ভজন লাল শৰ্মা (ইংৰাজী: Bhajan Lal Sharma; জন্ম: ১৫ ডিচেম্বৰ, ১৯৬৭) হৈছে ৰাজস্থানৰ এগৰাকী ৰাজনীতিবিদ তথা ৰাজস্থানৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী।[2] তেওঁ ৰাজস্থান বিধানসভাৰ সদস্য হিচাপে সাংগানেৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে।[3] তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপেও চাৰিবাৰকৈ কাৰ্যনিৰ্বাহ কৰিছে।[4]

ভজন লাল শৰ্মা
ৰাজস্থানৰ ১৪তম মুখ্যমন্ত্ৰী
মনোনীত
কাৰ্যভাৰ গ্ৰহণ
১৫ ডিচেম্বৰ ২০২৩
ৰাজ্যপাল কলৰাজ মিশ্ৰ
সহকাৰী দিয়া কুমাৰী
প্ৰেম চান্দ বৈৰৱা
পূৰ্বসূৰী অশোক গেহলত
ৰাজস্থান বিধানসভাৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৩ ডিচেম্বৰ ২০২৩
পূৰ্বসূৰী অশোক লাহ'তী (বিজেপি)
সমষ্টি সাংগানেৰ
ব্যক্তিগত তথ্য
জন্ম ১৫ ডিচেম্বৰ, ১৯৬৭ (৫৬ বছৰ)
আটাৰী নাদবাই, ভৰতপুৰ, ভাৰত
ৰাষ্ট্ৰীয়তা  ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী গীতা শৰ্মা[1]
মাতৃ গোমতী দেৱী[1]
পিতৃ কিষাণ স্বৰূপ শৰ্মা[1]
শিক্ষা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ
শিক্ষানুষ্ঠান ৰাজস্থান বিশ্ববিদ্যালয়
জীৱিকা ৰাজনীতিবিদ

প্ৰাথমিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

ৰাজস্থানৰ ভৰতপুৰ জিলাৰ নাদবাই অঞ্চলৰ অন্তৰ্গত আটাৰী গাঁৱত ভজন লাল শৰ্মাৰ জন্ম হৈছিল।[5] তেখেতৰ পিতৃ কিষাণ স্বৰূপ শৰ্মা আৰু মাতৃ গোমতী দেৱী।[6] নিৰ্বাচনী শপতনামাত উল্লেখ কৰা শৈক্ষিক অৰ্হতা অনুসৰি তেওঁ ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত এম এ ডিগ্ৰী লাভ কৰিছে।[7]

ৰাজনৈতিক জীৱন সম্পাদনা কৰক

শৰ্মাই স্কুলীয়া দিনৰে পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ছাত্ৰ শাখা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জৰিয়তে ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰিছিল। পিছলৈ তেওঁ তাতেই জিলা সহ আহ্বায়ক আৰু সহ-জিলা প্ৰমুখ হৈ পৰে। পিছলৈ ভাৰতীয় জনতা যুৱ মৰ্চাত যোগদান কৰি ২৭ বছৰ বয়সত জন্ম গাঁৱৰ সৰ্পঞ্চ হয়।[7]

তেওঁ একেৰাহে চতুৰ্থবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টি, ৰাজস্থানৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।[8]

২০০৩ চনত ভাৰতপুৰৰ নদবাই বিধানসভা সমষ্টিৰ পৰা ৰাজস্থান সমাজিক ন্যায় মঞ্চৰ টিকটত শৰ্মাই বিধানসভা নিৰ্বাচনত বিফলভাৱে প্ৰতিদ্বন্দ্বিতা কৰি ৫,৯০০ ভোটৰ অলপ বেছি ভোট আৰু ৬.২৮% ভোটৰ অংশীদাৰিত্ব লাভ কৰি পঞ্চম স্থান দখল কৰে।[9]

২০২৩ চনৰ ৰাজস্থান বিধানসভা নিৰ্বাচনৰ পিছত তেওঁ সংগনেৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়।[10]

২০২৩ চনৰ ১২ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে ভাৰতীয় জনতা পাৰ্টিয়ে দুজন উপ মুখ্যমন্ত্ৰী দিয়া কুমাৰী আৰু প্ৰেম চান্দ বৈৰৱাৰ সৈতে ৰাজস্থানৰ চতুৰ্দশ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।[11]

ৰাজস্থানৰ মুখ্যমন্ত্ৰী সম্পাদনা কৰক

২০২৩ চনৰ ১২ ডিচেম্বৰত ভাৰতীয় জনতা পাৰ্টিয়ে দুজন উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰী আৰু প্ৰেম চান্দ বৈৰৱাৰ সৈতে ৰাজস্থানৰ চতুৰ্দশ মুখ্যমন্ত্ৰী হিচাপে তেওঁক নিযুক্তি দিয়ে।[12][13]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

