মোমাই তামুলী
মোমাই তামুলী বৰবৰুৱা বুৰঞ্জী মতে ফু-কে-লু'ঙ-লান-ফিমা [2] [3][ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন](ইংৰাজী: Momai Tamuli Borbarua) আহোম ৰাজ্যৰ (মু'ঙ দুন চুণ খাম; 𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪) এজন অভিযন্তা (ম '-মাই) আৰু প্ৰথমজন বৰবৰুৱা (ফুকেলু'ঙ; 𑜇𑜥 𑜀𑜦𑜧 𑜏𑜤𑜂𑜫) আছিল।[4][5] তেওঁক প্ৰথমে তামুলী হিচাপে নিয়োগ কৰা হৈছিল আৰু স্বৰ্গদেউ (চাওফা; 𑜋𑜧𑜨 𑜇𑜡) চ্যু-চেং-ফাই থাউমুং সন্দিকৈক নিলম্বন কৰাৰ পাছত অসমৰ প্ৰথম বৰবৰুৱা পদ দিছিল। গুণী আৰু দক্ষ বিষয়া হিচাপে তেওঁ অসম বুৰঞ্জীত চিহ্নিত কৰা হৈছে। তেওঁ পাইক প্ৰথা সৃষ্টি কৰি আহোমৰ শাসন ব্যৱস্থা আৰু অসমীয়া সমাজ জীৱনলৈ ভালেখিনি পৰিবৰ্তন আনিছিল।[6]
মোমাই তামুলী বৰবৰুৱা
ফু-কে-লু'ঙ-লান-ফিমা | |
---|---|
জন্ম | ১৫৯৮ খ্ৰী: আহোম ৰাজ্য |
অন্য নাম | লাজু ম'মাই |
বংশদ্ভূত | টাই-আহোম ৰ লুক-খা-খুন পৰিয়ালৰ ‘লান-ফিমা’ৰ ঘৰ |
পেচা | প্ৰথমজন বৰবৰুৱা (ফুকেলু'ঙ), ম '-মাই (অভিযন্তা), তামুলী |
জনা যায় | পাইক প্ৰথাৰ সৃষ্টিৰ বাবে |
পদবী | বৰবৰুৱা (ফুকেলু'ঙ) |
পূৰ্বসূৰী | থাউমুং সন্দিকৈ |
উত্তৰসূৰী | লাহো[1] |
পিতৃ-মাতৃ | লানটাইলুং |
সন্তান | পুত্ৰ:লালুকসোলা বৰফুকন, লাচিত, থুক, মৰঙী, ভাতধৰা, বাদুলী আৰু দৌকৰীয়া জীয়ৰী:পাখৰী গাভৰু |
আত্মীয়-স্বজন | ভায়েক: লা-হন ম'মাই |
পৰিয়াল সম্পাদনা কৰক
তেওঁৰ জন্ম হৈছিল ১৫৯৮ চনত।[7] তেখেত টাই-আহোম জনগোষ্ঠীৰ লুক-খা-খুন পৰিয়ালৰ ‘লান-ফিমা’ৰ ঘৰৰ প্ৰথম ব্যক্তি চাও ফেংকনৰ একাদশ পৰিনাতি আছিল।[3] তেখেতৰ পিতৃৰ নাম আছিল লানটাইলুং।[উদ্ধৃতিৰ প্ৰয়োজন] তেওঁৰ পুত্ৰ সকলৰ নাম লালুকসোলা বৰফুকন, লাচিত, থুক, মৰঙী, ভাতধৰা, বাদুলী আৰু দৌকৰীয়া আৰু জীয়ৰী পাখৰি গাভৰু।[3]তেখেতৰ মুঠ তিনিগৰাকী পত্নী আছিল। তাৰে সৰু গৰাকীৰ পুত্ৰ লাচিতক লাচিত বৰফুকন বুলি কিছু লোকে ভাবে যদিও বুৰঞ্জী অনুসৰি দুইজন লাচিত বেলেগ ব্যক্তি আছিল আৰু লাজুৰ পুত্ৰ বৰফুকন (ফুকনলুং) পদত নাছিল।[8][ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন] লাচিত বৰফুকনে কামত অবহেলা কৰাৰ বাবে তেওঁৰ ভাতৃ লাহন ম'-মাই যি গড় বন্ধা ম'-মাই পদত নিয়োজিত হৈ আছিল তেওঁক কাটিছিল।[3]
কৰ্মজীৱন সম্পাদনা কৰক
মোমাইৰ চৰিত্ৰ যথেষ্ট শান্ত, সুধীৰ ৰক্ষণশীল আৰু সংযতভাবে কাম কৰা বিধৰ আছিল।[9] তেওঁ কৰ্মজীৱন ম'মাই হিচাপে আৰম্ভ কৰিছিল।[3] আহোম ৰাজ্যত ম'মাই মানে অভিযন্তা আছিল, এই শব্দ টাই-আহোম ভাষাৰ পৰা আহিছে যাৰ অৰ্থ হল অভিযন্তা।