ব্যাকৰণ আৰু প্ৰাকৃতি বিজ্ঞান (গ্ৰন্থ)
ব্যাকৰণ আৰু প্ৰাকৃতি বিজ্ঞান নামৰ ব্যাকৰণ আৰু ৰূপতত্ত্বৰ তাত্ত্বিক ধাৰণাৰ মৌলিক গ্ৰন্থখনৰ ৰচক হ'ল ড॰ ৰমেশ পাঠক। কিতাপখন প্ৰথম প্ৰকাশ পায় ১৯৮৮ চনৰ মাৰ্চ মাহত। গুৱাহাটীৰ পৰা প্ৰকাশিত কিতাপখনৰ প্ৰকাশক আছিল বীণা লাইব্ৰেৰীৰ মনোৰঞ্জন দে। গ্ৰন্থখনৰ ভাষা সহজ-সৰল আৰু পোনপোটীয়া, প্ৰকাশভংগীও সাৱলীল। গ্ৰন্থৰ বিষয়বস্তু যিহেতু অসমীয়া ভাষা সাহিত্যত নতুন আছিল, সেয়ে লিখকে ইতিমধ্যে ওলোৱা দুই এখন গ্ৰন্থৰ পৰা তথ্য সংগ্ৰহ কৰিব লগা হৈছিল। এই কথা তেওঁ গ্ৰন্থখনৰ পাতনিত নিজে উল্লেখ কৰিছে "যিহেতু বিষয়টো নতুন সেইবাবে বিভিন্ন গ্ৰন্থৰ পৰা তথ্য সংগ্ৰহ কৰিব লগা হৈছে।"[1]
অধ্যায়
সম্পাদনা কৰকব্যাকৰণ আৰু প্ৰাকৃতি বিজ্ঞান গ্ৰন্থখনত প্ৰথম অধ্যায়ৰ পৰা পৰিশিষ্টলৈ ৬টা অধ্যায় আছে।[2]
প্ৰথম অধ্যায়
সম্পাদনা কৰকএই অধ্যায়ত আছে ভাষা, ভাষাৰ উপাদান আৰু ব্যাকৰণৰ আলোচনা। লগতে ভাৰতৰ লগে লগে পাশ্চাত্যৰ ব্যাকৰণ চৰ্চাৰ সবিশেষ এই অধ্যায়ত খৰচি মাৰি আলোচনা কৰা হৈছে।
দ্বিতীয় অধ্যায়
সম্পাদনা কৰকদ্বিতীয় অধ্যায়ত লিখকে অসমীয়া ভাষাৰ ৰূপতত্ত্বৰ বিভিন্ন দিশ উদাহৰণসহ পুংখানুপুংখভাৱে বিশ্লেষণ কৰিছে। ইয়াত বচন, লিংগ, শব্দবিভক্তি, প্ৰত্যয়, কাল আদিৰ আলোচনা বিস্তৃতভাৱে কৰি প্ৰতিটো ব্যাকৰণগত বিষয়ক নিজাববীয়াভাৱে মোখনি মাৰিছে।
তৃতীয় অধ্যায়
সম্পাদনা কৰকএই অধ্যায়ত আছে প্ৰাকৃতি নিৰ্ণয়। ভাষাৰ মূল উপাদান ধ্বনি, ৰূপ, আৰু বাক্যৰ মাজত যে পাৰস্পৰিক সম্পৰ্ক আছে সেইবোৰ কথাই ইয়াত শৃংখলিত ৰূপত আলোচনা কৰা হৈছে।
চতুৰ্থ অধ্যায়
সম্পাদনা কৰকএই অধ্যায়ত উপাকৃতি নিৰ্ণয় কেনেকৈ কৰিব লাগে তাৰ কথা খৰচি মাৰি আলোচনা কৰিছে।
পঞ্চম অধ্যায়
সম্পাদনা কৰকএই অধ্যায়ত অসমীয়া ভাষাৰ ৰূপতত্ত্ব খণ্ডটিও অতি বিস্তাৰিতভাৱে আলোচনা কৰিছে। ১২ পৃষ্ঠাৰ এই অধ্যায়ত লেখকে প্ৰকৃতিৰ ভাগ, গুণগত শ্ৰেণী বিভাজন, ক্ৰিয়া বিভক্তি, বিভক্তিমূলক প্ৰত্যয় -- এই সকলো দিশ সামৰিছে।
পৰিশিষ্ট
সম্পাদনা কৰকঅসমীয়া ভাষাত যিটো বৰ্ণবিন্যাসৰ সমস্যা, সেই সমস্যাটোৰ খেলি-মেলি, বৰ্ণ বিন্যাসৰ অৰাজকতাৰ কাৰণ, বৰ্ণ বিন্যাস কিদৰে কৰা উচিত, অসমীয়া বৰ্ণ বিভ্ৰাটৰ সমস্যাৰ সমাধান -- এই আটাইবোৰ কথা লেখকে পৰিশিষ্টত আলোচনা কৰিছে।