পোহৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

9 নং শাৰী:
 
[[মুক্ত স্থান|শূণ্য]] ত পোহৰৰ বেগ হৈছে ২৯,৯৭,৯২,৪৫৮  [[মিটাৰ প্ৰতি ছেকেণ্ড|মিঃ/ছেঃ]] (প্ৰায় ১৮৬,২৮২ মাইল প্ৰতি ছেকেণ্ড)। আন্তৰাষ্ট্রীয় একক (SI) পদ্ধতিত পোহৰৰ গতিবেগ ধ্ৰুৱক আৰু দৈৰ্ঘ্যৰ একক মিটাৰ পোহৰৰ বেগৰ সাপেক্ষে সংজ্ঞাবদ্ধ কৰা হয়।
ইতিহাসৰ বিভিন্ন সময়ত বহু পদাৰ্থবিদে পোহৰৰ গতিবেগ নিৰ্ণয় কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল। সপ্তদশ শতাব্দীত গেলিলিও'ই পোহৰৰ গতি মাপনৰ প্ৰয়াস কৰিছিল। ১৬৭৬ খ্ৰিঃত ডেনমাৰ্কৰ পদাৰ্থবিদ Ole Rømer ৰ দ্বাৰা পোহৰৰ গতি মাপনৰ পৰীক্ষা পৰিচালিত হৈছিল। দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত Rømer-এ বৃহস্পতি আৰু ইয়াৰ এক উপগ্ৰহ, Io-ৰ গতি পৰ্যবেক্ষণ কৰিছিল। Io-ৰ কক্ষপথৰ আপাত পৰ্য্যায়কালৰ তাৰতম্য লক্ষ্য কৰি তেওঁ গনণা কৰি উলিয়াইছিল যে, পোহৰে পৃথিৱীৰ কক্ষপথৰ ব্যাসৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় ২২ মিনিট সময় লয়। [4] দূৰ্ভাগ্যক্ৰমে সেইসময়ত ইয়াৰ আকাৰ জনা হোৱা নাছিল। Rømer-ৰ সময়ত পৃথিৱীৰ কক্ষপথৰ ব্যাসৰ জোখ উপলব্ধ হোৱাহেঁতেন তেওঁৰ গনণাত পোহৰৰ গতিবেগ ২২৭,000,000 মিঃ/ছেঃ পোৱা গ'লহেঁতেন।
 
 
"https://as.wikipedia.org/wiki/পোহৰ"ৰ পৰা অনা হৈছে