মূল মেনু খোলক
বিশ্বৰ ভূমিকম্পৰ উপকেন্দ্ৰ (epicenter) সমূহ,১৯৬৩-১৯৯৮
বিশ্বৰ টেক্ট'নিক প্লেটসমূহৰ চলন

ভূমিকম্প বা ভূঁইকঁপ (Earthquake) হৈছে পৃথিৱীৰ ভূগৰ্ভৰ অশ্মমণ্ডলত হঠাতে শক্তি মুক্ত হোৱাৰ ফলত ভূ-পৃষ্ঠত সৃষ্টি হোৱা জোকাৰণি৷ ভূগৰ্ভৰ শিলাস্তৰ সমূহৰ স্থিতিস্থাপক অৱস্থাৰ সাল-সলনি নাইবা মহাকৰ্ষনীয় (Gravitional) শক্তিৰ ভাৰসাম্যহীন অৱস্থাৰ ফলত যি জোকাৰণিৰ সৃষ্টি হয়,আচলতে তাকেই ভূমিকম্প বোলে৷ ভূমিকম্পৰ জোকাৰণি কেতিয়াবা মৃদু হয় আৰু কেতিয়াবা তীব্ৰ হয়৷ কেতিয়াবা ই ইমান তীব্ৰ হয় যে মানুহৰ ঘৰ-দুৱাৰ ভাগি পৰে,ভূ-পৃষ্টত গভীৰ ফাট মেলে,কোনো দ ঠাই ওপৰলৈ উঠি আহে আৰু কোনো বাম ঠাই তললৈ বহি যায়৷ ভূমিকম্পৰ উৎস হৈছে পৃথিৱীৰ অভ্যন্তৰত৷ পৃথিৱীৰ অভ্যন্তৰৰ যি ঠাইত কম্পন উৎপত্তি হয় তাক ভূমিকম্পটোৰ অভিকেন্দ্ৰ (Focus) বোলা হয়৷ অভিকেন্দ্ৰটো ভূ-পৃষ্টৰ পৰা বহুকিলোমিটাৰ গভীৰতালৈ থাকে৷ কেন্দ্ৰৰ ঠিক ওপৰৰ ধৰাপৃষ্টৰ বিন্দুটোক উপকেন্দ্ৰ (Epicentre) বোলে৷ ভূমিকম্প বিজ্ঞানীসকলে ভূকম্পনলিখ (Seismograph) যন্ত্ৰৰ সহায়ত ভূমিকম্পৰ বিষয়ে অধ্যয়ন কৰে৷[1]

সূচী

ভূমিকম্পৰ ফলত সৃষ্টি হোৱা তৰংগসম্পাদনা কৰক

 
Fault types

ভূমিকম্পৰ পৰা সৃষ্টি হোৱা তৰংগক সাধাৰণতে দুই প্ৰকাৰত ভাগ কৰিব পাৰি[2]

শৰীৰ তৰংগ (Body wave)সম্পাদনা কৰক

এই বিধ তৰংগ ভূ-পৃষ্ঠৰ মাজেৰে গতি কৰে। ই দুই প্ৰকাৰৰ

প্ৰাথমিক তৰংগ (P-wave)সম্পাদনা কৰক

এই তৰংগৰ গতিবেগ বাকীবোৰ তৰংগতকৈ অধিক। এই তৰংগই যিটো মাধ্যমেৰে যায় তাত ইয়াৰ গতিৰ দিশত কম্পনৰ সৃষ্টি কৰে [2]৷ ইহঁতক সেইকাৰণে অনুদৈৰ্ঘিক তৰংগ (Longitudinal wave) বোলে৷

গৌণ তৰংগ (S-wave)সম্পাদনা কৰক

ভূমিকম্পৰ দ্বিতীয় বিধ তৰংগৰ নাম 'S' তৰংগ নাইবা অনুপ্ৰাস্থিক তৰংগ (Transverse wave)৷ এইবিধ তৰংগৰ কঁপনি ইয়াৰ গতি পথৰ উলম্বিক দিশত হয়৷ এই তৰংগৰ প্ৰভাৱত শিলৰ আয়তনৰ কোনো পৰিৱৰ্তন নহয়৷

পৃষ্ঠ তৰংগ (Surface wave)সম্পাদনা কৰক

এইবিধে উৎসৰ পৰা ভূ-ত্বকৰ উপৰি ভাগেদি গতি কৰে৷ [1][2]


