ব্ৰহ্মাণ্ড পুৰাণ (সংস্কৃত : ब्रह्माण्ड पुराण, Brahmāṇḍa Purāṇa) : মহৰ্ষি বেদব্যাস প্ৰণীত সংস্কৃত ভাষাত ৰচিত হিন্দুধৰ্মৰ অষ্টাদশ মহাপুৰাণৰ ভিতৰত “ব্ৰহ্মাণ্ড পুৰাণ” অন্যতম। মধ্যযুগীয় ভাৰতীয় সাহিত্যত এই পুৰাণক “বায়বীয় পুৰাণ” বা “বায়বীয় ব্ৰহ্মাণ্ড” নামেৰেও উল্লেখ কৰা হৈছে। ১২ হাজাৰ শ্লোকৰে সমৃদ্ধ এই পুৰাণত পৌৰাণিক ভূগোল, জ্যোতিৰ্বিজ্ঞান, আধ্যাত্ম ৰামায়ণ আদি বিষয় সমাহিত।

সংস্কৃত ভাষাৰ ব্ৰহ্মাণ্ড পুৰাণ পাণ্ডুলিপিত আধ্যাত্ম ৰামায়ণৰ শ্লোক ১.১ – ১.১৪

ইতিহাসসম্পাদনা কৰক

ব্ৰহ্মাণ্ডৰ বিষয়ে থকা বৰ্ণনাই হ’ল ব্ৰহ্মাণ্ড পুৰাণৰ সাৰ বস্তু। এয়া অতি পুৰাতন আৰু এয়া সমস্ত শাস্ত্ৰৰ পূৰক, সেইবাবেই ইয়াক ব্ৰহ্মাণ্ড পুৰাণ বোলা হয়।[1] ই প্ৰায় ১২০০০ শ্লোকেৰে প্ৰণিত হৈছে। পণ্ডিতসকলে ইয়াকো ক’ব বিচাৰে যে গোদাবৰী নদীৰ অববাহিকা অঞ্চলত এই পুৰাণ ৰচিত হৈছিল। তেওঁলোকে এই তথ্যৰ সত্যতা প্ৰতিপন্ন কৰিব বিচাৰে ব্ৰহ্মাণ্ড পুৰাণত উল্লিখিত এক শ্লোকৰ ভিত্তিত।

শ্লোকটি হ’ল :

সহ্যস্য চেণ্ডেৰান্তেষু যত্ৰ গোদাবৰী নদী।
পৃথিব্যাসপি কৃৎস্নায়াং স প্ৰদেশো মনোৰমঃ॥

 উৎস : ব্ৰহ্মাণ্ড পুৰাণ
(২||১৬||৪৩)

অৰ্থাৎ সহ্য পৰ্বতৰ উত্তৰ দিশত প্ৰৱাহিত হৈ থকা গোদাবৰী নদীৰ পাৰৰ প্ৰদেশেই হ’ল অতি মনোৰম অঞ্চল।

