বীমা

এক দুৰ্যোগ ব্যৱস্থাপনা যাৰ সহায়ত সম্ভাব্য আৰ্থিক ক্ষতিৰ ক্ষতিপুৰণ দিবলৈ প্ৰয়াস কৰা হয়


আইন আৰু অৰ্থনীতিৰ সংজ্ঞামতে বীমা (insurance) হ’ল এক দুৰ্যোগ ব্যৱস্থাপনা যাৰ সহায়ত সম্ভাব্য আৰ্থিক ক্ষতিৰ ক্ষতিপুৰণ দিবলৈ প্ৰয়াস কৰা হয় । বীমাৰ সংজ্ঞা হ’ল নিৰূপিত দেয়ৰ বিনিময়ত একপক্ষৰ সাম্ভাব্য ক্ষতিৰ বাবে আনপক্ষই ক্ষতি পূৰণ দিয়াৰ ব্যবস্থা । ইয়াক নিশ্চিত ক্ষুদ্ৰ ক্ষতিৰ বিনিময়ত অনিশ্চিত বৃহত্ ক্ষতিৰ পৰা ৰক্ষণা-বেক্ষণ বুলি ক’ব পাৰি ।

বীমা হৈছে এক পক্ষৰ সাম্ভাব্য ক্ষতিৰ সমতূল্য মূল্য এক নিৰ্দিষ্ট ধনৰ বিনিময়ত আন পক্ষলৈ কৰা হস্তান্তৰণ । ই হৈছে সংশয় ব্যৱস্থাপনা (Risk Management) ৰ এটা প্ৰকাৰ য’ত সম্ভৱ্য দূৰ্ঘটনা তথা অনিশ্চিত ক্ষতিৰ বিপৰীতে ৰক্ষণা-বেক্ষনা দিয়া হয় । বীমা কৰ্তা (insurer) বা বীমা বাহকে(insurance carrier) বীমা চুক্তি বিক্ৰী কৰে ; বীমাকৃত (insured) বা বিমা ধাৰক বা পলিচি হ’ল্ডাৰ হ’ল যি জন মানুহে বা যিটো সংস্থানে বীমা চুক্তি ক্ৰয় কৰে । যি ধনৰ বিনিময়ত এটা নিৰ্দিষ্ট মূল্যৰ বীমাৰ সুৰক্ষা দিয়া হয় তাক প্ৰিমিয়াম (premium) বুলি কয় । সংশয় ব্যৱস্থাপনা (Risk Management), য’ত সংশয়ৰ মূল্যাংকন আৰু নিয়নত্ৰণ কৰা হয়, আজি অধ্যয়ন আৰু চৰ্চাৰ বাবে এটা আছুতীয়া বিষয় হিচাপে গঢ় লৈ উঠিছে ।

বীমাকৃত জনৰ যদি দুৰ্ঘটনা হয় (বীমা চুক্তিৰ পৰিধিৰ ভিতৰত) তেতিয়া সেই দুৰ্ঘটনাটোত হোৱা আৰ্থিক ক্ষতি (নিজা) ৰ ক্ষতিপূৰণ দিয়াৰ অংগীকাৰ বীমা বাহকৰ পৰা লোৱাৰ বিনিময়ত বীমাকৃত জনে বীমা বাহকক এক নিশ্চিত আৰু জ্ঞাত তুলনামূলক ভাৱে আতি নগন্য ধন প্ৰদান কৰে । বীমা ধাৰকে এখন চুক্তি পত্ৰ পায় যি খনক বীমা চুক্তি বোলে য’ত বীমা ধাৰক জনক কি কি চৰ্ত্তত আৰু পৰিস্থিতিত আৰ্থিক ক্ষতি পূৰণ দিয়া হ’ব উল্লেখ থাকে ।

