ব্ৰিজ (অসমীয়া চলচ্চিত্ৰ)

২০২২ বৰ্ষত মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ

ব্ৰিজ (ইংৰাজী: Bridge) ২০২২ চনত মুক্তি পোৱা এখন নাট্যধৰ্মী অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ ৰচনা আৰু পৰিচালনা কৃপাল কলিতাৰ। ছবিখন বিভিন্ন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ উপৰিও[1][2] ই শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৬৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও (২০২০) লাভ কৰিবলৈ সক্ষম হয়।[3]

ব্ৰীজ

ব্ৰিজৰ পোষ্টাৰ
পৰিচালক কৃপাল কলিতা
ৰচনা কৃপাল কলিতা
প্ৰযোজক ৰমা কুমাৰ দাস, সবিতা দেৱী
অভিনয়ত শিৱাৰাণী কলিতা
মুক্তি
৩০ ছেপ্তেম্বৰ, ২০২২
দৈৰ্ঘ্য
১ ঘণ্টা ২৬ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

ছবিৰ কাহিনীটো বানে ধোৱা গাঁও এখনৰ দুখীয়া কৃষক পৰিয়ালৰ জোনাকী নামৰ এজনী কিশোৰীৰ সংগ্ৰামৰ কাহিনী, যিয়ে পিতৃৰ মৃত্যুৰ পিছত ঘৰখনৰ অন্ন সংস্থানৰ দায়িত্ব গ্ৰহণ কৰিবলগীয়া হয়। উপাৰ্জনৰ অন্য পথ নথকাত তায়ো পিতৃৰ পথ অনুসৰণ কৰি পুৰুষৰ দৰে কান্ধত নাঙল লৈ কৃষিকৰ্মত প্ৰবৃত্ত হয়। লগতে ছবিখনত দেখুওৱা হৈছে যে এখন উপনৈৰ দুপাৰে থকা দুখন গাঁৱক কেনেকৈ কলগছেৰে সজা ভুৰেৰে সংযোগ কৰি ৰাখিছে। ইয়াত যিখন উপনৈ দেখুওৱা হৈছে, সেইখন এখন ব্ৰহ্মপুত্ৰৰ উপনৈ, যিয়ে প্ৰতি বছৰে প্ৰলয়ংকৰী বানৰ সৃষ্টি কৰি জনজীৱন বিপৰ্যস্ত কৰি পেলায়।[2][1]

অভিনয় শিল্পী সম্পাদনা কৰক

  • শিৱাৰাণী কলিতা
  • কৃপাল কলিতা
  • পাৰ্থ প্ৰতীম বৰা
  • স্বপ্নিল নাথ
  • অনিন্দিতা দাস[1]

সন্মান সম্পাদনা কৰক

  • শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৬৮তম (২০২০) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। এই বঁটাত আছে ৰজত কমল আৰু নগদ একলাখ টকা।[3]
  • ৫১তম গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰীৰ বিশেষ উল্লেখ।
  • অটৱা ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত (কানাডা) শিৱাৰাণী কলিতালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা।[1]

তথ্যউৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক