বৰ্মণ ৰাজবংশ
বৰ্মণ বংশ (ইংৰাজী: Varman dynasty) খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ মাজভাগত পুষ্যবৰ্মা নামৰ ৰজা এজনে কামৰূপত প্ৰতিষ্ঠা কৰে।[2][3] এই বংশই ৩৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল। এই বংশ সেই সময়ৰ গুপ্ত বংশৰ সমসাময়িক আছিল।
কামৰূপ ৰাজ্য বৰ্মণ বংশ
| |
---|---|
৩৫০ খ্ৰীষ্টাব্দ–৬৫৫ খ্ৰীষ্টাব্দ
| |
ৰাজধানী | প্ৰাগজ্যোতিষপুৰ (বৰ্তমানৰ গুৱাহাটী) [1] |
সাধাৰণ ভাষা | Kamarupi Prakrit, সংস্কৃত |
ধৰ্ম | হিন্দু ধৰ্ম |
Government | Monarchy |
মহাৰাজাধিৰাজ | |
• ৩৫০ - ৩৭৪ খ্ৰীষ্টাব্দ |
পুষ্য বৰ্মা |
• ৫১৮ – ৫৪২ খ্ৰীষ্টাব্দ |
ভূতি বৰ্মা |
• ৬০০ - ৬৫০ খ্ৰীষ্টাব্দ |
ভাস্কৰ বৰ্মন |
ঐতিহাসিক যুগ | Classical India |
• Established |
৩৫০ খ্ৰীষ্টাব্দ |
• Disestablished |
৬৫৫ খ্ৰীষ্টাব্দ |
| ||||||||||||||||||||||||||||||||||||||||||||||||
বংশ
সম্পাদনা কৰকতেওঁলোকক কেতিয়াবা নৰক বংশৰ বুলি কোৱা হয়। কাৰণ, তেওঁলোকৰ বংশৰ তথ্যসমূহ নৰকাসুৰ, ভগদত্ত আৰু বজ্ৰদত্তৰ লগত সাদৃশ্য দেখা যায়।[4]
ৰজাসকল
সম্পাদনা কৰকপুষ্যবৰ্মা মগধৰ বিখ্যাত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল।[3] তেওঁ সমুদ্ৰগুপ্তৰ লগত মিত্ৰতা কৰি তেওঁক ৰাজ চক্ৰৱৰ্তী বুলি স্বীকাৰ কৰিছিল। বৰ্মণ বংশী ৰজাসকলৰ মাজত ভাস্কৰ বৰ্মাই প্ৰসিদ্ধ আছিল। পুষ্যবৰ্মা আৰু ভাস্কৰ বৰ্মাৰ মাজত এই বংশৰ এঘাৰজন ৰজাই ৰাজত্ব কৰিছিল।[3] ৰজাসকলৰ নাম একাদিকক্ৰমে হৈছে:
ক্ৰম | ৰজা | কাৰ্য্যকাল | পূৰ্বপুৰুষ | ৰাণী |
---|---|---|---|---|
১ | পুষ্য বৰ্মা | ৩৫০ - ৩৭৪ | ভগদত্তৰ বংশধৰ বুলি চিনাকি | অজ্ঞাত |
২ | সমুদ্ৰবৰ্মা | ৩৭৪ - ৩৯৮ | পুষ্য বৰ্মাৰ পুত্ৰ | দত্তদেৱী |
৩ | বল বৰ্মা | ৩৯৮ - ৪২২ | সমুদ্ৰবৰ্মাৰ পুত্ৰ | ৰত্নাৱতী |
৪ | কল্যাণ বৰ্মা | ৪২২ - ৪৪৬ | বল বৰ্মা | গন্ধৰ্বৱতী |
৫ | গণপতি বৰ্মা (গণেন্দ্ৰ বৰ্মা) | ৪৪৬ - ৪৭০ | কল্যাণ বৰ্মা | য়জনাৱতী |
৬ | মহেন্দ্ৰ বৰ্মা (সুৰেন্দ্ৰ বৰ্মা) | ৪৭০-৪৯৪ | গণপতি বৰ্মা | সুব্ৰতা |
৭ | নাৰায়ন বৰ্মা | ৪৯৪ - ৫১৮ | মহেন্দ্ৰ বৰ্মা | দেৱৱতী |
৮ | ভূতি বৰ্মা (মহাভূতি বৰ্মা) | ৫১৮ - ৫৪২ | নাৰায়ন বৰ্মা | বিজনায়াৱতী |
৯ | চন্দ্ৰমুখ বৰ্মা | ৫৪২ - ৫৬৬ | ভূতি বৰ্মা | ভাগৱতী |
১০ | স্থিত বৰ্মা | ৫৬৬ - ৫৯০ | চন্দ্ৰমুখ বৰ্মা | নয়নাদেৱী |
১১ | সুস্থিত বৰ্মা (মৃগাঙ্ক) | ৫৯০ - ৫৯৫ | স্থিত বৰ্মা | শ্যামদেৱী |
১২ | সুপ্ৰতিস্থিত বৰ্মা | ৫৯৫ - ৬০০ | সুস্থিত বৰ্মা | অজ্ঞাত |
১৩ | ভাস্কৰ বৰ্মা | ৬০০ - ৬৫০ | সুপ্ৰতিস্থিত বৰ্মাৰ ভাতৃ | অজ্ঞাত |
১৪ | অৱন্তী বৰ্মা[5] | ৬৫০ - ৬৫৫ | অজ্ঞাত | অজ্ঞাত |
বৰ্মণ বংশৰ পতন
সম্পাদনা কৰকবৰ্মণ বংশৰ পতন হোৱাৰ পাছত সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে শালস্তম্ভ বংশ প্ৰতিষ্ঠা কৰে।[6]
গ্ৰন্থ
সম্পাদনা কৰক- Sharma, Mukunda Madhava (1978). Inscriptions of Ancient Assam. Gauhati University, Assam.
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ * Prakash, Col Ved, Encyclopedia of North-East India
- ↑ (Sharma 1978, পৃষ্ঠা xxix)
- ↑ 3.0 3.1 3.2 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল. পৃষ্ঠা. ১৬.
- ↑ (Sharma 1978, পৃষ্ঠা xxix)
- ↑ Though there exists no direct evidence, there are indirect evidence of a king who ruled for a short period after Bhaskarvarman, but was ousted by Salasthamba (Sharma 1978, পৃষ্ঠা xxxi-xxxii)
- ↑ ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল. পৃষ্ঠা. ১৯.