ভূমিকম্প হোৱাৰ কাৰণসম্পাদনা কৰক

  • পৃথিৱীৰ অভ্যন্তৰত হোৱা বিবৰ্তনিক আন্দোলনৰ কাৰণে যেতিয়া ভূগৰ্ভত ঘৰ্ষণ হয় তেতিয়া ভূমিকম্প হয়৷ সেইকাৰণে ভংগিল পৰ্বত বা গ্ৰস্ত উপত্যকা থকা অঞ্চলত ভূমিকম্প হয়৷ পৃথিৱীৰ আটাইতকৈ ধ্বংসাত্মক ভূমিকম্পবোৰ বিবৰ্তনিক কাৰণত হৈছে বুলি ঠাৱৰ কৰা হৈছে৷
  • আগ্নেয়গিৰিৰ উদগীৰণ হ'লে ভূমিকম্প হয়৷ সেইকাৰণে জ্বালামুখী থকা অঞ্চলত ভূমিকম্প সঘনাই হোৱা দেখা যায়৷ জাপানৰ বহুত ভূমিকম্প জ্বালামুখীৰ উদগীৰণৰ ফলত হয়৷ ১৮৮৩ চনত ক্ৰাকাটু জ্বালামুখীৰ উদগীৰণৰ ফলত সুমাত্ৰা দ্বীপত ভূমিকম্প হোৱাৰ প্ৰমাণ আছে৷

এইবোৰৰ উপৰিও ভূমিগত খনি অঞ্চলত যেতিয়া ওপৰৰ পৰা বিৰাট অংশ একোটা তলৰ খালী ঠাইত খহি পৰে তেতিয়াও ভূমিকম্প হয়৷ [1]


ভূমিকম্পৰ ফলাফলসম্পাদনা কৰক

ভূমিকম্পই পৃথিৱীৰ উপৰিভাগত হঠাতে পৰিৱৰ্তন ঘটায়৷

  • ভূমিকম্পৰ ফলত কেতিয়াবা বহুত মানুহৰ মৃত্যু হয় আৰু সা-সম্পত্তি নষ্ট হয়৷
  • পৃথিৱীৰ স্থলভাগ আৰু জলভাগত বিভিন্ন পৰিৱৰ্তন হয়৷ ভূ-পৃষ্ঠৰ কোনো কোনো অংশ কেতিয়াবা হঠাতে ফাটি গৈ বিদৰ আৰু চ্যুতিৰ সৃষ্টি হয়৷ আনহাতে কোনো অংশ কেতিয়াবা তললৈ বহি গৈ গ্ৰস্ত উপত্যকাৰ সৃষ্টি হ'ব পাৰে৷
  • নদীৰ গতিপথ বন্ধ হ'ব পাৰে আৰু ইয়াৰ ফলত জনসাধাৰণৰ সা-সম্পত্তিও হানি হ'ব পাৰে৷ উদাহৰণ স্বৰূপে ১৯৫০ চনত অসমত হোৱা ভূমিকম্পৰ ফলত ভূস্খলন হৈ সোৱণশিৰি নদীৰ গতিপথ বহুদিনলৈ বন্ধ হৈছিল৷ পিছত নদীৰ প্ৰবল সোঁতৰ হেঁচাত যেতিয়া সেই বাধা ভাঙিল,তেতিয়া প্ৰবল বানপানী হৈ বহুত মানু্হ,গৰু-ছাগলীৰ মৃত্যু হৈছিল৷
  • কেতিয়াবা হ্ৰদ পোত খাই সমতল ভূমি হয় আৰু কেতিয়াবা সমতল ভূমি তললৈ বহি গৈ হ্ৰদৰ সৃষ্টি হয়৷
  • ভূমিকম্পৰ ফলত কেতিয়াবা পাললিক শিলাত ভাঁজ লাগে৷
  • সমুদ্ৰত দ্বীপৰ সৃষ্টি হব পাৰে৷
  • কেতিয়াবা কোনো পৰ্বত - পাহাৰ আদিৰ উচ্চতা কম বা বেচি হ'ব পাৰে৷
  • সমুদ্ৰ অঞ্চলত কেতিয়াবা ভূমিকম্পৰ ফলত পানীৰ ঢৌ বহুত ওপৰলৈ উঠে৷ ফলত জাহাজ,নাও আদি ধ্বংস হয়৷[1]


ভূমিকম্পৰ বিতৰণসম্পাদনা কৰক

কিছুমান বিশেষ ভূতাত্ত্বিক অৱস্থালৈ লক্ষ্য ৰাখি পৃথিৱীৰ কেতবোৰ অঞ্চল ভূমিকম্প অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে৷

