হেমচন্দ্ৰ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
11 নং শাৰী:
 
 
'''হেমচন্দ্ৰ বৰুৱা''' [[অসমীয়া ভাষা]]-[[অসমীয় সাহিত্য|সাহিত্য]]ৰ এজন একনিষ্ঠ সেৱক৷<ref>http://onlinesivasagar.com/literature/hemchandra-barua.html অনলাইন শিৱসাগৰ ৱেবছাইটত উল্লেখিত তথ্য</ref> '''অসমীয়া ভাষাৰ ওজা''' নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱা, [[হেমকোষ]] [[অভিধান|অভিধানৰ]] প্ৰণেতা৷ তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনত [[হেমকোষ]] প্ৰকাশিত হয়৷<ref name="হেমচন্দ্ৰ বৰুৱা">{{cite book | title=অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা | publisher=অকণিৰ সাহিত্য সভা | author=নবীন চন্দ্ৰ লহকৰ | year=২০১২ | pages=৩}}</ref>
==জন্ম==
১৮৩৫ চনৰ ১০ ডিচেম্বৰত (১৭৫৭ শকৰ ২৪ আঘোন) [[অসম|অসমৰ]] [[যোৰহাট জিলা|যোৰহাট জিলাৰ]] ৰজা-বাহৰ গাঁৱত জন্ম হৈছিল৷
19 নং শাৰী:
হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল ৯ বছৰ বয়সত৷ দেউতাকে তেওঁক বৰ্ণমালা নিশিকোৱাকৈয়ে শব্দৰ আখৰ জোটনি শিকাইছিল আৰু তাৰ লগে লগে [[ব্যাকৰণ|ব্যাকৰণো]] পঢ়ুৱাইছিল৷ ব্যাকৰণৰ সন্ধিলৈকে শিকাৰ পাছতেই তেখেতে সেই শিক্ষাৰ অন্ত পৰে, কাৰণ সেইসময়তে তেওঁলোকৰ গাঁওখনত জহনী ৰোগে মহামাৰী ৰূপ ধাৰণ কৰাত পিতাকে গাঁৱৰ ৰোগীসকলৰ চিকিত্সাত দিনে ৰাতিয়ে ব্যস্ত হৈ থাকি শেষত নিজেই সেই ৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে৷<ref>http://www.iitg.ernet.in/rcilts/phaseI/hem_b.html RCILTS, IIT, Guwahati ত হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে থকা তথ্য</ref> ফলত তেওঁ [[শিৱসাগৰ]]লৈ গৈ খুৰাক '''লক্ষ্মীৰাম বৰুৱা'''ৰ ঘৰত থাকিবলগীয়া হয়৷ কিছুদিন পাছত লক্ষ্মীৰাম বৰুৱাই তেওঁক শিৱসাগৰ কাছাৰীত সুমুৱাই দিয়ে| তেতিয়া তেওঁ বেতন পাইছিল মাহে চাৰি [[টকা]]<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)"/>৷
 
নানান প্ৰতিকূল পৰিস্থিতিক প্ৰত্যাহ্বান জনাই তেখেতে ইয়াৰ মাজতো [[সংস্কৃত]], [[হিন্দী]] আৰু [[ইংৰাজী ভাষা]]ৰ জ্ঞান আহৰণ কৰিছিল৷
 
==বিবাহ==
১৮৫২ চনত তেখেতে [[বিবাহ|বিয়া]] কৰাইছিল৷ এবছৰৰ পাছতে এজনী কণ্যা সন্তান জন্ম লাভ কৰে৷ জীয়েকৰ নাম '''পদ্মাৱতী '''ৰাখিছিল৷ বিয়াৰ মাত্ৰ দুবছৰ পাছতেই তেখেতৰ পত্নীয়ে অকাল মৃত্যু সাৱটি লয়৷<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)"/>