নিদানমূলক চিকিৎসা আৰু কাৰ্যকৰী বিকাশত, বিশেষ শিক্ষা (বা অতিৰিক্ত প্ৰয়োজনীয়তা) শব্দটোৱে বিকলাঙ্গতাৰ বাবে চিকিৎসা, মানসিক অথবা মনস্তাত্বিক সহায়ৰ প্ৰয়োজন হোৱা ব্যক্তিসকলক বুজায়। নিদানমূলক চিকিৎসাৰ বাবে ডায়েগনেষ্টিক আৰু ষ্টেটিষ্টিকেল মেনুৱেল অফ মেণ্টেল ডিছঅৰ্ডাৰছ আৰু ইণ্টাৰনেশ্যনেল ক্লাছিফিকেচন অব ডিজিজছৰ নৱম সংখ্যাত পৰামৰ্শ দিয়া আছে। বিশেষ শিক্ষা অথবা বিশেষ প্ৰয়োজনে অটিজিম, এছপাৰজাৰ চিনড্ৰম, চেৰিব্ৰেল পালছি, ডাউন চিনড্ৰম, ডিছলেক্সিয়া, ডিছপ্ৰাক্সিয়া, ব্লাইণ্ডনেছ, ডিফনেছ, এডিএইচডি আৰু চিছটিক ফিব্ৰছিছ এই সকলোবোৰ সামৰি লয়। লগতে ফটা ওঁঠ আৰু ভৰি নাইকিয়াকো অন্তৰ্ভুক্ত কৰে। বিশেষ শিক্ষাৰ গুৰুতৰ অনুসৰি বিভিন্ন ভাগ আছে আৰু ২০ ৰ পৰা ৩৫ ৰ ভিতৰত আই কিউ থকা ছাত্ৰ-ছাত্ৰীক গুৰুতৰ হিচাপে চিহ্নিত কৰা হয়।[1]এইসকল ছাত্ৰ-ছাত্ৰীক সাধাৰণতেই বিদ্যালয়ত সহকাৰীৰ প্ৰয়োজন হৈ পৰে আৰু তেওঁলোকক পৃথক ক্ষেত্ৰত সফল হোৱাত বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰা হয়।[2]

যুক্তৰাজ্যত, বিশেষ প্ৰয়োজনীয়তাই সাধাৰণতে এক শৈক্ষিক প্ৰসঙ্গৰ বিশেষ প্ৰয়োজনীয়তাক বুজায়। ইয়াক বিশেষ প্ৰয়োজনীয় শিক্ষা(special educational needs(SEN)) অথবা বিশেষ প্ৰয়োজনীয় শিক্ষা আৰু অসমৰ্থতা (special educational needs and disabilities(SEND)) বুলিও কোৱা হয়। ২০০৫ চনলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰত ১৮ বছৰ অনুৰ্ধ সকলো শিশু(১৩.৫ নিযুতৰো অধিক)ৰ ১৮.৫ শতাংশকে বিশেষ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা আছিল।[3]

চমুতে ক'বলৈ গ'লে, ই হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত লালন-পালন কৰাৰ ক্ষেত্ৰত প্ৰয়োগ হোৱা এক আইনী শব্দ, যি ১৯৯৭ চনৰ দত্তক আৰু সুৰক্ষিত পৰিয়াল আইনৰ ভাষাৰ পৰা আহৰণ কৰা হৈছে। এইটো হৈছে লালিত-পালিত হৈ থকা শিশুসকলক, বিশেষ প্ৰয়োজনীয়তা নোহোৱা শিশুসকলৰ তুলনাত "অধিক" সেৱাৰ প্ৰয়োজন বুলি শ্ৰেণীবদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা এক নিৰ্ণায়ক ব্যৱস্থা । এই নিৰ্ণয় আচৰণ, শৈশৱ আৰু পাৰিবাৰিক ইতিহাসৰ ওপৰত আধাৰিত আৰু সাধাৰণতে পেছাদাৰী স্বাস্থ্য সেৱা বিষয়াৰ দ্বাৰা কৰা হয় ।

