বিশ্ব কাছ দিৱস (ইংৰাজী: World Turtle Day) হৈছে প্ৰতি বছৰে ২৩ মে'ত উদ্‌যাপন কৰা এক বাৰ্ষিক দিৱস। ২০০০ চনত আমেৰিকাৰ কাছ উদ্ধাৰকাৰী সংস্থা “American Tortoise Rescue”ৰ পৃষ্ঠপোষকতাত এই দিৱসৰ প্ৰচলন কৰা হৈছিল।[1] কাছ আৰু সিহঁতৰ নোহোৱা হৈ যোৱা বাসস্থানসমূহক সুৰক্ষা প্ৰদান কৰাৰ লগতে কাছসমূহ জীৱিত থকাত সহায়ক হোৱাকৈ কৰা মানুহৰ কাৰ্য্যকলাপক উৎসাহিত কৰাৰ উদ্দেশ্যে এই দিৱসটো প্ৰতি বছৰে পালন কৰা হয়।[2][3][4]

বিশ্ব কাছ দিৱস
তাৰিখ ২৩ মে'
পৰৱৰ্তী তাৰিখ প্ৰতি বছৰে একে তাৰিখত
অৱধি এদিন
সংঘটন বাৰ্ষিক
এটা কাছ, Terrapene carolina carolina

জৈৱ বৈচিত্ৰ্য সজাগতা দিৱসসমূহৰ প্ৰভাৱ সম্পৰ্কে কৰা এক অধ্যয়নত কোনো এটা সংৰক্ষিত প্ৰজাতিৰ ওপৰত ইণ্টাৰনেট অনুসন্ধানৰ হাৰ বৃদ্ধিত এই দিৱসসমূহে কেনেকৈ অৰিহনা যোগায় তাৰ তালিকাত বিশ্ব কাছ দিৱসক এক উদাহৰণ হিচাপে তালিকাভুক্ত কৰা হৈছে। কাছৰ দৰে সজ্জিত সাজ-পোছাক পিন্ধা, গ্ৰীষ্মকালীন সেউজীয়া সাজ-পোছাক পিন্ধা, ঘাইপথত ধৰা কাছ উদ্ধাৰ কৰা, গৱেষণামূলক কাম-কাজ, পুনঃসংস্থাপন কেন্দ্ৰৰ পৰা কাছ গ্ৰহণ কৰা আদি কাৰ্যসূচীৰ জৰিয়তে বিশ্ব কাছ দিৱসৰ প্ৰচাৰ কৰা হয়।[5]

শ্ৰেণীকোঠাত কাছ সম্পৰ্কীয় শিক্ষাক উৎসাহিত কৰিবলৈ “আমেৰিকান টৰ্টইজ ৰেচকিউ”ৰ দৰে সংস্থাই কাছ দিৱসৰ পাঠ পৰিকল্পনা আৰু ক্ৰাফ্ট প্ৰজেক্ট প্ৰদান কৰে।[6]

“World Turtle Day” শব্দটোৰ ট্ৰেডমাৰ্ক কেলিফৰ্ণিয়াৰ ছুছান টেলেম অৱ মালিবুয়ে (Susan Tellem of Malibu) পঞ্জীয়ন কৰি থৈছে।[7]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "American Tortoise Rescue Celebrates World Turtle Day May 23rd". Health News Digest. May 13, 2008. Archived from the original on May 27, 2009. https://web.archive.org/web/20090527034947/http://www.healthnewsdigest.com/news/Environment_380/American_Tortoise_Rescue_Celebrates_World_Turtle_Day_May_23rd.shtml। আহৰণ কৰা হৈছে: 23 May 2023. 
  2. "Be Kind to Turtles, World Turtle Day is May 23". WorldTurtleDay.org. Archived from the original on 29 August 2016. https://web.archive.org/web/20160829233437/http://www.worldturtleday.org/be_kind_to_turtles_world_turtle_day_is_may_23.html। আহৰণ কৰা হৈছে: 23 May 2023. 
  3. "Celebrate World Turtle Day". Archived from the original on 15 February 2009. https://web.archive.org/web/20090215185840/http://hsus.org/wildlife/a_closer_look_at_wildlife/turtles_and_tortoises/celebrate_world_turtle_day.html। আহৰণ কৰা হৈছে: 23 May 2023. 
  4. Wendy Heller (May 13, 2008). "American Tortoise Rescue Celebrates World Turtle Day May 23rd". http://www.divephotoguide.com/news/american_tortoise_rescue_celebrates_world_turtle_day_may_23rd। আহৰণ কৰা হৈছে: 23 May 2023. 
  5. Chua, Marcus A.H.; Tan, Audrey; Carrasco, Luis Roman (2021). "Species awareness days: Do people care or are we preaching to the choir?". Biological Conservation খণ্ড 255: 109002. doi:10.1016/j.biocon.2021.109002. 
  6. "How to Celebrate World Turtle Day?". Bee Bulletin. https://beebulletin.com/world-turtle-day/. 
  7. "USPTO trademark #4635425". http://uspto.report/TM/86059921.