ৰমেশ পাঠক

অসমীয়া লেখক, শিক্ষাবিদ

ড° ৰমেশ পাঠক (জন্ম: ১ মে' ১৯৪২- মৃত্যু: ২৬ জানুৱাৰী ২০২১) এগৰাকী গৱেষক, অধ্যাপক, বিশ্লেষক, সাহিত্য সমালোচক, সম্পাদক, ভাষাবিদ, বৈয়াকৰণিক, নিবন্ধকাৰ আৰু বক্তা।[1] তেখেতৰ পিতৃৰ নাম হৰেশ্বৰ পাঠক আৰু মাতৃৰ নাম শান্তি পাঠক। জন্মৰ পাছতেই তেখেতৰ মাতৃৰ মৃত্যু হয়। তেখেত হৰেশ্বৰ পাঠকৰ পঞ্চম তথা কনিষ্ঠ পুত্ৰ আছিল।[2]

ৰমেশ পাঠক
জন্ম ১ মে', ১৯৪২
টিহু, নলবাৰী, অসম
মৃত্যু ২৬ জানুৱাৰী, ২০২১ (৭৮ বছৰ)
পেচা গৱেষক, অধ্যাপক, বিশ্লেষক, সাহিত্য সমালোচক, সম্পাদক, ভাষাবিদ, বৈয়াকৰণিক, নিবন্ধকাৰ, বক্তা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখযোগ্য বঁটা ডক্টৰেট ডিগ্ৰী
সাহিত্যাচাৰ্য

অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা
দাম্পত্যসংগী অনিতা উজীৰ
সন্তান মণিকূট পাঠক (পুত্ৰ)
কুঁৱলী পাঠক (কন্যা)

স্বাক্ষৰ

শিক্ষা সম্পাদনা কৰক

পাঠকে ১৯৫২ চনত খলিহাগুৰি প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ১৯৫৯ চনত টিহু হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত নলবাৰী মহাবিদ্যালয়ৰ পৰা আই. এ. আৰু ১৯৬৩ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা বি.এ. পৰীক্ষাত উৰ্ত্তীণ হয়। ১৯৬৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম.এ. পাছ কৰে।[2] তেখেতে ১৯৮৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰে।[3]

কৰ্মজীৱন সম্পাদনা কৰক

প্ৰথমে তেখেত অৰুণাচল প্ৰদেশৰ তেজু উচ্চতৰ মাধ্যমিক স্কুলত বিষয় শিক্ষক হিচাপে চাকৰিত যোগদান কৰে। ইয়াৰ পিছত ১৯৬৬ চনত অৰুণাচলৰ (তেতিয়াৰ নেফা) জৱাহৰলাল নেহৰু কলেজত অধ্যাপক হিচাপে যোগদান কৰে। ইয়াৰ চাৰি বছৰ পিছত ১৯৭০ চনত গুৱাহাটীকটন বিশ্ববিদ্যালয়অসমীয়া বিভাগত যোগদান কৰে আৰু ২০০১ চনৰ ১ মে’ত অৱসৰ গ্ৰহণ কৰে।[3] ২০০৬ চনৰ পৰা ২০১০ চনলৈ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত আৰু ২০০৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ড° ৰমেশ পাঠক গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষণাৰ গাইড হিচাপে স্বীকৃতি লাভ কৰে।[2]

বৈবাহিক জীৱন সম্পাদনা কৰক

১৯৭০ চনৰ ২৫ মে' তাৰিখে বৰপেটাৰ আমোলাপট্টি নিবাসী দেৱেন্দ্ৰনাথ উজীৰৰ তৃতীয় কন্যা অনিতা উজীৰৰ লগত তেখেত বিবাহপাশত আবদ্ধ হয়। তেখেতৰ পুত্ৰসন্তানৰ নাম হ'ল মণিকূট পাঠক আৰু কন্যাসন্তানৰ নাম হ'ল কুঁৱলী পাঠক।[2]

প্ৰকাশিত পুথি সম্পাদনা কৰক

ড° ৰমেশ পাঠকে ভাষা আৰু ব্যকৰণ বিষয়ক ভালেমান গ্ৰন্থ ৰচনা কৰে। সাহিত্যিকগৰাকীৰ সাহিত্যৰাজিক তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি।[2][3]

