বেন (বেঞ্জামিন) জনচন (১১ জুন ১৫৭২-১৮ আগষ্ট, ১৬৩২ ) এজন ইংৰাজ নাট্যকাৰ আৰু কবি আছিল। তেওঁ ব্যংগাত্মক নাটক Every Man in His Humour (১৫৯৮), Volpone, or The Fox (১৬০৬), The Alchemist(১৬১০) আৰু Bartholomew Fair (১৬১৪)ৰ লগতে গীতিকবিতা আৰু epigrammatic কবিতাৰ বাবে জনাজাত। তেওঁক উইলিয়াম শ্বেইক্সপীয়েৰৰ পিছতে প্ৰথম জেমছৰ ৰাজত্বকালৰ দ্বিতীয় গৰাকী গুৰুত্বপূৰ্ণ ইংৰাজী নাট্যকাৰ হিচাপে গণ্য কৰা হয়।[1]

বেন জনচন

Abraham Blyenberch য়ে অঁকা প্ৰতিকৃতি, ১৬১৭
জন্ম ব্ৰেঞ্জামিন জনচন
১৫৭২
ইংলেণ্ড
মৃত্যু ১৮ আগষ্ট, ১৬৩৭
লণ্ডন, ইংলেণ্ড
পেচা নাট্যকাৰ, কবি
ভাষা আদি ইংৰাজী ভাষা
সাহিত্যিক বিপ্লৱ ইংলিচ নৱজাগৰণ

স্বাক্ষৰ

জনচনৰ জন্ম ১৫৭২ চনৰ জুন মাহত (সম্ভৱতঃ ১১ তাৰিখে) লণ্ডনৰ আশেপাশে হৈছিল। [2][3][4] তেখেতে সৰুতে শিক্ষা গ্ৰহণ কৰিছিল ৱেষ্টমিন্সটাৰ গ্ৰামাৰ স্কুলত। ১৫৮৯ চনত ৱেষ্টমিন্সটাৰ স্কুল এৰি যোৱাৰ পিছত জনচনে কেমব্ৰিজৰ ছেইণ্ট জনছ কলেজত পঢ়ে। পিছত তেওঁ নেদাৰলেণ্ডলৈ যায় আৰু ইংৰাজী ৰেজিমেণ্টৰ সৈতে স্বেচ্ছাসেৱী সৈনিক হিচাপে যোগদান কৰে।

সাহিত্য-কৃতি

সম্পাদনা কৰক

১৫৯২ চন মানত বেন জনচনে অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে। ১৫৯৮ চনত তেওঁ ব্যঙ্গাত্মক কমেডি Every Man in His Humour অৰ যোগেদি নাট্যকাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰে।

জনচনৰ নাটকসমূহ তিনিটা ভাগত ভগাব পাৰি:- (১) ৰাজ দৰবাৰত পৰিৱেশিত নৃত্য-গীত সম্বলিত কাব্যিক নাট (Court Masques) (২) বুৰঞ্জীমূলক ট্ৰেজেডি (যেনে Sejanus, Catiline), আৰু (৩) কমেডি। তেওঁৰ বুৰঞ্জীমূলক ট্ৰেজেডিসমূহ যথেষ্ট পাণ্ডিত্যপূৰ্ণ আৰু কষ্টসাধ্য হৈও নীৰস।[5] কমেডিসমূহেই হ'ল জনচনৰ নাট্যকৃতিৰ সৰ্বোৎকৃষ্ট উদাহৰণ। সিবিলাকৰ ভিতৰত উল্লেখযোগ্য হ'ল: The Alchemist, Volpone or The Fox আৰু Epicure or Silent Woman আদি। এই কমেডিসমূহেই জনচনৰ প্ৰতিভা আৰু শৈলীৰ বৈশিষ্ট্যসমূহ স্পষ্ট কৰিছে। লগতে শ্বেইক্সপীয়েৰৰ লগত জনচনৰ নাটাচিন্তাৰ মৌলিক পাৰ্থক্য পৰিলিক্ষত হৈছে। এৰিষ্টটল নিৰ্দেশিত প্ৰাচীন নাট্য-ৰীতিৰ একান্ত অনুগামী হিচাপে জনছনে সম্পূৰ্ণ নিজস্ব পদ্ধতিৰে সমসাময়িক নাট্যজগতত এক সংস্কাৰ সাধনৰ প্ৰচেষ্টাত উঠি পৰি লাগিছিল।[5]

তেখেত এজন বাস্তৱবাদী নাট্যকাৰ আছিল। তেওঁৰ কমেডিসমূহৰ পটভূমি আছিল সমসাময়িক লণ্ডনৰ সমাজ। সমকালীন সমাজ-বাস্তৱতাৰ ৰূপায়ণ তেখেতে নাটকসমূহত সাৰ্থকৰূপত কৰিছে। নাটকৰ ৰচনা শৈলীৰ বেলিকা জনচনে ৰোমাণ্টিক নাটকৰ উচ্ছৃঙ্খলতা পৰিহাৰ কৰি লেটিন কমেডিক আদৰ্শ ৰূপে গ্ৰহণ কৰিছিল। চৰিত্ৰায়নৰ ক্ষেত্ৰত তেওঁ এনে এটা ধাৰণাক ভিত্তি হিচাপে লেছিল যে প্ৰতিজন মানুহেই একোটা বিশেষ গুণ বা মুখ্য আৱেগৰ দ্বাৰা পৰিচালিত হয়। ইয়াক মানুহজনৰ প্ৰধান বৈশিষ্ট্যৰূপে চিহ্নিত কৰিব পাৰি। সেইমতে তেওঁ তেওঁৰ নাটকৰ চৰিত্ৰবোৰৰ মাজত চিহ্নিত কৰিছিল একো একোটা মুখ্য আৱেগ। ইয়াক তেওঁ বুলিছিল 'হিউমাৰ' (humour) আৰু তাৰ আধাৰতে চৰিত্ৰবোৰক সজাই তুলিছিল। সেইবাবেই জনচনৰ নাটকৰ চৰিত্ৰবোৰ শ্বেইক্সপীয়েৰৰ চৰিত্ৰবোৰৰ দৰে জটিল ব্যক্তিত্ব হোৱাৰ পৰিবৰ্তে হৈ পৰে একো একোটা সাঁচত ঢলা প্ৰতীক (type)।[5]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. The Editors of Encyclopaedia Britannica (12 June 2024). "Ben Jonson". Encyclopedia Britannica. Archived from the original on 12 July 2024.
  2. Bland 2004.
  3. The Editors of Encyclopaedia Britannica (12 June 2024). "Ben Jonson". Encyclopedia Britannica. Archived from the original on 12 July 2024.
  4. Ghazi, Ahmed. "Ben Jonson - Bibliotheca Alexandrina". https://www.bibalex.org/libraries/presentation/static/Jonson_Ben_eng_1302.pdf. 
  5. 5.0 5.1 5.2 মদন শৰ্মা(সম্পা).(২০০৩), বিশ্বকোষ, পঞ্চম খণ্ড, অসম সাহিত্য সভা, পৃ.২১৮ ক