বৃহৎ মালয় কেৰ্কেটুৱা
বৃহৎ মালয় কেৰ্কেটুৱা (Malayan giant squirrel, Ratufa bicolor)) ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত দেখা পোৱা এবিধ কেৰ্কেটুৱাৰ প্ৰজাতি৷ এই কেৰ্কেটুৱাবিধ বাংলাদেশ, নেপাল, ভূটান, চীন, ম্যানমাৰ, লাওছ, থাইলেণ্ড, মালয়েছিয়া, কম্বোডিয়া, ভিয়েটনাম আৰু পশ্চিম ইণ্ডোনেছিয়ালৈকে বহুলভাৱে বিস্তৃত হৈ আছে৷[1]
বৃহৎ মালয় কেৰ্কেটুৱা | |
---|---|
সংৰক্ষণ স্থিতি | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Ratufa |
প্ৰজাতি: | R. bicolor |
দ্বৈৰাশিক নামকৰণ | |
Ratufa bicolor (Sparrman, 1778) | |
Subspecies | |
| |
Black giant squirrel range (erroneously missing Java and Bali) | |
সমাৰ্থক | |
Tennentii, source: Layard, in Blyth, 1849 |
বিৱৰণ
সম্পাদনা কৰকবৃহৎ মালয় কেৰ্কেটুৱাৰ মূৰ আৰু নেজৰ নোমবোৰ গাঢ়-মুগা বৰণীয়া৷ ঠেঙৰ আগবোৰত হালধীয়া বৰণ দেখা যায়৷ ইয়াৰ নেজ দীঘল আৰু জোপোহা৷অন্য বহুতো কেৰ্কেটুৱাৰ দৰে ইহঁতৰ নেজৰ আগটো ওপৰলৈ ঘোৰ খাই নাথাকে৷ তাৰ সলনি ইয়াৰ নেজডাল পিছফালে তললৈ পৰিহে থাকে৷ অন্য কেৰ্কেটুৱাৰ দৰে ইহঁতৰ মতা আৰু মাইকী কেৰ্কেটুৱাৰ মাজত বাহ্যিক কোনো পাৰ্থক্যও নাই৷ ই কেৰ্কেটুৱাৰ প্ৰজাতিবোৰৰ ভিতৰত আটাইতকৈ বৃহৎ প্ৰজাতিসমূহৰ এটা৷ [2]
বাসস্থান
সম্পাদনা কৰকএই কেৰ্কেটুৱাবিধ নেপালৰ পৰা ভিয়েটনামলৈকে বহুলভাৱে বিয়পি আছে৷[1] অসমত ইয়াক প্ৰধানকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, হোলোঙাপাৰ গিবন অভয়াৰণ্য আদি বনাঞ্চলত পোৱা যায়৷ [3]
বৃহৎ মালয় কেৰ্কেটুৱাই উত্তৰ-পূৰ্বাঞ্চলৰ ঘন অৰ্ধ চিৰসেউজীয়া, চিৰসেউজীয়া আৰু পৰ্ণপাতী অৰণ্যৰ গছত বাস কৰে (arboreal)৷ গতিকে ধ্বংসপ্ৰায় অৰণ্যত ইহঁত বিৰল৷ এই কেৰ্কেটুৱাবিধ প্ৰধানকৈ সাগৰ পৃষ্ঠৰ পৰা ১৯০০ মিটাৰৰ পৰা ২০০০ মিটাৰ উচ্চতাৰ অৰণ্যত পোৱা যায়৷[1]
আচৰণ
সম্পাদনা কৰকই প্ৰধানকৈ দিনৰ ভাগত সক্ৰিয়৷[1] এই কেৰ্কেটুৱা বিধে ওখ গছৰ ডালত পাত আৰু ঠাৰিৰে বাহ সাজে৷ বৃহৎ মালয় কেৰ্কেটুৱাই প্ৰায়েই অকলশৰীয়াকৈ চৰে আৰু ফল-মূল, পাত আৰু ডাল আদি খাই জীয়াই থাকে৷ এই প্ৰক্ৰিয়াৰে কেৰ্কেটুৱাবিধে গছৰ বীজৰ বিতৰণ (seed dispersal)ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ইহঁতৰ জীৱনকাল ওঠৰ বছৰ পৰ্য্যন্ত হ’ব পাৰে বুলি জনা যায়৷[4]
বৃহৎ মালয় কেৰ্কেটুৱাৰ প্ৰজননৰ সময় মাৰ্চৰ পৰা এপ্ৰিল আৰু জুলাইৰ পৰা আগষ্ট মাহলৈকে৷ মাইকী কেৰ্কেটুৱাই বছৰত দুয়োবাৰে গৰ্ভধাৰণ কৰিব পাৰে আৰু গৰ্ভধাৰণৰ সময় ২৮ ৰ পৰা ৩৫ দিন পৰ্য্যন্ত৷ ইহঁতে এবাৰত এটা বা দুটা পোৱালিৰ জন্ম দিয়ে৷ পোৱালি কেৰ্কেটুৱাক মাকে পাঁচসপ্তাহ মানলৈ যত্ন লয়৷ মতা কেৰ্কেটুৱাই পোৱালিৰ কোনো যত্ন লোৱা দেখা নাযায়৷[5]
শ্ৰেণীবিভাজন
সম্পাদনা কৰকবৃহৎ মালয় কেৰ্কেটুৱাৰ বৰ্তমানলৈকে দহবিধ উপপ্ৰজাতি চিনাক্ত হৈছে৷[2]
Subspecies | Authority | Synonyms |
---|---|---|
