বৰবৰুৱা বা ফুকেলু'ঙ (ইংৰাজী: Borbarua, আহোম ভাষা: 𑜇𑜥 𑜀𑜦𑜧 𑜏𑜤𑜂𑜫) হৈছে আহোম ৰাজ্যৰ পাঁচজন পাত্ৰ মন্ত্ৰী সকলৰ মাজৰ এজন। স্বৰ্গদেও প্ৰতাপসিংহই বৰবৰুৱা পদৰ সৃষ্টি কৰিছিল আৰু মোমাই তামুলীক প্ৰথম পদবী দিছিল। কলিয়াবৰ নদীৰ পূব অঞ্চল আৰু যিবোৰ অঞ্চল বুঢ়াগোহাঁ‌ই, বৰগোহাঁ‌ই আৰু বৰপাত্ৰগোহাঁ‌ইয়ে নিয়ন্ত্ৰণ কৰা নাছিল, সেইবোৰ অঞ্চল বৰবৰুৱাই নিয়ন্ত্ৰণ কৰিছিল।

বৰবৰুৱা সকলৰ তালিকা সম্পাদনা কৰক

  • মোমাই তামূলী বৰবৰুৱা
  • তাঙাচু বৰবৰুৱা
  • চেঙধৰা বৰবৰুৱা
  • বেঙখোৱা বৰবৰুৱা
  • পেলন বৰবৰুৱা (ঘৰা কোৱৰ ভিতাৰুল ফুকন)
  • লেছম দেবেৰা বৰবৰুৱা
  • লানছিঙ শাইকান কিৰকিৰিয়া বৰবৰুৱা
  • মেছা বৰবৰুৱা
  • চক্ৰপানী বৰবৰুৱা
  • দিহিঙীয়া আলুন বৰবৰুৱা
  • বকতিয়াল ৰূপচন্দ্ৰ বৰবৰুৱা
  • কীৰ্তি চন্দ্ৰ গেন্ধেলা বৰবৰুৱা
  • ভদ্ৰসেন বৰবৰুৱা (বকতিয়াল পৰিয়াল)
  • এদাবৰীয়া সন্দিকৈ বৰবৰুৱা
  • নামতিয়াল বগতী সন্দিকৈ বৰবৰুৱা
  • বকতিয়াল জয়ন্ত বৰবৰুৱা
  • বাচকতীয়া লাহন বৰবৰুৱা