বিস্তীৰ্ণ পাৰৰে গীতটো ড° ভূপেন হাজৰিকাৰ অপূৰ্ব সৃষ্টি। তেওঁ আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী পল ৰবচনৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল। প’ল ৰবচনৰ অল্ড মেন ৰিভাৰ (ইংৰাজী: Ol’ man river) গীতটোৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ "বিস্তীৰ্ণ পাৰৰে" গীতটি ৰচনা কৰিছিল।[1][2] এই গানটোততেখেতে ব্ৰহ্মপুত্ৰৰ কথা উল্লেখ কৰিছে। পাছত ইয়াৰ বাংলা আৰু হিন্দী অনুবাদো প্ৰকাশ কৰা হয়।

"বিস্তীৰ্ণ পাৰৰে"
ভাষা অসমীয়া
মূল শিল্পী জেৰম কাৰ্ণ (সংগীত পৰিচালক)
পল ৰ'বচন (কণ্ঠ)
ৰেকৰ্ড ভূপেন হাজৰিকা

অনুপ্ৰেৰণা সম্পাদনা কৰক

ভূপেন হাজৰিকাই কলম্বিয়া বিশ্ববিদ্যালয়ত পল ৰ'বচন লগ পাইছিল। ১৯৩৬ চনৰ চলচ্চিত্ৰ শ্ব’ ব’ট (Show Boat)ত ৰবছনে অল্ড মেন ৰিভাৰ গানটোত কণ্ঠদান কৰিছিল।[3] এই গানটোৰ পৰা অনুপ্ৰাণিত হৈ ভূপেন হাজৰিকাই বিস্তীৰ্ণ পাৰৰে গীতটো লিখি উলিয়াইছিল। মূল গানটোত মিছিছিপি নদীৰ কথা উল্লেখ কৰা আছে। মিছিছিপি নদীৰ সলনি এই গানটোত ব্ৰহ্মপুত্ৰৰ কথা উল্লেখ কৰা হৈছে।[3] আনহাতে, বাংলা আৰু হিন্দী সংস্কৰণটোত গংগা নদীৰ কথা উল্লেখ কৰা হৈছে।[3]

মূল গান সম্পাদনা কৰক


অন্যান্য ভাষালৈ অনুবাদ সম্পাদনা কৰক

বিস্তীৰ্ণ পাৰৰে গানটোৰ হিন্দী, বাংলা ভাষাটো গোৱা হৈছে। এই আটাইকেইটা গান ভূপেন হাজৰিকাই গাইছে।[3] বাংলা ভাষাৰ গানটো হৈছে বিস্তীৰ্ণ দুপাৰে আৰু হিন্দী ভাষাৰ গানটো হৈছে গংগা বেহটী হ’ কিঁউ[3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Log nu in om een reactie te plaatsen.. "Paul Robeson - Ol' Man River (Showboat - 1936) J.Kern O. Hammerstein II". YouTube. http://www.youtube.com/watch?v=eh9WayN7R-s। আহৰণ কৰা হৈছে: 2012-12-25. 
  2. "Ol' Man River Lyrics - Frank Sinatra". Lyricsfreak.com. http://www.lyricsfreak.com/f/frank+sinatra/ol+man+river_20055702.html। আহৰণ কৰা হৈছে: 2012-12-25. 
  3. 3.0 3.1 3.2 3.3 3.4 "Songs of Humanity". assamchronicle.com. The Assam Chronicle. 03/11/2011. http://www.assamchronicle.com/node/47। আহৰণ কৰা হৈছে: January 20, 2013. 

বাহ্যিক সংযোগ সম্পাদনা কৰক