তেওঁ বিবাহিত আৰু তেওঁৰ দুজন পুত্ৰ আছে। ডাঙৰ পুত্ৰ অভিষেক শৰ্মা পঢ়া-শুনা কৰি এটা ব্যক্তিগত চাকৰি কৰি আছে। তেওঁৰ কনিষ্ঠ পুত্ৰ কুনাল শৰ্মা এগৰাকী এমবিবিএছ ডাক্তৰ।[1]

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "राजस्थान के नए मुख्यमंत्री भजन लाल शर्मा के परिवार में कौन-कौन है? बेटे करते हैं ये काम" (hi ভাষাত). 12 December 2023. https://www.indiatv.in/rajasthan/bhajan-lal-sharma-family-chief-minister-of-rajasthan-sons-do-this-work-2023-12-12-1007909. 
  2. "First-time MLA Bhajan Lal Sharma to be new Chief Minister of Rajasthan" (en ভাষাত). 12 December 2023. https://www.thehindu.com/elections/rajasthan-assembly/bhajan-lal-sharma-chief-minister-of-rajasthan/article67630427.ece. 
  3. "Bhajan Lal again becomes State General Secretary in BJP". news18.com. https://www.bhaskar.com/local/rajasthan/bharatpur/news/bhajan-lal-again-became-state-general-minister-in-bjp-127575968.html। আহৰণ কৰা হৈছে: 2019-05-03. 
  4. "Election Commission of India". results.eci.gov.in. https://results.eci.gov.in/AcResultGenDecNew2023/partywisewinresult-369S20.htm। আহৰণ কৰা হৈছে: 2023-12-12. 
  5. Mukherjee, Deep (2023-12-12). "Meet BJP’s new Rajasthan CM Bhajan Lal Sharma: Debutant MLA, party man close to RSS" (en ভাষাত). indianexpress.com. https://indianexpress.com/article/political-pulse/who-is-bhajanlal-sharma-new-rajasthan-chief-minister-9065190/। আহৰণ কৰা হৈছে: 2023-12-13. 
  6. Bhattacharya, Manish (2023-12-12). "राजस्थान के नए मुख्यमंत्री भजन लाल शर्मा के परिवार में कौन-कौन है? बेटे करते हैं ये काम" (hi ভাষাত). indiatv.in. https://www.indiatv.in/rajasthan/bhajan-lal-sharma-family-chief-minister-of-rajasthan-sons-do-this-work-2023-12-12-1007909। আহৰণ কৰা হৈছে: 2023-12-13. 
  7. 7.0 7.1 Mukherjee, Deep. "Meet BJP’s new Rajasthan CM Bhajan Lal Sharma: Debutant MLA, party man close to RSS". The Indian Express. https://indianexpress.com/article/political-pulse/who-is-bhajanlal-sharma-new-rajasthan-chief-minister-9065190/. 
  8. "Low-profile Bhajan Lal Sharma is known for command on organisational matters" (en ভাষাত). 12 December 2023. https://www.thehindu.com/elections/rajasthan-assembly/low-profile-bjp-leader-bhajan-lal-surpasses-veterans-to-serve-as-14th-cm-of-rajasthan/article67631691.ece. 
  9. "Who is Bhajan Lal Sharma, BJP's pick for Rajasthan chief minister? Check wealth, education details" (en ভাষাত). Hindustan Times. 2023-12-12. https://www.hindustantimes.com/india-news/who-is-bhajan-lal-sharma-bjps-pick-for-rajasthan-chief-minister-101702378923568.html। আহৰণ কৰা হৈছে: 2023-12-12. 
  10. Bureau, The Hindu (2023-12-12). "Bhajan Lal Sharma to be Chief Minister of Rajasthan" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/elections/rajasthan-assembly/bhajan-lal-sharma-chief-minister-of-rajasthan/article67630427.ece. 
  11. Kumar, Devesh (2023-12-12). "Rajasthan news: Vasundhara Raje suggested Bhajanlal Sharma's name for CM post" (en ভাষাত). mint. https://www.livemint.com/politics/news/rajasthan-news-former-cm-vasundhara-raje-suggested-bhajanlal-sharmas-name-for-cm-post-says-rajnath-singh-11702378556903.html। আহৰণ কৰা হৈছে: 2023-12-12. 
  12. "Bhajan Lal Sharma is next Rajasthan Chief Minister, Vasundhara Raje proposes name" (en ভাষাত). 12 December 2023. https://www.indiatoday.in/india/story/bhajanlal-sharma-elected-new-rajasthan-chief-minister-2475058-2023-12-12. 
  13. "Bhajanlal Sharma To Be Rajasthan CM: 1st-time MLA, Upper Caste Leader, All About BJP's Surprise Pick" (en ভাষাত). 12 December 2023. https://www.news18.com/politics/bhajan-lal-sharma-to-be-new-cm-chief-minister-of-rajasthan-announced-bjp-8700798.html.