লোকবিশ্বাস অনুসৰি বীৰা (ইংৰাজী: Poltergeist) হৈছে এক প্ৰকাৰৰ ভূত বা আত্মা। বীৰা এক শ্ৰেণীৰ খেতৰ জাতিৰ অপদেৱতা। বহু ডাঙৰ বেজেহে বীৰাক মন্ত্ৰ মাতি খেদিব পাৰে বুলি জনবিশ্বাস প্ৰচলিত।[1]। আন এক বিশ্বাস অনুসৰি নিদ্ৰামগ্ন অৱস্থাত মহিলাৰ সৈতে যৌন সংগম কৰা ই এক অপদেৱতা৷[2] এইবিধ ভূত বিভিন্ন বস্তুৰ কায়িক বিভ্ৰান্তিৰ বাবে দায়বদ্ধ। এই ভূতৰ প্ৰভাৱত কাৰণবিহীন ভাৱে ডাঙৰ শব্দ হোৱা আৰু বস্তু আদিৰ স্থানান্তৰকৰণ বা ধ্বংস আদি হয় বুলি বিশ্বাস কৰা হয়। বীৰা সম্পৰ্কীয় কাল্পনিক বৰ্ণনা সমূহৰ বেছিভাগতে এই ভূতে চিকুটি দিয়ে, কামোৰে, আঘাত কৰে বুলি উল্লেখ আছে। এই বীৰাৰ প্ৰভাৱত আচবাব আৰু বাচন-বৰ্তন আদিৰ আকস্মিক স্থানান্তৰ ঘটা, দুৱাৰত টুকুৰিয়াই দিয়াৰ দৰে শব্দ হোৱা, আকস্মিক ভাৱে বায়ুমণ্ডলৰ চাপৰ পৰিৱৰ্তন ঘটাৰ দৰে ঘটনা আদি ঘটে বুলি লোকবিশ্বাস প্ৰচলিত।

১৯১১ চনত এখন ফৰাচী আলোচনীত প্ৰকাশ পোৱা ১৪ বছৰীয়া গৃহ পৰিচাৰিকা থেৰেছ ছেলেচৰ বৰ্ণনা অনুযায়ী বীৰাৰ কাৰ্যকলাপৰ চিত্ৰৰূপ।

পৰম্পৰাগতভাৱে বিৰাবোৰক অসুবিধা সৃষ্টিকাৰী আত্মা হিচাপে বৰ্ণনা কৰা হৈছে। বিভিন্ন সংস্কৃতিত বীৰা সম্পৰ্কীয় লোককাহিনীৰ ভিন্নতা দেখা পোৱা যায়। প্ৰথম শতিকাৰ বিশ্বাস অনুসৰি বীৰাবোৰ ভুক্তভোগীসকলক উৎপীড়ন আৰু যন্ত্ৰণা দিয়া আত্মা বুলি ভৱা হৈছিল, পিছলৈ সপ্তদশ শতিকাৰ আৰম্ভণিৰ ফালে বীৰাৰ প্ৰসংগটো অধিক সাধাৰণ হিচাপে দেখা গৈছিল।

বৰ্ণনা সম্পাদনা কৰক

বিভিন্ন সময়ত বহুতে উত্থাপন কৰা বীৰাজনিত কাৰ্যকলাপে অদ্ভুত ঘটনাবোৰক নিৰ্দেশ কৰে। অৱশ্যে এনে ঘটনাৰ সত্যতা সম্পৰ্কীয় যুক্তিৰ বাবে এনে কোনো প্ৰমাণ পোৱা হোৱা নাই।[3]

প্ৰাকৃতিক পৰিঘটনা সম্পাদনা কৰক

বীৰা সম্পৰ্কীয় ঘটনাবোৰৰ ওপৰত কৰা অধ্যয়নে এইবোৰল প্ৰৱঞ্চনা বুলি প্ৰমাণিত কৰিছে। [4]

মানসিক গৱেষক ফ্ৰেংক পডমোৰে এনে ঘটনাৰ বাবে 'নটি লিটল গাৰ্ল ' তত্ত্ব আগবঢ়াইছিল। তেওঁ গৱেষণা কৰা এনে ঘটনাবোৰৰ বেচিভাগেই কিশোৰী, সাধাৰণতে ছোৱালীৰ ওপৰত কেন্দ্ৰীভূত হোৱা যেন লাগিছিল।[5] তেওঁ অধ্যয়নত এইকথা মন কৰিছিল যে, এনে গণ্ডগোল বোৰৰ কেন্দ্ৰবিন্দু প্ৰায়ে একোটা শিশু আছিল যিয়ে মানুহৰ মনোযোগ আকৰ্ষণৰ বাবে মুৰ্খ সাঁজিবলৈ বা ভয় খুৱাবলৈ বস্তুবোৰ চাৰিওফালে দলিয়াই আছিল। [5][6] সন্দেহবাদী অনুসন্ধানকাৰী জো নিকেলে কৈছে যে বীৰা বুলি দাবী কৰা ঘটনাবোৰ সাধাৰণতে "দুষ্টামি সৃষ্টি কৰিবলৈ অনুপ্ৰেৰিত ব্যক্তি"ৰ পৰা উদ্ভৱ হয়। [7]

