বিষ্ণুপ্ৰিয়া দেৱী
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
বিষ্ণুপ্ৰিয়া দেৱী হৈছে প্ৰাক্-জোনাকী যুগৰ এগৰাকী বিশিষ্ট কবি। তেওঁ গুণাভিৰাম বৰুৱাৰ দ্বিতীয়া ভাৰ্য্যা আছিল। ১৮৮৪ চনত শিশু আৰু চেমনীয়াসকলৰ বাবে নীতিকথা নামৰ এখন অমূল্য গ্ৰন্থ ৰচনা কৰিছিল। এই গ্ৰন্থখনত সান্নিবিষ্ট অনেক সাৰগৰ্ভ নীতিবচনে আজিও চেমনীয়া তথা কিশোৰ-কিশোৰীৰ বাবে পাথেয় হ’ব পাৰে। তেওঁ অসমত নাৰীক শিক্ষিত কৰি তুলিবলৈ তেওঁ বিশেষ যত্ন কৰিছিল।
বিষ্ণুপ্ৰিয়া দেৱী | |
---|---|
জন্ম | বিষ্ণুপ্ৰিয়া দেৱী |
মৃত্যু | ২২ মাৰ্চ, ১৮৯২ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ![]() |
উল্লেখযোগ্য কৰ্ম | নীতিকথা (গ্ৰন্থ) |
দাম্পত্যসঙ্গী | পৰশুৰাম বৰুৱা (প্ৰথম স্বামী) গুণাভিৰাম বৰুৱা (দ্বিতীয় স্বামী) |
পিতৃ-মাতৃ | লম্বোদৰ কটকী (পিতৃ) |
সন্তান | স্বৰ্ণলতা বৰুৱা কৰুণাভিৰাম বৰুৱা জ্ঞানদাভিৰাম বৰুৱা |
চমু জীৱনীসম্পাদনা কৰক
বিষ্ণুপ্ৰিয়া দেৱীৰ পিতৃৰ নাম হৈছে লম্বোদৰ কটকী। বিষ্ণুপ্ৰিয়া এগৰাকী বিদূষী আৰু সাহসী মহিলা আছিল। সমাজসেৱাতো বিষ্ণুপ্ৰিয়া সদায় আগৰণুৱা আছিল।
ব্যক্তিগত জীৱনসম্পাদনা কৰক
লম্বোদৰ কটকীৰ কন্যা বিষ্ণুপ্ৰিয়াৰ প্ৰথম বিবাহ হৈছিল ১৮৫৩ চনত পৰশুৰাম বৰুৱাৰ লগত। পৰশুৰাম বৰুৱাৰ অকাল মৃত্যু আৰু গুণাভিৰাম বৰুৱাৰ প্ৰথমা পত্নীৰ বিয়োগৰ পিচত অসমত সেই সময়ত বিধৱা বিবাহ প্ৰথা নিষিদ্ধ থকা সত্বেও ১৮৭০ চনত বিষ্ণুপ্ৰিয়াৰ সন্মতিসাপেক্ষে গুণাভিৰাম বৰুৱা আৰু বিষ্ণুপ্ৰিয়াৰ বিবাহ সম্পন্ন হৈছিল। ১৮৭২ চনত বিবাহ পঞ্জীয়ন আইন অনুসৰি পঞ্জীয়নভুক্ত এইখনেই অসমৰ প্ৰথম পঞ্জীয়নভুক্ত বিবাহ।[উদ্ধৃতিৰ প্ৰয়োজন]
মৃত্যুসম্পাদনা কৰক
১৮৯২ চনৰ ২২ মাৰ্চত বিষ্ণুপ্ৰিয়া দেৱীৰ মৃত্যু হয়।