নীতি সম্পাদনা কৰক

বীমা পদ্ধতিত বহু বীমাকৃত ব্যক্তি বা সংস্থাৰ পৰা বীমা সুৰক্ষাৰ বিনিময়ত আহৰণ কৰা ধনৰ ভঁৰাল সৃষ্টি কৰা হয় আৰু ইয়াৰে কিছুমান ঘটনা পতিত হয় যাৰ বাবে ক্ষতি পূৰণ দিব লগীয়া হয় । ইয়াৰ অৰ্থ হ’ল বীমাকৃত ব্যক্তি বা সংস্থাক সংশয়ৰ পৰা সুৰক্ষা দিয়াৰ বিনিময়ত এটা মাননি দিব লগীয়া হয় যিটোৰ দৰ বীমাকৃত ঘটনাটোৰ নিৰ্দিষ্ট সময়ত হ’ব পৰা পুনৰাবৃতিৰ সংখ্যা আৰু ভয়াবহতাৰ ওপৰত নিৰ্ভৰ কৰে । বীমা কৰিব পৰা সংশয় হ’বৰ বাবে সংশয়টোৰ কিছুমান বিশেষ গুণ থাকিব লাগিব । বীমা যদিও বিত্তীয় সংস্থানবোৰৰ যোগেদি লাভ কৰিব পাৰি কিন্তু নিজা ববীয়াকৈ কৰা সঞ্চয়ৰ যোগেদিও ভবিষ্যতে হ’ব পৰা সম্ভাব্য ক্ষতিৰ স্ববীমা কৰিব পৰা যায় ।

বীমা উপযোগিতা সম্পাদনা কৰক

বীমা কোম্পানি বোৰে বীমা কৰিব পৰা সংশয় এটাৰ নিম্ন লিখিত সাতটা গুণ থকিলে সংশয়টোৰ বীমা কৰে –

