজিছে।
কাম সম্পুৰ হোৱা পৃষ্ঠা সমূহৰ উৎস:
  • Watre Ingty, Angela R. (2008). Garo morphology, a descriptive analysis. North-Eastern Hill University
  • http://shillong.com/content/people-meghalaya
  • Bing Su, Chunjie Xiao, Ranjan Deka, Mark T. Seielstad, Daoroong Kangwanpong, Junhua Xiao, Daru Lu, Peter Underhill, Luca Cavalli-Sforza, Ranajit Chakraborty, Li Jin, "Y chromosome haplotypes reveal prehistorical migrations to the Himalayas." Hum. Genet. (2000) 107:582-590. DOI 10.1007/s004390000406 https://www.researchgate.net/publication/225570045_Y_chromosome_haplotypes_reveal_prehistorical_migrations_to_the_Himalayas
  • Terwiel, B.J. (1996). "Recreating the Past: Revivalism in Northeastern India.". Bijdragen Tot de Taal-, Land- en Volkenkunde খণ্ড 152 (2): 275–92. doi:10.1163/22134379-90003014.
  • Urban, Hugh B. (2011). "The Womb of Tantra: Goddesses, Tribals, and Kings in Assam". The Journal of Hindu Studies. 4 (3): 231–247. doi:10.1093/jhs/hir034
KZ 17:26, 9 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
@KZ, ইয়াত তথ্যসূত্ৰ দি লাভ নাই। প্ৰবন্ধবোৰত দিয়ক। সাধাৰণভাবে চাই দেখিছো, ইংৰাজী প্ৰবন্ধবোৰৰ সৈতে অসমীয়া ৱিকিত আপুনি কৰা পৰিবৰ্তনবোৰৰ বিস্তৰ তফাৎ। অনুগ্ৰহ কৰি প্ৰবন্ধবোৰত সালসলনি ঘটোৱাৰ লগেলেগ তথ্যসূত্ৰবোৰ উল্লেখ কৰি যাব। মনত ৰাখিব ৱিকিপিডিয়া আপোনাৰ মৌলিক চিন্তাধাৰা, বিচাৰ বা ভালপোৱা-বেয়াপোৱাবোৰ প্ৰকাশৰ উপযুক্ত মঞ্চ নহয়। বাবুল বৈশ্য (বাৰ্তা) 17:38, 9 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
@Babulbaishya অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী আৰু গাৰো জনগোষ্ঠী তথ্যসূত্ৰৰ অভিযোগ দিয়ক কিন্তু সক্ৰিয় ভাৱে কাম কৰি থকা পৃষ্ঠাত ৰিভাৰ্ট নকৰিব।
পৰিবৰ্তনবোৰৰ বিস্তৰ তফাৎ শাৰী কেইটা দি দিয়ক এটা এটাকৈ আলোচনা কৰি যাও। কত কি ভূল দেখিছে।
ভালপোৱা-বেয়াপোৱাবোৰ প্ৰকাশ নকৰাকৈয়ে চাৰি বছৰ সম্পাদনা কৰি আহিছোঁ আৰু কৰি যাম। যিকোনো অভিযোগত শাৰীটো উল্লেখ কৰিব যাতে তাৰ ওপৰত আলোচনা কৰিব পৰা যায়। KZ 17:50, 9 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

এছিয়ান মাহ ২০২৩ সম্পাদনা কৰক

ৱিকিপিডিয়া এছিয়ান মাহ ২০২৩ শীৰ্ষক সম্পাদনা মেলাৰ বাবে প্ৰবন্ধসমূহ ইয়াত জমা কৰিব। ধন্যবাদ। — চাণক্য (বাৰ্তা) 05:21, 9 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

@-chanakyakdas লিখি শেষ হোৱাৰ পাছত জমা কৰিলে হ'ব নে?? KHI-LAN-TZI 05:35, 9 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
হ'ব। — চাণক্য (বাৰ্তা) 06:09, 9 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

এছিয়ান মাহৰ সহযোগী সম্পাদনা কৰক

  এছিয়ান মাহৰ সহযোগী
হে ৱিকিসতীৰ্থ,

বৰ্তমান ৱিকিপিডিয়াত চলি থকা এছিয়ান মাহ ২০২৩ এডিটাথনত অংশগ্ৰহণ কৰি বৰঙণি আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদেৰে, -অসমীয়া ৱিকিমিডিয়া সমাজ

Thank you for being a medical contributors! সম্পাদনা কৰক

  The 2023 Cure Award
In 2023 you were one of the top medical editors in your language. Thank you from Wiki Project Med for helping bring free, complete, accurate, up-to-date health information to the public. We really appreciate you and the vital work you do!

Wiki Project Med Foundation is a thematic organization whose mission is to improve our health content. Consider joining for 2024, there are no associated costs.

Additionally one of our primary efforts revolves around translation of health content. We invite you to try our new workflow if you have not already. Our dashboard automatically collects statistics of your efforts and we are working on tools to automatically improve formating.

Thanks again :-) -- Doc James along with the rest of the team at Wiki Project Med Foundation 22:25, 3 February 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

The Wikipedia Asian Month 2023 Barnstar সম্পাদনা কৰক