অসমীয়া ব্যাকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
বিভক্তি পৰা প্ৰতিলিপি কৰা হ’ল|
12 নং শাৰী:
* [[বিভক্তি]]:-মনৰ ভাব প্ৰকাশ কৰিবলৈ বাক্য ব্যৱহাৰ কৰোঁতে সেই বাক্যৰ লগত ক্ৰিয়াৰ লগত আন আন শব্দৰ পাৰস্পৰিক সংগতি বা সম্বন্ধ ৰাখি প্ৰাতিপদিকৰ পিছত কিছুমান বৰ্ণ বা বৰ্ণ সমষ্টি যোগ কৰা হয় । সেই বৰ্ণ বা বৰ্ণ সমষ্টিকেই শব্দ বিভক্তি বোলে।
 
'''শব্দ বিভক্তি:-'''
 
মনৰ ভাব প্ৰকাশ কৰিবলৈ বাক্য ব্যৱহাৰ কৰোঁতে সেই বাক্যৰ লগত ক্ৰিয়াৰ লগত আন আন শব্দৰ পাৰস্পৰিক সংগতি বা সম্বন্ধ ৰাখি প্ৰাতিপদিকৰ পিছত কিছুমান বৰ্ণ বা বৰ্ণ সমষ্টি যোগ কৰা হয় । সেই বৰ্ণ বা বৰ্ণ সমষ্টিকেই শব্দ বিভক্তি বোলে।
শব্দ বিভক্তি ৭ প্ৰকাৰৰ আছে । তলত উল্লেখ কৰা হ’ল ।
 
'''প্ৰথমা বিভক্তি – এ (ই):-'''
 
(আ-কাৰান্ত শব্দৰ পিছত ‘এ’ বিভক্তিৰ ঠাইত ‘ই’ যোগ হয়)
যেনে :শিখা + এ = শিখাই
(ই, ঈ, ঐ-কাৰান্ত শব্দৰ পিছত ‘এ’ বিভক্তিৰ ঠাইত ‘য়’ আৰু উ,ঊ,ঔ-কাৰান্ত শব্দৰ পিছত ‘এ’ বিভক্তিৰ ঠাইত ‘ৱ’ যোগ হয়)
যেনে : হৰি + এ= হৰিয়ে।
মধু + এ= মধুৱে।
 
'''দ্বিতীয়া বিভক্তি – ক:-'''
 
কৰ্ম কাৰকত দ্বিতীয়া বিভক্তি যোগ হয় ।
অপ্ৰাণীবাচক কৰ্মত দ্বিতীয়া বিভক্তি লোপ পায় ।
যেনে—ভাতক খাওঁ । ইয়াত ক লোপ পাই ভাত খাওঁ হৈছে ।
প্ৰাণীবাচক কৰ্মত দ্বিতীয়া বিভক্তি ব্যৱহাৰ হয় ।
যেনে – তাইক ভাল পাওঁ
 
'''তৃতীয়া বিভক্তি – এ, ৰে, দি, দ্বাৰা, দ্বাৰায়:-'''
 
কৰণ কাৰকত তৃতীয়া বিভক্তি হয় ।
যেনে – হাতে, হাতেৰে, হাতেদি
ষষ্ঠী বিভক্তিৰ পিছত অনুসৰ্গ ৰূপে দ্বাৰ ব্যৱহাৰ হয় । দ্বাৰ শব্দৰ লগত আ যোগ কৰি কৰণ বোধক অনুসৰ্গ দ্বাৰা সৃষ্টি কৰা হয় । দ্বাৰা শব্দৰ পিছত এ যোগ কৰি দ্বাৰাএ = দ্বাৰাই বা দ্বাৰায় উদ্ভৱ হৈছে।
যেনে—ৰামৰদ্বাৰা বা দ্বাৰাই(দ্বাৰায়)
 
'''চতুৰ্থী বিভক্তি – লৈ:-'''
 
দিশ, লক্ষ্য, উদ্দেশ্য প্ৰকাশ কৰিবলৈ চতুৰ্থী বিভক্তি ব্যৱহৃত হয় ।
যেনে—ঘৰলৈ, স্কুললৈ
আহ্, যা, চা আদি ধাতুৰ লগত চতুৰ্থী বিভক্তি হয় ।
যেনে – ঘৰলৈ যা ।
ভৱিষ্যত কালত ক্ৰিয়া সম্পন্ন বুজাবলৈ কালবাচক শব্দত চতুৰ্থী বিভক্তি যোগ হয় ।
যেনে – কাইলৈ যাম।
 
'''পঞ্চমী বিভক্তি – ৰ, পৰা:-'''
 
অপাদান কাৰকত পঞ্চমী বিভক্তি যোগ হয় ।
ব্যাপ্তি, উৎপন্ন, মুক্তি, আৰম্ভ আদি ভাব বুজালে অপাদান কাৰক হয় ।
যেনে – গছৰ পৰা গুটি সৰে ।
কালবাচক আৰু স্থানবাচক শব্দৰ সীমা বুজালে পঞ্চমী বিভক্তি যোগ হয় ।
যেনে – সৰু কালৰ পৰা সি দুষ্ট।
 
'''ষষ্ঠী বিভক্তি – ৰ:-'''
 
নাম শব্দ বা সংজ্ঞা শব্দৰ মাজত সম্বন্ধ বুজাবলৈ ষষ্ঠী বিভক্তি যোগ হয় ।
যেনে – গৰুৰ গাখীৰ । 'গাখীৰ' নামৰ শব্দৰ 'গৰু' নামৰ শব্দৰ লগত সম্বন্ধ আছে । সেইকাৰণে ষষ্ঠী বিভক্তি যোগ হৈছে ।
ভাববাচ্যৰ বাক্যত কৰ্তাকাৰকত ষষ্ঠী বিভক্তি যোগ হয় ।
যেনে – মোৰ যোৱা নহ’ব।
 
'''সপ্তমী বিভক্তি – ত, এ:-'''
 
অধিকৰণ কাৰকত সপ্তমী বিভক্তি যোগ হয় ।
যেনে- স্কুলত কোনো নাই ।
তুলনা বুজাবলৈ সপ্তমী বিভক্তি ব্যৱহাৰ হয় ।
যেনে – ৰীণাতকৈ বীণা ডাঙৰ ।
অসমাপিকা ক্ৰিয়া লোপ পালে সপ্তমী বিভক্তি হয় ।
যেনে : ৰামৰ কথাত সকলো স্তম্ভিত হ’ল । ইয়াত ‘কথা শুনি’ৰ অসমাপিকা ক্ৰিয়া লোপ পাই অকল কথা আছে। গতিকে সপ্তমী বিভক্তি যোগ হৈ কথাত হৈছে।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
{{unreferenced}}
 
==বাহ্যিক সংযোগ==