ভৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: পদাৰ্থ বিজ্ঞানত, '''ভৰ''' (গ্ৰীক {{lang|grc|μᾶζα}...
(কোনো পাৰ্থক্য নাই)

15:02, 22 February 2012ৰ সংস্কৰণ

পদাৰ্থ বিজ্ঞানত, ভৰ (গ্ৰীক μᾶζα "বাৰ্লি কেক, আটাৰ লাডু"), হৈছে বস্তু এটাৰ দ্ৰুতিৰ পৰিবৰ্তনৰ বিপৰীতে বস্তুটোৱে দিয়া অন্তৰ্নিহিত পদাৰ্থৰ পৰিমানসূচক বাধা । আনহাতে, মাধ্যাকৰ্ষণিক ভৰ হৈছে, যেতিয়া এটা বস্তুৱে আন এটা বস্তুৰ সৈতে ক্ৰিয়া কৰে তেতিয়া

  1. বস্তুটোৱে প্ৰয়োগ কৰা (সক্ৰিয় মাধ্যাকৰ্ষণিক ভৰ), নাইবা
  2. বস্তুটোৱে অনুভৱ কৰা (নিষ্ক্ৰিয় মাধ্যাকৰ্ষণিক ভৰ)

মাধ্যাকৰ্ষণিক বলৰ জুখি লোৱা মান । ভৰৰ SI একক হৈছে কিল’গ্ৰাম বা কেজি(kg)। দৈনন্দিন ব্যৱহাৰত, ভৰক প্ৰায়েই ওজন বুলি কোৱা হয়, যিটোৰ একক প্ৰায়েই কিল’গ্ৰাম বুলি ধৰি লোৱা হয় (যেনে, এজন মানুহে ক’ব পাৰে যে তেওঁৰ ওজন হৈছে ৭৫ কেজি) । কিন্তু বৈজ্ঞানিক ব্যবহাৰত, ওজনে পদাৰ্থৰ আন এটা বেলেগ ধৰ্মহে বুজায় । ওজন হৈছে কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰা মাধ্যাকৰ্ষনিক বল, আনহাতে ভৰ হৈছে কোনো এটা বস্তুৰ আভ্যন্ততৰীণ ধৰ্ম । পৃথিৱী পৃষ্ঠৰ ওপৰত, কোনো বস্তু এটাৰ ওজন W বস্তুটোৰ ভৰ mৰ ওপৰত W = mg ধৰণে নিৰ্ভৰশীল, য’ত g হৈছে পৃথিৱীৰ মাধ্যাকৰ্ষণিক ক্ষেত্ৰ প্ৰাবল্য,আৰু ইয়াৰ মান হৈছে ৯.৮১ মি.ছে-2। কোনো বস্তু এটাৰ ওজন ইয়াৰ পাৰিপাৰ্শিক অৱস্থাৰ ওপৰত নিৰ্ভৰশীল, আনহাতে বস্তুটোৰ ভৰ পাৰিপাৰ্শিক অৱস্থাৰ ওপৰত অনিৰ্ভৰশীল: পৃথিৱীৰ পৃষ্ঠৰ ওপৰত কোনো এটা বস্তুৰ ভৰ যদি ৫০ কিল’গ্ৰাম আৰু ওজন ৪৯১ নিউটন; তেন্তে চন্দ্ৰ পৃষ্ঠত, সেই একেটা বস্তুৰ ভৰ ৫০ কিল’গ্ৰামেই থাকিব; কিন্তু ওজন হ’ব মাত্ৰ ৮১.৫ নিউটন ।