যুক্তৰাষ্ট্ৰীয় বিশেষ প্ৰয়োজনীয়তা গ্ৰহণৰ পৰিসংখ্যাসম্পাদনা কৰক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ তোলনিয়া শিশুৰ পৰিসংখ্যা অনুসৰি ১,৫০,০০০ তকৈও অধিক বিশেষ প্ৰয়োজন থকা শিশু, একোটা স্থায়ী আশ্ৰয়ৰ বাবে অপেক্ষাৰত । পৰম্পৰাগতভাৱে, বিশেষ প্ৰয়োজন থকা শিশুক অন্যান্য সাধাৰণ শিশুতকৈ প্ৰতিপালনৰ বাবে অভিভাৱক প্ৰদান কৰা সহজ নহয়। কিন্তু এই ক্ষেত্ৰত হোৱা অভিজ্ঞতাৰ পৰা দেখা যায় যে বিশেষ প্ৰয়োজন থকা শিশুকো কোনো পৰিয়ালে বিচাৰিলে ভালদৰে যত্ন ল'বৰ বাবে গতাব পাৰি। ১৯৯৭ চনৰ এডপচন এণ্ড চেফ ফেমিলিছ এক্ট(P.L. 105-89) এ বিশেষ প্ৰয়োজন থকা শিশুৰ বাবে এটি স্থায়ী ঠিকনা বিচৰাটোত অধিক গুৰুত্ব দিয়ে আৰু তাৰ পিছত তেনে শিশুৱে প্ৰাপ্য সুবিধাৰ প্ৰতিও খবৰ ৰাখে।সন্তান এটি তুলি লোৱাৰ পূৰ্ব প্ৰস্তুতিৰ প্ৰক্ৰিয়া সমূহৰ দ্বাৰা এইটো পৰীক্ষণ কৰা হয় যে, শিশু এটিৰ ভৱিষ্যতৰ অভিভাৱক সকল শিশুটিৰ দ্বায়িত্ব গ্ৰহণৰ বাবে যোগ্য হয়নে নহয় বা শিশুটিক প্ৰয়োজনীয় পৰিৱেশ এটি প্ৰদান কৰিব পৰাকৈ কিমানদূৰ সক্ষম! 'আমেৰিকা যুক্তৰাষ্ট্ৰ কংগ্ৰেছ'ৰ দ্বাৰা এই আইন প্ৰণয়ন কৰা হয় যাতে যি সকল শিশুৰ তেওঁলোকৰ জন্মদাতা অভিভাৱকৰ সৈতে পুনৰ মিলন সম্ভৱ নহয়, তেনে শিশু সকলক যিমান সম্ভৱ সোনকালে এটি স্থায়ী পৰিয়াল প্ৰদান কৰিব পৰা যায়।

বিশেষ ভাবে সক্ষম সকলক গ্ৰহণৰ ভাঙনমুখী প্ৰসাৰ প্ৰায় দহৰ পৰা ষোল্ল শতাংশৰ ভিতৰত পোৱা গৈছিল।‌ ৰিছাৰ্থ বাৰ্থ আৰু মেৰিন বাৰ্থৰ দ্বাৰা সম্পাদিত ১৯৮৯ চনৰ অধ্যয়নৰ পৰা পোৱা গৈছিল যে ভাঙনমুখী দত্তক পিতা মাতাৰ ৮৬ শতাংশই পুনৰায় সন্তান তুলি লোৱাৰ নিশ্চিতি অথবা সম্ভাবনা দেখুৱাই। বিশেষভাবে সক্ষম শিশুৰ প্ৰতিপালনৰ বাবে প্ৰয়োজনীয় সজাগতামূলক তথ্য পালে, অৱিভাৱক সকলৰ ৫০ শতাংশই কয় যে তেওঁলোকে প্ৰথমে তুলি লবলৈ অস্বীকাৰ কৰা শিশুটিৰেই প্ৰতিপালনৰ দ্বায়িত পুনৰ গ্ৰহণ কৰিব। [4] লগতে, বিশেষ প্ৰয়োজনীয়তা দত্তক লোৱাৰ ক্ষেত্ৰত ব্যাহত হোৱাৰ ভিতৰত, অভিভাৱকসকলে প্ৰায়ে কৈছিল যে তেওঁলোকে দত্তক লোৱাৰ আগতে শিশুটোৰ ইতিহাস বা শিশুৰ সমস্যাৰ তীব্ৰতাৰ বিষয়ে অৱগত নাছিল।[4]বিশেষভাবে সক্ষম শিশুসকলক তুলিলোৱা প্ৰক্ৰিয়াত আৰম্ভণিৰে পৰা যত্ন আৰু সজাগতা অবলম্বন কৰা হয়। দত্তক গ্ৰহণ সহকাৰী আৰু শিশু কল্যাণকামী আইন,১৯৮০ অনুসৰি,এক পৰিয়ালে এটি বিশেষভাবে সক্ষম শিশুক তুলি লোৱাৰ অনুমতি পোৱাৰ পূৰ্বে ঘৰখনত শিশুটিৰ অন্যান্য প্ৰয়োজন পূৰণৰ ব্যৱস্থাৰ লগতে আৰ্থিকভাৱে শিশুটিক সকাহ দিব পাৰিব লাগিব।[5]