R. b. bicolor | Sparrman (1778) | albiceps, baliensis, humeralis, javensis, leschnaultii, major, sondaica |
R. b. condorensis | Kloss (1920) | none |
R. b. felli | Thomas and Wroughton (1916) | none |
R. b. gigantea | McClelland (1839) | lutrina, macruroides |
R. b. hainana | J. A. Allen (1906) | stigmosa |
R. b. leucogenys | Kloss (1916) | sinus |
R. b. melanopepla | Miller (1900) | anambae, angusticeps, dicolorata, fretensis, penangensis, peninsulae, tiomanensis |
R. b. palliata | Miller (1902) | batuana, laenata |
R. b. phaeopepla | Miller (1913) | celaenopepla, marana |
R. b. smithi | Robinson and Kloss (1922) | none |
সংৰক্ষণ
সম্পাদনা কৰকবৃহৎ মালয় কেৰ্কেটুৱাক আই ইউ চি এনৰ ৰঙা তালিকাত ’সংকটাসন্ন’ (Near Threatened) বুলি চিহ্নিত কৰা হৈছে৷ বনাঞ্চল ধ্বংস আৰু বন্য মাংসৰ বাবে চিকাৰ এই কেৰ্কেটুৱাৰ জনসংখ্যা হ্ৰাসৰ মূল কাৰণ বুলি জনা যায়৷[2]
চিত্ৰসংগ্ৰহ
সম্পাদনা কৰক-
From Kaeng Krachan National Park, Thailand
তথ্যউৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 1.4 Walston, J.; Duckworth, J. W.; Molur, S. (2008). Ratufa bicolor. https://www.iucnredlist.org/details/19377/0। আহৰণ কৰা হৈছে: 6 January 2009.
- ↑ 2.0 2.1 2.2 {Author1, Author2...}, (n.d.). Ratufa bicolor (Sparrman, 1778) . [online] India Biodiversity Portal,Species Page : {name of species field} Available at: https://indiabiodiversity.org/biodiv/species/show/238526 [Accessed date Oct 15, 2020].
- ↑ Menon, Vivek (2009) [First published 2003]. Mammals of India. Princeton field guides. প্ৰকাশক Princeton, N.J.: Princeton University Press. ISBN 978-0-691-14067-4. OCLC 276340775. "Originally published as: Menon, Vivek (ed.), et al. A field guide to Indian mammals (2003)"
- ↑ https://www.mammalsofindia.org/#!/sp/460/Ratufa-bicolor
- ↑ https://animaldiversity.org/accounts/Ratufa_bicolor/
অন্যান্য উৎস
সম্পাদনা কৰক- Francis, Charles M., Priscilla Barrett. A field guide to the mammals of South-East Asia. London: New Holland, 2008. আই.এচ.বি.এন. 978-1-84537-735-9, OCLC: 190967851.
- Lekhakun, Bunsong, Jeffrey A. McNeely. Mammals of Thailand. Bangkok: Association for the Conservation of Wildlife, 1977. OCLC: 3953763.
- Nowak, Ronald M. Walker’s mammals of the world. Baltimore: Johns Hopkins University Press, 1999. আই.এচ.বি.এন. 978-0-8018-5789-8, OCLC: 39045218. Chapter: "Sciuridae: squirrels, chipmunks, marmots, and prairie dogs" in volume two.
বাহ্যিক উৎস
সম্পাদনা কৰক- Black Giant Squirrel - Ecology Asia page about this species, with beautiful photos and description.