মদন কামদেৱ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Image and interwiki added
1 নং শাৰী:
 
{{Infobox Mandir
|name = মদন কামদেৱ দেৱালয়
Line 30 ⟶ 29:
'''মদন কামদেৱ দেৱালয়''' <ref>{{cite journal | title=শিলেও য'ত কথা কয়, মদন কামদেৱ দেৱালয় | author= | journal=আজিৰ অসম | year=১৯৯৩ | month=২৪ মাৰ্চ | pages=বুধবৰীয়া পৰিপূৰিকা পৃঃ খ}}</ref> <ref>{{cite web | url=http://kamrup.nic.in/placefr.htm | title=Places of Interest | publisher=Kamrup District Authority | accessdate=December 29, 2011}}</ref>হৈছে [[অসম]]ৰ [[কামৰূপ জিলা]]ৰ [[বাইহাটা চাৰিআলি]]ৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ দেৱানগিৰি পাহাৰত অৱস্থিত এখন দেৱালয়। সুন্দৰ নৈসৰ্গিক শোভা আৰু চৌদিশে সিঁচৰতি হৈ থকা অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষৰ বাবে এই দেৱালয় অসমৰ এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। মদন কামদেৱক অসমৰ [[খাজুৰাহো]]<ref>{{cite web | url=http://peperonity.com/go/sites/mview/photo.subha/23379138 | title=Khajuraho of Assam | publisher=peperonity.com | accessdate=December 29, 2011}}</ref> আখ্যা দিয়া হৈছে। নিৰিবিলি পৰিবেশ আৰু নৈসৰ্গিক শোভাৰ বাবে বনভোজপ্ৰেমীসকলকো মদন কামদেৱে আকৰ্ষণ কৰে। ডিচেম্বৰ আৰু জানুৱাৰী মাহত বনভোজৰ খোৱা মানুহেৰে অঞ্চলটো ভৰি পৰে।
==স্থাপত্য আৰু ভাস্কৰ্য==
[[File:Madan Kamdev Temple.jpg|thumb|300px|right|দেৱালয়খনৰ ভাস্কৰ্য]]
বহু শতিকা হাবি-জঙ্ঘলৰ মাজত লুকাই থকাৰ পাছত কুৰি শতিকাত মদন কামদেৱ দেৱালয় পুনৰ আৱিষ্কৃত হয়। মূল শৈল নিৰ্মিত মন্দিৰটোৰ ভগ্নাৱশেষত চালি এখন দি পূজাৰীয়ে তাতে পূজা-উপাসনা আৰম্ভ কৰে। অসম চৰকাৰৰ পুৰাতত্ব বিভাগে দেৱালয়খন নিজৰ অধীনলৈ আনি সংৰক্ষিত বুলি ঘোষণা কৰে। পুৰাতত্ব বিভাগে চলোৱা অনুসন্ধানত বিশটাতকৈয়ো অধিক গাঁঠনি আৱিষ্কৃত হয়। মন্দিৰৰ বেৰত অসংখ্য মৈথুনৰত নৰ-নাৰীৰ মূৰ্তি খোদিত কৰা আছে। চৌপাশে সিঁচৰতি হৈ আছে বহুতো ভগ্নপ্ৰায় শৈল ভাস্কৰ্য। পোৰামাটিৰ ভাস্কৰ্যও দেখিবলৈ পোৱা যায়। এইবোৰৰ ভিতৰত যুদ্ধৰত সিংহৰ, সঙ্গমৰত পশু, স্বল্পবসনা নাৰী, বৃষভ, যোনীমণ্ডল, শিৱলিঙ্গ, ছয়মূৰীয়া ভৈৰৱ, চাৰিমূৰীয়া শিৱ আদিৰ মূৰ্তিয়ে প্ৰধান। নিৰ্মাণ কাৰ্যত মাত্ৰ শিল ব্যৱহাৰ হৈছিল। অৱশ্যে মদন কামদেৱ নিৰ্মাণ কৰা সময়ত অসমত পোৰা ইটাৰ ব্যৱহাৰ হোৱা নাছিল। প্ৰায় আটাইবোৰ গাঁঠনি মদন কামদেৱ টিলাৰ ওপৰত অৱস্থিত। [[নৰসিংহ টিলা|নৰসিংহ]] নামৰ টিলাটোতো কেইটামান গাঁঠনি দেখা যায়।
 
46 নং শাৰী:
 
[[শ্ৰেণী:অসমৰ পৰ্যটনস্থলী]]
 
[[en:Madan Kamdev]]