বৰাক উপত্যকা অভিযান্ত্ৰিক মহাবিদ্যালয়
বৰাক উপত্যকা অভিযান্ত্ৰিক মহাবিদ্যালয় ২০১৭ চনত অসমৰ কৰিমগঞ্জ জিলাত অসম চৰকাৰে প্ৰতিষ্ঠা কৰে। ২০১১ চনৰ ২ মাৰ্চ তাৰিখে তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ায়ে প্ৰস্তাৱিত এই মহাবিদ্যালয় খনৰ আধাৰশিলা স্থাপন কৰে। [1]
বৰাক উপত্যকা অভিযান্ত্ৰিক মহাবিদ্যালয় Barak Valley Engineering College | |
---|---|
স্থাপিত | ২০১৭ |
ধৰণ | চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় |
অধ্যক্ষ | ড° এম. এইছ. মজুমদাৰ |
স্নাতক শিক্ষাৰ্থী | প্ৰতিবছৰে ১২০ জন |
স্থান | কৰিমগঞ্জ, অসম, ভাৰত |
উপনাম | BVEC |
ভুক্তি | অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় |
ৱেবছাইট | www |
মহাবিদ্যালয় খনে ২০১৭-১৮ শিক্ষাবৰ্ষৰ পৰা কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক (Computer Science and Engineering) আৰু অণুবিদ্যুৎ আৰু দূৰসংযোগ অভিযান্ত্ৰিক (Electronics and Telecommunication Engineering) বিভাগত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আগবঢ়োৱা আৰম্ভ কৰে। মহাবিদ্যালয় খন সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদৰ (All India Council for Technical Education) (AICTE) স্বীকৃৰ্তি প্ৰাপ্ত।
এইখন অসমৰ পঞ্চম খন ৰাজ্যিক চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বৰাক উপত্যকাৰ প্ৰথমখন।
শিক্ষা
সম্পাদনা কৰকবৰাক উপত্যকা অভিযান্ত্ৰিক মহাবিদ্যালয়ে কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক (Computer Science and Engineering) আৰু অণুবিদ্যুৎ আৰু দূৰসংযোগ অভিযান্ত্ৰিক (Electronics and Telecommunication Engineering) বিভাগত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আগবঢ়ায়।
বিভাগ | সময় | আসন |
---|---|---|
কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক | ৪ বছৰ | ৬০ |
অণুবিদ্যুৎ আৰু দূৰসংযোগ অভিযান্ত্ৰিক | ৪ বছৰ | ৬০ |
নামভৰ্তি
সম্পাদনা কৰক- স্নাতক শ্ৰেণীৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অনুস্থিত কৰা অসম সংযুক্ত প্ৰৱেশ পৰীক্ষাৰ বাচনি কৰা হয়।
২০১৭ চনত এই পৰীক্ষা অসমৰ প্ৰযুক্তি শিক্ষা আয়ুক্তয়ে অনুষ্ঠিত কৰে।
- অভিযান্ত্ৰিক শিক্ষাৰ ডিপ্লোমা প্ৰাপ্ত শিক্ষাৰ্থীয়ে স্নাতক দ্বিতীয় বৰ্ষত অধ্যয়ন কৰিবলৈ অসম প্ৰযুক্তি শিক্ষা আয়ুক্তয়ে অনুষ্ঠিত কৰা সংযুক্ত পাৰ্শ্বিয় প্ৰৱেশ পৰীক্ষাৰ (Joint Lateral Entrance Examination) (JLEE) দ্বাৰা নামভৰ্তি কৰিব পাৰে।
তথ্য উৎস
সম্পাদনা কৰক- ↑ "Foundation stone". Archived from the original on April 22, 2017. https://web.archive.org/web/20170422035023/http://www.assamtribune.com/scripts/detailsnew.asp?id=mar0311%2Fstate06। আহৰণ কৰা হৈছে: April 21, 2017.