  1. প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয় অঞ্চল - এই অঞ্চলটোৱে প্ৰশান্ত মহাসাগৰ অঞ্চলক আগুৰি আছে৷ পৃথিৱীত হোৱা মুঠ ভূমিকম্পৰ ৬৮ শতাংশ এই প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয় অঞ্চলত হয়৷ বিশেষকৈ কেলিফৰ্ণিয়া,চিলি,আলাস্কা,জাপান,ফিলিপাইনচ,নিউজিলেণ্ড আদিত ভূমিকম্পৰ প্ৰাদুৰ্ভাৱ বেছি৷
  2. ভূমধ্যসাগৰীয় অঞ্চল

এই অঞ্চলসমূহ হৈছে - আল্পছ,ককেছাছ,হিমালয়ৰ ওচৰ-চুবুৰীয়া অঞ্চল,পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ আৰু মধ্য আমেৰিকাত প্ৰায় ২১ শতাংশ ভূমিকম্প হয়৷ পৃথিৱীৰ আন আন অঞ্চলত বাকী ১১শতাংশ ভূমিকম্প হয়৷ ভূমিকম্প সংঘটিত হোৱা ভূমধ্য অঞ্চলৰ ভিতৰত হিমালয়ৰ ওচৰ-চুবুৰীয়া অঞ্চলৰ উত্তৰ-পূব ভাৰত অন্তৰ্ভুক্ত হৈছে৷ অসম,অৰুণাচল প্ৰদেশ,মণিপুৰ,মেঘালয়,মিজো হিলচ,নগালেণ্ড আৰু ত্ৰিপুৰা এই অঞ্চলত ধৰা হৈছে৷ বি.চি.এলেনৰ মতে ১৮৯৭ চনৰ ১২ জুনত হোৱা ভূমিকম্পটো আটাইতকৈ ভয়ানক আছিল৷[1]

ভূমিকম্পৰ ক্ষয়ক্ষতি ঘটোৱাৰ ব্যৱস্থাসম্পাদনা কৰক

  • ভয়ত ত্ৰাসযুক্ত হ'ব নালাগে৷
  • ঘৰৰ ভিতৰত থাকিলে ভূমিকম্পৰ জোকাৰণি কম নোহোৱা পৰ্যন্ত বাহিৰলৈ ওলাব নালাগে৷
  • দৰ্জাৰ মুখত দুৱাৰৰ চৌকাঠৰ ওচৰত সাজু হৈ থাকিব লাগে৷ নাইবা টেবুল বা বিচনাৰ ঠিক ওচৰত থকাৰ প্ৰয়োজন৷
  • চেলফ নথকা বা লাইটৰ বোৰ্ড নথকা ঘৰৰ দেৱালৰ ওচৰত থিয় হৈ থাকিব লাগে৷
  • ভূমিকম্প শেষ হোৱাৰ লগে লগে কোঠালিৰ পৰা ওলাই আহি গছ-গছনি নথকা মুকলি ঠাইত থিয় হ'ব লাগে৷
  • মোবাইল ফোন,টৰ্চ লাইট,দিয়াচলাই,মমবাতি,দীঘল ৰচী,জখলা,বিস্কুট জাতীয় খাদ্য,পানীৰ বটল,গৰম কাপোৰ আদি সহজে পোৱা ঠাইত ৰাখিব লাগে৷
  • ঘৰ-দুৱাৰ সদায় ভূমিকম্প প্ৰতিৰোধক ব্যৱস্থাৰে সজাবলৈ যত্ন কৰিব লাগে৷[1]

অসমীয়া লোক সাহিত্যত ভূমিকম্পসম্পাদনা কৰক

সাঁথৰসম্পাদনা কৰক

ইয়াতে মাৰিলোঁ টিপা।
গঁড়গাওঁ পালেগৈ শিপা।।

নকলেও হ'ব যে উত্তৰটো "ভূঁইকঁপ"।

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 উচ্চতৰ মাধ্যমিক ভূগোল বিজ্ঞান" দ্বিতীয় খণ্ড (দ্বিতীয় বাৰ্ষিকৰ বাবে),লেখকদ্বয় - ড° লোকেশ্বৰ নাথ আৰু ড° চাৰু চহৰীয়া নাথ৷ প্ৰকাশক - স্বস্ত্যয়ন বুক ষ্টল,খাৰুপেটীয়া (দৰং)৷
  2. 2.0 2.1 2.2 Kramer, Steven L. 1996. Geotechnical Earthquake. Engineering. Prentice Hall,

বাহ্যিক সংযোগসম্পাদনা কৰক