প্ৰসংগ পুথি সম্পাদনা কৰক

  • ভাষা বিজ্ঞানৰ ভূমিকা (১৯৮০)
  • অসমীয়া ভাষাৰ ইতিহাস (১৯৮৫)
  • ব্যাকৰণ আৰু প্ৰাকৃতি বিজ্ঞান
  • উপভাষা বিজ্ঞানৰ ভূমিকা
  • পুৰণি অসমীয়া ভাষাৰ ৰূপতত্ত্ব
  • পুৰণি অসমীয়া সাহিত্যৰ সুবাস
  • নাটক আৰু নাটক
  • অসমীয়া ভাষা চৰ্চাকাৰী সকলৰ হাতপুথি
  • অসমীয়া ভাষাৰ সংৰক্ষণ, সংবৰ্ধন আৰু সম্প্ৰচাৰ
  • সামগ্ৰিক অসমীয়া শব্দকোষ
  • উচ্চতৰ অসমীয়া ব্যাকৰণ
  • ভাৰতৰ পূবাঞ্চলত অসমীয়া ভাষাৰ গুৰুত্ব
  • অসমীয়া ভাষাৰ বিভিন্ন দিশ: মত আৰু বিতৰ্কিত মত
  • সাম্প্ৰতিক অসমীয়া ভাষাৰ সংকট আৰু আমাৰ দায়ৱদ্ধতা
  • ভাষা বিষয়ক নিৰ্বাচিত প্ৰৱন্ধ

উপন্যাস সম্পাদনা কৰক

  • এটা নতুন সূৰ্য্য লাগে,
  • ছন্দহাৰা পৃথিবীত

নাটক সম্পাদনা কৰক

  • ভুল কাৰ

অনাতাঁৰ নাটক সম্পাদনা কৰক

  • তোমাক মই ভাণ্ডো, তুমি মোক ভাণ্ডা
  • অসমাপ্ত স্বৰ্গ ভ্ৰমণ

কবিতাপুথি সম্পাদনা কৰক

  • পাহৰা গীতৰ সুৰ

ৰম্যৰচনা সম্পাদনা কৰক

  • থাক ঔ থাক সোমাই থাক

গৱেষণা গ্ৰন্থ সম্পাদনা কৰক

  • Studies in Assamese Vocabulary

সম্পাদিত গ্ৰন্থ সম্পাদনা কৰক

  • শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'পাৰিজাত হৰণ নাট'
  • শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'ৰুক্মিনী হৰণ নাট'
  • শ্ৰীমন্ত মাধৱদেৱ ৰচিত 'অৰ্জুন ভঞ্জন নাট'
  • হৰিহৰ বিপ্ৰ ৰচিত ' বব্ৰুবাহনৰ যুদ্ধ '
  • অনন্ত কন্দলী ৰচিত ' কুমৰ হৰণ '
  • দৈৱচন্দ্ৰ তালুকদাৰ ৰচিত 'কাম্য কামৰূপ'
  • সত্যনাথ বৰা ৰচিত 'বহল ব্যাকৰণ'

সন্মান সম্পাদনা কৰক

অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা বৰঙনিৰ বাবে অসম সাহিত্য সভাই পাঠকক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছে৷ অসম চৰকাৰৰ পৰাও তেখেতে সাহিত্যিক পেন্সন লাভ কৰিছে৷[2] ২০২০ চনত অসম প্ৰকাশন পৰিষদে তেখেতক জীৱনজোৰা সাধনা বঁটা আগবঢ়ায়৷ ২০২০ চনত নলবাৰী সাহিত্য সভাই পাঠকক "নলবাৰী ৰত্ন সন্মান" আগবঢ়ায়৷

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. কনকসেন ডেকা (২০১৬). "সাহিত্যাচাৰ্য ড॰ ৰমেশ পাঠকৰ কৃতিত্ব". ড॰ ৰমেশ পাঠক জীৱন আৰু কৃতি. প্ৰকাশক পাণবজাৰ, গুৱাহাটী: অশোক বুক ষ্টল. পৃষ্ঠা. ০৯. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 Edited by Ratneswar Mili. Ramesh Pathak : Jeevan Aaru Kriti. Ashok Book Stall, Panbazar, Guwahati 1. 
  3. 3.0 3.1 3.2 ডিজিটেল ডেস্ক (26 January 2021). "সাহিত্যচাৰ্য ড০ ৰমেশ পাঠক আৰু নাই". অসমীয়া প্ৰতিদিন. https://www.asomiyapratidin.in/dr-ramesh-chandra-pathak-no-more-new/। আহৰণ কৰা হৈছে: 28 January 2021.