শিক্ষাসম্পাদনা কৰক

বিশেষ প্ৰয়োজনীয়তা শব্দটোৰে বিশেষ শিক্ষাৰ প্ৰয়োজনীয়তাক চমুকৈ লিখা হয়[6][7]আৰু বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বাবে বিকল্প শিক্ষা পদ্ধতিক বুজাবলৈ ব্যৱহাৰ কৰা হয়‌।[8] যেতিয়া এজন শিশুক সাধাৰণভাৱে প্ৰদান কৰা শিক্ষাৰ বাহিৰে ব্যক্তিগত শিক্ষা আঁচনিৰ যোগেদি সুকীয়া শিক্ষাদানৰ প্ৰয়োজন হয় তেতিয়াই শিক্ষাত বিশেষ প্ৰয়োজন আহি পৰে।[9]বিশেষ শিক্ষাই সকলো ছাত্ৰ-ছাত্ৰীৰ কাৰণে এক সমান ব্যৱস্থা গঢ়ি তোলাত ছাত্ৰ-শিক্ষাৰ পৰিৱেশত অৰিহণা যোগায়।[10]বিশেষ শিক্ষাৰ প্ৰয়োজনীয়তাকেই সংক্ষেপে বিশেষ প্ৰয়োজনীয়তা বুলি কোৱা হয়, আৰু এই পদে বিশেষ ভাবে সক্ষম শিশু সকলৰ শিক্ষাক নিৰ্দেশিত কৰে যত তেওঁলোকৰ শিকন প্ৰক্ৰিয়া সাধাৰণ শিক্ষাৰ্থীৰ তুলনাত অলপ ভিন্ন অথবা লেহেমীয়া হব পাৰে। শিক্ষাৰ ক্ষেত্ৰত বিশেষ প্ৰয়োজনীয়তা শব্দটো কাৰ্যকৰী হয় যেতিয়া শিক্ষা কাৰ্যসূচী আনুষ্ঠানিকভাৱে এক ব্যক্তিগত শিক্ষা আঁচনিৰ জৰিয়তে এনে শিক্ষাৰ্থীসকলক সাধাৰণ শিশুতকৈ পৃথকে প্ৰদান কৰা হয়। ইয়াকে কেতিয়াবা ব্যক্তিগত কাৰ্যসূচী আঁচনি বুলি কোৱা হয়। সকলো শিশুৰ বাবে এক অভিন্ন প্ৰণালী সৃষ্টি কৰিবলৈ বিশেষ শিক্ষাই শিক্ষাৰ্থীৰ শিকন পৰিৱেশত সহায় কৰে। ।

আগতে বিশেষভাৱে সক্ষম লোকসকলক প্ৰায়ে মানসিক চিকিৎসালয় অথবা প্ৰতিষ্ঠানলৈ লৈ যোৱা হৈছিল আৰু আইছলেচনত ৰখা হৈছিল। বহু ৰাষ্ট্ৰত বিশেষভাৱে সক্ষম লোকসকলক সমাজত প্ৰায়ে শাস্তিৰ সন্মুখীন কৰি হীন চকুৰে চোৱা হয়, আনকি প্ৰাণদণ্ড পৰ্যন্ত দিয়া হয়। [11] যুক্তৰাজ্যত বিশেষভাৱে সক্ষম লোকৰ শিক্ষা আইন আৰু অন্যান্য নীতি নিয়মৰ সৃষ্টিৰ পিছৰে পৰা শিক্ষা ব্যৱস্থাত এনে শিশু বা শিক্ষাৰ্থীক বহিৰ্ভূত নাইবা বৈষম্যমূলক আচৰণ কৰিব নোৱাৰিব। [12]


সংহত শিকন পৰিৱেশসম্পাদনা কৰক

বহুক্ষেত্ৰত, বিশেষ প্ৰয়োজনীয়তা থকা শিক্ষাৰ্থীসকলক সাধাৰণ-শিকন শ্ৰেণীকোঠাত একত্ৰিত কৰাৰ বহুতো লাভালাভ হৈছে। ডগলাছ মাৰ্ষ্টনৰ দ্বাৰা বিশেষ প্ৰয়োজনীয়তা থকা শিক্ষাৰ্থীসকলৰ শৈক্ষিক সফলতাৰ ওপৰত সংহত শিকন পৰিৱেশৰ প্ৰভাৱৰ বিষয়ে এক অধ্যয়ন কৰা হৈছিল। তেওঁ প্ৰথমে শিক্ষাৰ্থীসকলক তিনিটা পৃথক শ্ৰেণীত একগোট কৰিছিল: বিচ্ছিন্ন শিকন পৰিৱেশত থকা, সংহত শিকন পৰিৱেশত থকা, আৰু এই দুই অৰ্থাৎ বিচ্ছিন্ন আৰু সংহত শিকন পৰিৱেশৰ সংমিশ্ৰণত থকা। তেওঁ প্ৰতিটো গোটে পঢ়া শব্দৰ গড় সংখ্যা গণনা কৰিছিল পতনৰ সময়ত আৰু পুনৰ বসন্তকালত, আৰু ফলাফলৰ তুলনা কৰিছিল। তেওঁৰ ফলাফলে দেখুৱাইছিল যে সংহত শিকন পৰিৱেশত থকা অথবা বিচ্ছিন্ন আৰু সংহত শিকন পৰিৱেশৰ সংমিশ্ৰণত থকা ছাত্ৰ-ছাত্ৰীসকলৰ পৰা লাভ কৰা অভিজ্ঞতা কঠোৰভাবে বিচ্ছিন্ন পৰিৱেশৰ ছাত্ৰ-ছাত্ৰীতকৈ সন্তোষজনক আছিল।[13]

