চি ভি ৰামন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
52 নং শাৰী:
১৯২১ চনটো ৰমণৰ কাৰণে বৰ সৌভাগ্যৰ বছৰ আছিল, এই বছৰটোতে তেওঁ অক্সফোৰ্ডত অনুষ্ঠিত বিশ্ববিদ্যালয় কংগ্ৰছত যোগদান কৰিছিল কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি হিচাপে। তাতেই তেওঁ পৃথিৱীৰ বিভিন্ন বিজ্ঞানীৰ লগত পদাৰ্থ বিজ্ঞানৰ জটিল সমস্যাবিলাক মুকলিকৈ আলোচনা কৰিবলৈ সুবিধা পাইছিল। ভূমধ্য সাগৰেৰে তেওঁ লণ্ডনৰ পৰা ঘৰমুৱা হওঁতে সাগৰৰ দিগন্তত প্ৰসাৰিত হোৱা নীলা জলৰাশি দেখি কিয় নীলা ৰঙৰ হয় সেয়া জানিবলৈ তেওঁ নিজৰ হাতত থকা নিকল প্ৰিজমটো উলিয়াই সাগৰৰ জলৰাশিলৈ লক্ষ্য কৰিলে, আৰু পোহৰৰ প্ৰতিক্ৰিয়াৰ বাবেই হয় যে জানিব পাৰিলে।তেওঁৰ গৱেষণাৰ ফলতেই তৰংগ তত্ব, বিকিৰণ ধৰ্ম আৰু তাপ গতি বিদ্যা বিষয়ক গৱেষণাৰ পথ মুকলি হৈছিল। সুদীৰ্ঘ ১২ বছৰ গৱেষণাৰ অন্তত চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰ ১৮০০ৰো ওপৰ গৱেষণা পত্ৰ প্ৰকাশ পাইছিল। ১৯৩০ চনত ৰমণৰ এই আৱিস্কাৰ সমূহে ৰমণলৈ বিশ্বখ্যাতি কঢ়িয়াই আনিলে। ইয়াৰ বাবেই তেওঁ নবেল বঁটা লাভ কৰিবলৈ সক্ষম হল। ১৯৩০ চনৰ ১০ ডিচেম্বৰত ষ্টকহমত অনুষ্ঠিত হোৱা নবেল বঁটা প্ৰদান অনুষ্ঠানত তেওঁ নিজে উপস্থিত হৈ এই বঁটা গ্ৰহন কৰিছিল।
 
চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰ সম্পাদনাত ভাৰতীয় পদাৰ্থ বিজ্ঞান নামৰ আলোচনী এখনো প্ৰকাশ কৰিছিল। তদুপৰি তেওঁৰ তত্বাৱদানত ওলাইছিল Procedings আৰু Current Science নামৰ দুখন আলোচনীৰো সভাপতিত্ব কৰিছিল তেৱেঁই। নবেল বঁটা পোৱাৰ পাছত কিছুদিন কলিকতাত থাকি, তেওঁ বাংগালোৰত ইণ্ডিয়ান ইনষ্টিটিউট অব্ চায়েন্সত যোগদান কৰিছিল। ইয়াৰ পিছত তেওঁ নিজে ১৯৪৮ চনৰ পৰা এটা ৰমণ ৰিচাৰ্ছ ইনষ্টিটিউট নামৰ গৱেষণাগাৰ প্ৰতিষ্ঠা কৰি মৃত্যুৰ আগলৈকে তাত গৱেষণাতে কটাইছিল। তেওঁ যিটো যন্ত্ৰৰ সহায়ত গৱেষণা কৰি নবেল বঁটা পাইছিল, তাৰ মূল্য আছিল মাত্ৰ দুশ টকাহে। তেওঁ দৈনিক সন্ধিয়া ৫-৩০ বাজৰ পৰা ১০ বাজলৈ গৱেষণাগাৰতে কটাইছিল।<ref name="চন্দ্ৰশেখৰ ভেঙ্কটৰমণ">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=১৬, ১৭,১৮,১৯}}</ref>
 
=='''মৃত্যু'''==
"https://as.wikipedia.org/wiki/চি_ভি_ৰামন"ৰ পৰা অনা হৈছে