বিসংগতিবাদী মনোবিজ্ঞানৰ গৱেষণা অনুসৰি, এনে অলৌকিক কাৰ্যকলাপবোৰৰ মানসিক কাৰকবোৰ ভ্ৰম, স্মৃতিশক্তিৰ ত্ৰুটি, আৰু মনতে সাজিলোৱা ভ্ৰান্ত ধাৰণা বুলি ব্যাখ্যা কৰিব পাৰি। [8] এটা অধ্যয়নত (লেঞ্জ আৰু হৌৰান, ১৯৯৮) লিখা হৈছিল যে পল্টগেইষ্ট অভিজ্ঞতাবোৰ হৈছে "অস্পষ্ট উদ্দীপনাৰ ব্যাখ্যাৰ প্ৰভাৱাত্মক আৰু জ্ঞানীয় গতিশীলতাৰ ফলত হোৱা বিভ্ৰান্তি।" [9] মনোবিজ্ঞানী ডোনোভান ৰ'ক্লিফে লিখিছে যে অনুসন্ধান কৰা প্ৰায় সকলো পল্টগেইষ্ট ঘটনা প্ৰৱঞ্চনাৰ ওপৰত আধাৰিত বুলি পৰিগণিত হৈছে, আনহাতে বাকীবোৰ ভ্ৰমৰ দৰে মানসিক কাৰকৰ বাবে দায়ী।[10]

প্ৰমাণবিহীন প্ৰাকৃতিক পৰিঘটনা সম্পাদনা কৰক

১৯৫০-ৰ দশকত, গাই উইলিয়াম লেম্বাৰ্টে এটি কাৰণ ব্যাখ্যা কৰি কৈছিল যে ভূগৰ্ভস্থ পানীৰ চলাচলকো পল্টগেইষ্ট পৰিঘটনাৰ কাৰক বুলি বৰ্ণনা কৰিব পাৰি কিয়নো, ভূগৰ্ভস্থ পানীৰ গতিৰ ফলত ঘৰবোৰত চাপ সৃষ্টি হয়। [11] তেওঁ যুক্তি আগবঢ়াই কৈছিল যে পানীৰ অস্থিৰতাৰ ফলত ঘৰৰ আচবাব আদিৰ অদ্ভুত শব্দ বা গাঁথনিগত চলাচল হ'ব পাৰে, যাৰ ফলত সম্ভৱতঃ ঘৰটো কম্পিত হ'ব পাৰে আৰু বস্তুবোৰ লৰচৰ কৰিব পাৰে।

মাইকেল পাৰচিংগাৰৰ মতে পাৰিপাৰ্শ্বিক ভূ-চুম্বকীয় কাৰ্যকলাপো পল্টগেইষ্ট পৰিঘটনাৰ কাৰণ হ'ব পাৰে।[12]

অস্বাভাৱিক পৰিঘটনা সম্পাদনা কৰক

পেৰাচাইকোলজিষ্ট নেণ্ডৰ ফডৰ আৰু উইলিয়াম জি ৰোলৰ মতে পল্টগেইষ্ট কাৰ্যকলাপ চাইকোকাইনেচিছৰ দ্বাৰা ব্যাখ্যা কৰিব পাৰি। [13][14]

পূৰ্বতে, এনে বিভ্ৰান্তি মূলক কাৰ্যকলাপৰ বাবে বিদ্বেষপূৰ্ণ আত্মাক দোষাৰোপ কৰা হৈছিল।[15] স্পিৰিটিজমৰ প্ৰতিষ্ঠাপক এলান কাৰ্ডেকৰ মতে, বীৰাবোৰ হৈছে নিম্ন স্তৰৰ বিমূৰ্ত আত্মাৰ প্ৰকাশ আৰু এইবোৰ আত্মাৰ তৃতীয় ক্ৰমৰ ষষ্ঠ শ্ৰেণীৰ অন্তৰ্ভুক্ত। এই ব্যাখ্যা অনুসৰি এইবোৰ জুই, বায়ু, পানী, পৃথিৱী আদি উপাদানৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্কিত বুলি বিশ্বাস কৰা হয়। [16]