সংহত পৰিৱেশৰ শ্ৰেণীকোঠাই বিশেষ প্ৰয়োজনীয় শিক্ষাৰ্থীৰ সামাজিক উৎকৰ্ষও সাধন কৰে। বিশেষ প্ৰয়োজনীয়তা থকা শিক্ষাৰ্থীসকলক তেওঁলোকৰ সাধাৰণ সহপাঠীসকলৰ সৈতে মিলিবলৈ দিলে, তেওঁলোক বৈচিত্ৰ্যৰ সন্মুখীন হয়। আন শিক্ষাৰ্থীৰ সৈতে তেওঁলোকৰ ঘনিষ্ঠতাই তেওঁলোকক বন্ধুত্ব গঢ়ি তোলাত আৰু আন্তঃব্যক্তিগত দক্ষতাৰ বিকাশ সাধনত সহায় কৰে।[14]


তথ্যউৎসসম্পাদনা কৰক

  1. "Severe/Profound General Learning Disability". https://www.sess.ie/categories/general-learning-disabilities/severeprofound-general-learning-disability. 
  2. "Severe Disabilities: Definition & Examples". https://study.com/academy/lesson/severe-disabilities-definition-examples.html. 
  3. Tu, HT; Cunningham, PJ (2005). "Public coverage provides vital safety net for children with special health care needs". Issue brief (Center for Studying Health System Change) (98): 1–7. PMID 17290559. 
  4. 4.0 4.1 Barth, Richard P.; Miller, Julie M. (2000). "Building Effective Post-Adoption Services: What is the Empirical Foundation?". Family Relations খণ্ড 49 (4): 447. doi:10.1111/j.1741-3729.2000.00447.x. 
  5. "Finding Families for Waiting Kids: The Challenge of Special Needs Adoption in the 90's and Beyond". https://www.purdue.edu/hhs/hdfs/fii/wp-content/uploads/2015/06/pf_fis42report.pdf. 
  6. "UNESCO - Education - Special Needs Education". wayback.archive-it.org. http://portal.unesco.org/education/en/ev.php-URL_ID=11895&URL_DO=DO_TOPIC&URL_SECTION=201.html. 
  7. "What It Means When a Child Has "Special Needs"". http://specialchildren.about.com/od/gettingadiagnosis/p/whatare.htm. 
  8. "What are special educational needs?". https://www.nidirect.gov.uk/articles/what-are-special-educational-needs. 
  9. "Archived copy". http://www.bced.gov.bc.ca/specialed/iepssn/whyiep.htm। আহৰণ কৰা হৈছে: 2009-03-28. 
  10. "Special Education in the Schools". https://www.cec.sped.org/Policy-and-Advocacy/CEC-Professional-Policies/Special-Education-in-the-Schools. 
  11. A., Winzer, Margret (2014). The History of Special Education : From Isolation to Integration.. Gallaudet University Press. ISBN 9781563682520. OCLC 1032708777. 
  12. Vaughn, Sharon. Teaching students who are exceptional, diverse, and at risk in the general education classroom. ISBN 9780134447896. OCLC 966436530. 
  13. Marston, Douglas (July 1996). "A Comparison of Inclusion Only, Pull-Out Only, and Combined Service Models for Students with Mild Disabilities". The Journal of Special Education খণ্ড 30 (2): 121–132. doi:10.1177/002246699603000201. ISSN 0022-4669. 
  14. "Peer relations | Peer-related Social Competence for Young Children with Disabilities". Encyclopedia on Early Childhood Development. http://www.child-encyclopedia.com/peer-relations/according-experts/peer-related-social-competence-young-children-disabilities। আহৰণ কৰা হৈছে: 2018-12-12. 

বাহ্যিক সংযোগসম্পাদনা কৰক