ব্ৰহ্মাণ্ডৰ ধাৰণাসম্পাদনা কৰক

বৈদিক সাহিত্যসমূহে ব্ৰহ্মাণ্ড সম্পৰ্কেও আগবঢ়াইছিল। ব্ৰহ্মাণ্ড শব্দটো 'ব্ৰহ্ম' আৰু 'অণ্ড' শব্দৰ পৰা সৃষ্টি হৈছিল। আনহাতে 'বৃহৎ' শব্দৰ পৰা ব্ৰহ্মশব্দৰ সৃষ্টি হৈছে। যাৰ অৰ্থ হ’ল প্ৰসাৰ (Expand)। অণ্ড শব্দৰ অৰ্থ হ’ল ডিম (Egg)। অৰ্থাৎ এটা ডিমৰ পৰা প্ৰসাৰণ ঘটি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল। শতপথ ব্ৰাহ্মণত (১১:১:৬:১) উল্লেখ আছে যে সৃষ্টিৰ আদিতে প্ৰচণ্ড উত্তাপৰ ফলত এটা সোণালী ডিমৰ সৃষ্টি হৈছিল। বহুবছৰ এই সোণালী ডিমটো ওপঙি থকাৰ পাছত তাৰ পৰাই ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল। বায়ু পুৰাণত (৪.৭২-৭৩) উল্লেখ আছে যে সমগ্ৰ ব্ৰহ্মাণ্ড অৰ্থাৎ চন্দ্ৰ, সূৰ্য নক্ষত্ৰসমূহ আৰু তাৰকাৰাজ্যসমূহ এটা প্ৰকাণ্ড ডিমৰ ভিতৰত সোমাই আছে। প্ৰায় হাজাৰ বছৰ পাছত বায়ুৱে এই ডিমটো দুফাল কৰিছিল (বায়ু পুৰাণ ২৪.৭৩)। মনুস্মৃতিত (১.১৩) উল্লেখ থকা মতে এটা সোণালী ডিমৰ পৰা পৃথিৱী আৰু স্বৰ্গৰ সৃষ্টি হৈছিল। মৎস্যপুৰাণতো (২.২৫-৩০) ব্ৰহ্মাণ্ড সৃষ্টিৰ বিষয়ে একেই ধাৰণা পোৱা যায়। আনহাতে, আধুনিক বিজ্ঞানেও এখন ডিমৰ আকৃতিৰ বিশ্বব্ৰহ্মাণ্ডৰ কথা প্ৰমাণ কৰিছে। বৈদিক যুগত অৱশ্যে বিশ্বব্ৰহ্মাণ্ড তিনিটা ভাগত বিভক্ত আছে বুলি ধাৰণা কৰা হৈছিল।[2] এই ভাগ তিনিটা হ’ল-

  1. পৃথিৱী,
  2. অন্তৰীক্ষ (তৰাৰ গোলক) আৰু
  3. স্বৰ্গ

বিষয়বস্তুসম্পাদনা কৰক

এই পুৰাণৰ বিভিন্ন অংশসমূহ :

  • সৃষ্টি বিৱৰণ, হিন্দু সৃষ্টিতত্ত্ব, কল্পতত্ত্ব, ব্ৰহ্মাৰ উৎপত্তি, বিষ্ণুৰ দ্বাৰা শিৱ-স্তৱ, ৰুদ্ৰৰ উৎপত্তি, জম্বুদ্বীপৰ বৰ্ণনা, ভৰত বংশৰ বৰ্ণনা, যজ্ঞবৰাহৰ বিৱৰণ, প্ৰতিসন্ধি কথন,
  • চতুৰাশ্ৰম বিভাগৰ বৰ্ণনা, দেৱাদিৰ সৃষ্টি বৰ্ণনা,শতৰূপা আৰু স্বয়ম্ভূৱ মনুৰ কথা বৰ্ণনা, যোগৰ উপসৰ্গ/ঐশ্বৰ্যৰ বৰ্ণনা, পাশুপাত যোগৰ বৰ্ণনা, শৌচাচাৰৰ লক্ষণ বৰ্ণনা,
  • পৰমাশ্ৰম প্ৰাপ্তিৰ কথন, যতিগণৰ প্ৰায়শ্চিত্তৰ বৰ্ণনা, অৰিষ্ট লক্ষণ বৰ্ণনা, অনুদ্বীপৰ বৰ্ণনা, আদি

লগতে চাওকসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. ব্ৰহ্মাণ্ড পুৰাণ | প্ৰথম অধ্যায় | পৃষ্ঠা : ৭ | অসমীয়া গদ্যৰূপ (লেখক) : সুৰেন্দ্ৰ কুমাৰ দাস | আহৰণ কৰা হৈছে=১৩ মে ২০২০
  2. ব্ৰহ্মাণ্ডৰ ধাৰণা (Concept of universe) | প্ৰাক্‌-ঔপনিবেশিক ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ইতিহাস (History of Science and Technology in Pre- Colonial India) | পৃষ্ঠা : ৮৩ | লেখিকা : স্বপ্না কাকতি | আহৰণ কৰা হৈছে= ১৩ মে ২০২০