মনোবিশ্লেষক কাৰ্ল গুস্তাভ জং পল্টগেইষ্টৰ ধাৰণা আৰু সাধাৰণতে যাদুবিদ্যাৰ প্ৰতি আগ্ৰহী আছিল। জঙে এটা ঘটনাৰ পৰিপ্ৰেক্ষিতত যুক্তি দি কৈছিল যে- ১৯০৯ চনত চিগমুণ্ড ফ্ৰয়েডৰ সৈতে হোৱা এক বৈঠকৰ সময়ত এখন বুক চেল্ফৰ পৰা বিশেষ এক অস্বাভাৱিক শব্দ হৈছিল, সেইসময়ত তেওঁ প্ৰথমটো শব্দ শুনি সঠিকভাৱে ভৱিষ্যতবাণী কৰিছিল যে দ্বিতীয়বাৰ আকৌ শব্দ হ'ব। তেওঁ অনুমান কৰিছিল যে এনে পৰিঘটনা তেওঁৰ অৱচেতন মনৰ 'বাহ্যিককৰণ'ৰ ফলত হৈছিল। ফ্ৰয়েডে এই কথাত জংৰ কথাত সন্মত নাছিল আৰু কৈছিল যে সঁচাকৈয়ে কিছুমান প্ৰাকৃতিক কাৰণ আছে। ফ্ৰয়েডৰ জীৱনীকাৰসকলে পিছত এইসম্পৰ্কে যুক্তি আগবঢ়াই কৈছিল যে, সেই শব্দবোৰ আচলতে আচবাববোৰ শুকাই যোৱাৰ ফলত কাঠ সংকুচিত হৈ নিৰ্গত হৈছিল।[17][18][19]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. উমেশ চেতিয়া (২০০৮). "অসমীয়া লোক সমাজত ভূত-প্ৰেত তত্ত্ব". অসমৰ লোক সংস্কৃতিৰ ৰূপৰেখা. কিৰণ প্ৰকাশন. 
  2. "বীৰা". শব্দ ডট্ অৰ্গ. http://xobdo.org/dic/%E0%A6%AC%E0%A7%80%E0%A7%B0%E0%A6%BE। আহৰণ কৰা হৈছে: 2 February 2022. 
  3. Aliens, Ghosts, and Cults: Legends We Live. Bill Ellis. 2001
  4. Hines, Terence. (2003). Pseudoscience and the Paranormal. Prometheus Books. p. 98. আই.এচ.বি.এন. 978-1573929790
  5. 5.0 5.1 Dingwall, John; Hall, Trevor H. (1958). Four Modern Ghosts. Duckworth. pp. 13–14
  6. Goldstuck, Arthur. The Ghost that Closed Down the Town: The Story of the Haunting of South Africa. Penguin Books. p. 275. আই.এচ.বি.এন. 978-0143025054 "Podmore advanced a 'naughty little girl' theory, suggesting that trickery accounted for nearly all poltergeist manifestations, and that the girls and boys who so often seemed to be the victims of poltergeists were actually pulling the strings."
  7. Joe Nickell (3 July 2012). The Science of Ghosts: Searching for Spirits of the Dead. Prometheus Books. পৃষ্ঠা. 283–. ISBN 978-1-61614-586-6. https://archive.org/details/scienceofghostss0000nick. 
  8. Zusne, Leonard; Jones, Warren H. (1989). Anomalistic Psychology: A Study of Magical Thinking. Psychology Press. p. 192. আই.এচ.বি.এন. 978-0805805086
  9. Lange, R; Houran, J. (1998). Delusions of the paranormal: A haunting question of perception. Journal of Nervous and Mental Disease 186 (10): 637–645.
  10. Rawcliffe, Donovan. (1988). Occult and Supernatural Phenomena. Dover Publications. pp. 377–378. আই.এচ.বি.এন. 0-486-25551-4
  11. Wiseman, Richard (1 April 2011). Paranormality: Why We see What Isn't There. Macmillan. পৃষ্ঠা. 167–169. ISBN 978-1743038383. https://books.google.com/books?id=TO67ZcZ3wUUC. 
    • Lambert, G. W. (1955). Poltergeists: A Physical Theory. Journal of the Society for Psychical Research 38: 49–71.
  12. Houran, James (2004). From Shaman to Scientist: Essays on Humanity's Search for Spirits. প্ৰকাশক Lanham: Scarecrow Press. পৃষ্ঠা. 11. ISBN 0-8108-5054-0. 
  13. Fodor, N. (1964). Between Two Worlds. প্ৰকাশক West Nyack, NY: Parker Publishing. https://archive.org/details/betweentwoworlds00fodorich. 
  14. Houran, James; Lange, Rense. (2007). Hauntings and Poltergeists: Multidisciplinary Perspectives. McFarland. p. 290. আই.এচ.বি.এন. 978-0786432493
  15. Goss, Michael. (1979). Poltergeists: An Annotated Bibliography of Works in English, Circa 1880–1975. Scarecrow Press. p. 92. আই.এচ.বি.এন. 978-0810811812
  16. Allan Kardec, Le Livre des Esprits. (2000). chapter 106, Jean de Bonnot. p.46.
  17. Colin Wilson (8 November 2010). Poltergeist: A Classic Study in Destructive Hauntings. Llewellyn Worldwide. ISBN 978-0-7387-2237-5. https://books.google.com/books?id=O68ayjhr3O8C. 
  18. Colin Wilson (21 February 2019). C.G.Jung: Lord of the Underworld. Aeon Books. পৃষ্ঠা. 2–. ISBN 978-1-912807-53-6. https://books.google.com/books?id=cvaKDwAAQBAJ&pg=PT2. 
  19. CG Jung, Memories, Dreams, Reflections, Flamingo 1983, pp 126, 179

উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক