২৩ মে'
তাৰিখ
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৩ |
২৩ মে' (ইংৰাজী: 23 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৩তম (অধিবৰ্ষত ১৪৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২২টা দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৭৮৫ - আমেৰিকান ৰাজনীতিজ্ঞ আৰু বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনে চছমা আৱিষ্কাৰ কৰে।
- ১৯৫১ - মাও-চে-টুঙৰ প্ৰসিদ্ধ গ্ৰেট লিপ ফৰৱাৰ্ড কৰ্মসূচী আৰম্ভ হয়।
- ১৯৮৪ - ভাৰতীয় পৰ্বতাৰোহী বাচেন্দ্ৰী পালৰ এভাৰেষ্টত আৰোহণ।
- ১৯৯৬ - পি. এ. চাংমা (পূৰ্ণ অঘোটোক চাংমা) সৰ্বসন্মতিক্ৰমে দশম একাদশ লোকসভাৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হয়।
জন্মসম্পাদনা কৰক
- ১৭০৩ - কেৰ'লাছ লিনিয়াছৰ, ছুইডিছ উদ্ভিদ বিজ্ঞানী। তেওঁ বৰ্গ আৰু প্ৰজাতি নিৰ্ণয় কৰিবলৈ এক নিৰ্দিষ্ট তত্ত্ব আগবঢ়াইছিল। এই তত্ত্বটোক তেওঁ ‘দ্বি-পদ বা দ্বি-ৰাশিক’ নামেৰে নামকৰণ কৰিছিল।
- ১৮৪৮ - অটো লিলিয়েনথাল, উৰাজাহাজ নিৰ্মাণৰ অন্যতম বাটকটীয়া।
- ১৮৯১ - পাৰ ফবিয়ান লাগেৰভিষ্ট,ছুইডেনৰ সাহিত্যিক। ১৯৫১ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
- ১৮৫১ - 'কামৰূপৰ কালিদাস' অভিধাৰে খ্যাত সংস্কৃত পণ্ডিত মহামহোপাধ্যায় ধীৰেশ্বৰাচাৰ্য । বৰ্তমানৰ নলবাৰী জিলাৰ আঠঘৰীয়াত তেওঁৰ জন্ম ।
মৃত্যুসম্পাদনা কৰক
- ১৭০১ - উইলিয়াম কিড, স্কটিচ নাবিক। (জন্মঃ ১৬৪৫)
- ১৮৫৭ - আগাষ্টিন লুই ক'চি, ফৰাচী গণিতজ্ঞ।
- ২০১৭ - ৰ'জাৰ মুৰ, বৃত্ৰিছ অভিনেতা, জেমচ্ বণ্ড নামৰ বোলছবি খনৰ বাবে বিখ্যাত।
দিৱসসম্পাদনা কৰক
- বিশ্ব কাছ দিৱস।