[3] আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই তেওঁৰ কৰ্ম দক্ষতা দেখি প্ৰথমে তিপমীয়া ৰাজখোৱা হিচাপে নিযুক্তি দিলে। তাৰ পিছত কাৰেঙৰ বৰ তামুলী পদলৈ উন্নীত কৰা হ’ল। বৰ তামুলী হ’ল ৰজাৰ বাগিছাৰ মূল বিষয়া। পাছলৈ থাউমুং সন্দিকৈক নিলম্বন কৰা পাছত তেওঁক প্ৰথমজন বৰবৰুৱা হিচাপে নিযুক্তি দিছিল।[8] তাৰ আগলৈকে বৰবৰুৱা পদবীটো নাছিল।[9] সেয়েহে মোমাই তামুলীক প্ৰথম বৰবৰুৱা বুলি কয়।[9] এওঁ নামনি অসমৰ ৰাজ্যপাল সদৃশ আছিল। তেঁও খৰঙি, মৰঙি, তেতৈয়া, দৈয়াং, ধন্মুখৰ, ভূঞা, , দোলামাৰি, বৰচৰিয়া নামৰ গাওঁ কেইখন পাতিছিল।[10]
১৬৩৯ চনত আহোম আৰু মোগলৰ মাজত হোৱা বুজা-বুজি চুক্তি মতে বৰনদী দুয়ো সাম্ৰাজ্যৰ সীমা ঠিক কৰা হৈছিল। মোগলৰ হৈ আলাহ-ইয়াৰ-খাঁ আৰু আহোমৰ হৈ মোমাই তামুলীয়ে চুক্তিত আগভাগ লৈছিল।[8] বৰা, শইকীয়া, হাজৰিকা, ৰাজখোৱা, ফুকন আদি বিষয়বাববোৰ প্ৰতাপসিংহৰ দিনত মোমাই তামুলী ডাঙৰীয়াই সৃষ্টি কৰিছিল। পাইক প্ৰথাও মোমাই তামোলীৰে সৃষ্টি। প্ৰত্যেক পৰিয়ালৰ পৰা এজন এজনকৈ ৰজাঘৰত খাটি দিব লগাটোৱেই পাইক প্ৰথা। যুদ্ধৰ সময়ত তেওঁলোক ৰণলৈ যাব লাগে। প্ৰত্যেকজনকে পাইক বুলি কোৱা হয়। ২০ পাইকৰ ভিতৰত এজন বৰা, এশজন পাইকৰ ভিতৰত এজন শইকীয়া, এহাজাৰ জনৰ পাইকৰ ওপৰত এজন হাজৰিকা বাব দি পাইকসকলৰ প্ৰশাসনৰ ব্যৱস্থা কৰা হৈছিল। গাঁও সমূহক চুবুৰিত ভাগ কৰা হৈছিল। প্ৰত্যেক গাঁৱৰ, প্ৰতিটো পৰিয়ালত সূতাকটা আৰু কাপোৰ বোৱা বাধ্যতামূলক কৰা হৈছিল। এইদৰে গাঁৱৰ অৰ্থনীতি স্ব-নিৰ্ভৰশীল কৰি তোলা হৈছিল। সপ্তদশ শতিকাৰ (১৬০৮ চন) আগভাগৰ পৰা এনেবোৰ ব্যৱস্থা লোৱা হৈছিল।[9] মোমাই তামুলী সম্পৰ্কে এজন মোগল অধিবক্তাই, ফৌজাদাৰৰ আগত এনেদৰে কৈছিল- "চাহেব, অসমৰ কথা কি কোৱা? ৰজা হ’ল সাক্ষাৎ মহাদেৱ, মোমাই তামুলী হ'ল মহাদেৱৰ প্ৰধান ভৃত্য নন্দী। অসমত এই দুজনা কাৰ্য্যপালক হৈ থকা পৰ্য্যন্ত তুমি সেই দেশলৈ টোঁৱাব নোৱাৰা।"
আৰু চাওক সম্পাদনা কৰক
তথ্য সংগ্ৰহ সম্পাদনা কৰক
- ↑ অসম বুৰঞ্জী, কাশীনাথ তামূলী ফুকন, পৃষ্ঠা ১১৫
- ↑ চকৰীফেটি পুৰণি বুৰঞ্জী পৃষ্ঠা ৩২
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 বিকাশপেদিয়া, অসম চৰকাৰৰ টাই আহোম উন্নয়ন পৰিষদৰ দ্বাৰা যুগুটোৱা তথ্য
- ↑ ৰাজ বুৰঞ্জী, ফলি ১৫৭
- ↑ লাইলিত বুৰঞ্জীত লাচিত বৰফুকন, ভাজনি বৰুৱা, নৱেম্বৰ ২৪, ২০২২
- ↑ পূৰ্বাঞ্চল টাই সাহিত্য সভা (২০২২). বৈচিত্ৰ্যময় অসম. অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশ নিগম লিমিটেড. পৃষ্ঠা. ১১.
- ↑ দেওধাই অসম বুৰঞ্জী পৃষ্ঠা ৬৬
- ↑ 8.0 8.1 8.2 ড° সূৰ্য্যকুমাৰ ভূঞা (২০২৩). লাচিত বৰফুকন. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১৭.
- ↑ 9.0 9.1 9.2 9.3 স্বৰ্গদেউ ৰাজেশ্বৰসিংহ (১৯৭৪), ড° সূৰ্য্যকুমাৰ ভূঞা, page: 42
- ↑ অসম বুৰঞ্জী, কাশীনাথ তামূলী ফুকন, পৃষ্ঠা ২৯