  1. একে ধৰণৰ বিপদ হ’ব পৰা বহু বক্তি বা সংস্থা : যিহেতু বীমা সম্পতিৰ ভঁৰাল কৰণৰ যোগেদি চালিত হয়, সেয়েহে গৰিষ্ঠ সংখ্যক বীমা চুক্তি একে ধৰণৰ ক্ষতি হ’ব পৰা গাইগুটীয়া বৃহত শ্ৰেণীসমূহক দিয়া হয় যি বীমা বাহকক বৃহত সংখ্যাৰ নীতি (law of large numbers) ৰ পৰা লাভ ল’বলৈ সুবিধা প্ৰদান কৰে । লন্ডনৰ লয়েড (Lloyd’s of London) ইয়াৰ ব্যতিক্ৰম যি অভিনেতা, খেলোৱৈ আৰু অন্যান্য বিখ্যাত ব্যক্তিসকলৰ জীৱন আৰু স্বস্থ্য বীমাৰ সুৰক্ষা দিয়াৰ বাবে বিখ্যাত । অৱশ্যে প্ৰতিজনৰ সংশয়ৰ মাত্ৰা ভিন্ন হয় আৰু সেই অনুপাতে প্ৰতিজনৰ প্ৰিমিয়ামৰ দৰ ভিন্ন হয় ।
  2. নিৰ্দিষ্ট ক্ষতি: ক্ষতি সদায় এটা জ্ঞাত সময়ত, এদখৰ জ্ঞাত স্থানত আৰু এটা জ্ঞাত কাৰণত সংঘতিত হয় । এটা ভাল উদাহৰণ হ’ল জীৱন বীমা সুৰক্ষা থকা এজন মনুহৰ মৃত্যু । জুই, যান-বাহন দুৰ্ঘটনা, আৰু শ্ৰমিকৰ আঘাট ইয়াৰ মাপকাঠিৰ মতে হ’ব পাৰে । অন্য ধৰণৰ ক্ষতিৰ সজ্ঞা তত্ব মতে নিৰূপিত কৰিব পৰা যায় । বিত্তজনিত ৰোগ যেনে বহুদিন ধৰি হনিকাৰক পৰিস্থিতিত কাম কৰা য’ত কোনো নিৰ্দিষ্ট সময়, স্থান বা কাৰণ চিনক্ত কৰিব নোৱাৰি । আদৰ্শ পৰিস্থিতিত ক্ষতিৰ সময়, স্থান, আৰু কাৰণ ইমান দুৰ পৰিষ্কাৰ হ’ব লাগে যাতে এজন ব্যক্তিয়ে এই তিনিটা ভাগৰ বিষয়ে পৰ্য়াপ্ত তথ্য পাব পাৰে ।
  3. দূৰ্ঘটনাজনিত ক্ষতি : যিটো ঘটনা ঘটিলে বীমাৰ দাবী কৰা হয় সেই ঘটনাটো অনাকংক্ষিত, অনিশ্চিত বা অতি কমেও বীমাৰ হিতাধিকাৰীৰ নিয়ন্ত্ৰণৰ বাহিৰত হ’ব লাগে । ক্ষতি প্ৰকৃততে হ’ব লাগে অৰ্থাত ক্ষতি কৰা ঘটনাটোৰ লগত প্ৰকৃত মূল্যৰ সম্বন্ধ হ’ব লাগে । ঘটনা যিবোৰত ভাগ্যৰ কথা জড়িত হৈ থাকে যেনেদৰে সাধাৰণ ব্যৱসায়িক সংশয় বা লটাৰী টিকেট ক্ৰয় আদি বীমা সুৰক্ষাৰ যোগ্য বুলি ধৰা নহয় ।
  4. বৃহত ক্ষতি: ক্ষতিৰ পৰিমাণ বীমাৰ পৰিপ্ৰেক্ষিতত অৰ্থপূৰ্ণ হ’বই লাগিব । অনুমানিত ক্ষতিৰ মূল্য আৰু অন্যান্য খৰচ – বিমা চুক্তি নিৰ্ণয় আৰু প্ৰেৰণ, ক্ষতিৰ ভৰণ কৰা আৰু বীমা বাহকক বীমা দবী মূল্য দিবৰ বাবে মূলধনৰ যোগান ধৰা, এই সকলো খিনি বীমা প্ৰিমিয়ামত সন্নিবিষ্ট থকা আৱশ্যক ।
  5. প্ৰিমিয়াম দিব পৰা সমৰ্থতা (Affordable premium) : যদি বীমাকৃত ঘটনাটো ঘটাৰ সম্ভাৱনা অতি বেছি হয় বা ঘটনাটোৰ লগত জড়িত মূল্যৰ মান অতি বেছি হয় তেতিয়া তাৰ প্ৰিমিয়াম বীমাই সুৰক্ষা কৰা মূল্যৰ তুলনাত যথেষ্ট বেছি হয় আৰু তেতিয়া বীমা চুক্তি ক্ৰয়ৰ আগ্ৰহ কমি যায় । তৰোপৰি, বিত্তীয় জগতৰ বিজ্ঞ সকলৰ মতে প্ৰিমিয়াম ইমান বেছি হ’ব নালাগে যাতে বীমা কোম্পানী বা বীমা বাহক কেতিয়াও লোকচান আশংকা নাথাকে । তেনে ধৰণৰ বীমাক নীতিহীন বীমা বুলি ক’ব পাৰি ।
  6. গণনা কৰিব পৰা ক্ষতি: ক্ষতিৰ সম্ভাবনীয়তা আৰু তাৰ মূল্য - এই দুটা উপাদান সম্পূৰ্ণ গণনা কৰিব নোৱাৰিলেও অতি কমেও অনুমান কৰিব পৰা হ’ব লাগে । সম্ভৱনীয় ক্ষতিৰ অনুমান সাধাৰণতে বিস্তৃত অনুশীলনৰ দ্বাৰা কৰা হয় । ক্ষতিৰ মূল্য বীমা চুক্তি ক্ৰয় কৰা এজন পেশাদাৰী ব্যক্তি আৰু তেওঁ চুক্তিখনৰ অধীনত ক্ষতিৰ প্ৰমাণৰ হৈতে কৰা দাবীৰ লগত সম্বন্ধ থাকে যাৰ সহায়ত দাবীৰ ফলত হ’ব পৰা ধনৰ হিচাপ যুক্তিসম্পন্ন ভাবে সম্পূৰ্ণকৈ নিৰ্ণয় কৰিব পাৰি ।
  7. দুৰ্যোগৰ বাবে হোৱা বৃহত ক্ষতিৰ সীমা: বীমা কৰিব পৰা ক্ষতিবোৰৰ কাৰণবোৰ আদৰ্শগত ভাবে স্বতন্ত্ৰ হয় আৰু দুৰ্যোগৰ লগত সম্ব্ন্ধ নাথকে । ইয়াৰ অৰ্থ হ’ল সকলোবোৰ ক্ষতি পূৰণৰ দাবী একেলগে নহয় আৰু গাইগুটীয়া দবী বোৰ বীমা বাহকক দেউলীয়া কৰিব নোৱাৰে । মাত্ৰ এটা ঘটনাৰ বাবে যাতে বীমা বহক বৃহত ক্ষতিৰ সন্মুখিন নহয় তাৰ ব্যৱস্থা বীমা বাহকে কৰিব বিচাৰে । উদাহৰণ স্বৰূপে ভূমিকম্প প্ৰবণ অঞ্চলত ভূমিকম্পৰ বাবে হ’ব পৰা ক্ষতিৰ বীমা বা হাৰিকেন প্ৰবণ অঞ্চলত বতাহৰ বাবে হ’ব পৰা ক্ষতিৰ বীমা চুক্তি বিক্ৰী বীমা বাহকৰ বাবে অসুবিধা জনক ।

প্ৰকাৰ সম্পাদনা কৰক

বীমা দুই প্ৰকাৰৰ - জীৱন বীমা আৰু সাধাৰণ বীমা