মোৰাৰজী দেশাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
39 নং শাৰী:
 
মোৰাৰজী দেশাইৰ জন্ম হয় ১৮৯৬ চনৰ ২৯ ফেব্ৰুৱাৰী তাৰিখে [[গুজৰাট]]ৰ [[বুলছৰ]]ৰ ওচৰৰ '''ভাদেলী''' নামে ঠাইত। তেওঁৰ পিতৃ '''ৰাণ ছৌদি দেশাই''' এজন স্কুলৰ শিক্ষক আছিল। স্কুলীয়া জীৱনতে মাত্ৰে ১৫ বছৰ বয়সতে তেওঁৰ পিতৃৰ বিয়োগ হয়। তেওঁৰ ১৫ বছৰ বয়সতেই এজন ৰাজহ বিষয়াৰ এঘাৰ বছৰীয়া জীয়েক '''গাজাৰাবেন'''ৰ সৈতে বিবাহ পাশতো আবদ্ধ হৱ লগীয়া হয়। বিয়ালৈ তিনিদিন থাকোঁতেই মোৰাৰজী দেশাইৰ পিতাকে ঘৰৰ কুঁৱাত জঁপিয়াই আত্মহত্যা কৰিছিল। সেই একেটা কুঁৱাতে তেওঁৰ বিমাতায়ো আত্মহত্যা কৰিছিল। পিতৃৰ অবিহনে কিশোৰ মোৰাৰজীৰ ওপৰতে পত্নীৰ উপৰিও মাক, তিনিজন ভায়েক, চাৰিজনী ভনীয়েক আৰু আইতাকৰ ভৰঁ-পোষণৰ দায়িত্বৰ ভাৰ আহি পৰিছিল। লৰালিকালৰ স্বভাৱ আছিল তেওঁৰ কাপুৰুষৰ দৰে। কোনোৱে তেওঁক ভয় দেখুৱালে সেইজনৰ ওচৰত সহজতে আত্মসমৰ্পণ কৰিবলৈ বেছি সময় নালাগিছিল।
 
=='''শিক্ষা'''==
 
কৃষিৰ ওপৰত নিৰ্ভৰশীল ব্ৰাহ্মণ পৰিয়ালৰ সন্তান মোৰাৰজী দেশায়ে মাত্ৰ ১০ টকা বৃত্তিসহ প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ উচ্চ শিক্ষা অৰ্জন কৰিবলৈ মুম্বাই (বোম্বাই)লৈ যায়। মুম্বাইৰ উইলছন মহাবিদ্যালয়ত ভৰ্তি হৈ বিজ্ঞান বিষয়ত অধ্যয়ন কৰে, তাত তেওঁ বিনামূলীয়াকৈ হোষ্টেলত থকাৰ সুবিদা পাইছিল আৰু এ আই এছ চিৰ বৃত্তিও লাভ কৰিছিল। তেওঁ পোৱা বৃত্তিৰ টকাখিনিও বিধৱা মাকৰ খৰচৰ বাবেহে পঠাইছিল। টকা-পইচাৰ নাটনি হোৱাৰ কাৰণে যিমানদূৰ পাৰে কম খৰচতে চলিবলৈ যত্ন কৰিছিল। তেওঁ স্নাতক উপাধি লাভ কৰাৰ পিছত মুম্বাই প্ৰভিন্সিয়েল চিভিল ছাৰ্ভিছত নিযুক্ত হয়। ১৯১৮ চনৰ পৰা তেওঁ আহমদাবাদত ডেপুটী কালেক্টৰ পদত অধিষ্ঠিত হয়।
 
কিন্তু মোৰাৰজী দেশাই আছিল স্বাধীন মনা। সেয়ে তেওঁ বেছিদিনলৈ চাৰকাৰী চাকৰি জীৱন পচন্দ নকৰিলে। সেই সময়ত দেশত স্বাধীনতা সংগ্ৰামৰ প্ৰবল ঢৌৰ জোৱাৰ উঠিছিল। সুপ্ত ভাৰতবাসীক জাগ্ৰত কৰাৰ মানসেৰে মহাত্মাই বক্তৃতাৰ উপৰিও অনেক কাকতত প্ৰচাৰ চলাইছিল, সেইবোৰেই মোৰাৰজী দেশাইকো আকৰ্ষিত কৰিছিল। সেয়ে তেওঁ চাকৰি বাদ দি হাজাৰ হাজাৰ মুক্তিকামী জনাতৰা সৈতে তেৱোঁ থিয় দিলে ভাৰতৰ স্বাধীনতাৰ সপোন ৰচি। ১৯৩০ চনত তেওঁ চৰকাৰী চাকৰি উস্তাফা দিছিল।