ভদীয়া নামভাদ মাহৰ নাম বুলিও কোৱা হয়। ভাদ মাহ অসমৰ বৈষ্ণৱ সমাজৰ বাবে অসমীয়া বাৰমাহৰ এটি পবিত্ৰ মাহ। এই ভাদ মাহতে ভগৱান কৃষ্ণৰ জন্ম হৈছিল বুলি ধাৰণা কৰা হয়। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ জন্মও এই ভাদমাহতে হৈছিল। সেইবাবে ভাদ মাহক অসমীয়া সমাজে এক পৱিত্ৰ মাহ হিচাপে গণ্য কৰি আহিছে। অসমীয়া মানুহৰ ঘৰে ঘৰে, গাঁৱৰ গোসাঁই ঘৰ, নামঘৰ আদিত আয়তী-নামতীসকলে পৱিত্ৰ অন্তৰেৰে শৰাই নৈৱেদ্য আগবঢ়াই ভগৱানৰ নাম-কীৰ্তন কৰে। গাঁৱৰ নামঘৰ, গোঁসাই ঘৰত ভাদ মাহৰ নাম বুলিলে বিশেষ গুৰুত্ব আছে। এই সময়চোৱাত প্ৰায়সকল লোক খেতি-বাতিৰ কামৰপৰা আজৰি লাভ কৰে বাবে পুৱা গধূলি নামঘৰত সমৱেত হৈ ধৰ্মীয় আৰু সামাজিক ঐক্যৰ পৰিচয় দিয়ে। সত্ৰসমূহতো প্ৰতিদিনে চলা চৈধ্য প্ৰসংগ বা চাৰি প্ৰসংগৰ উপৰিও ভাদ মাহৰ নাম বুলি বিশেষ তৎপৰতা পৰিলক্ষিত হয়। নামঘৰসমূহত কেতিয়াবা সমূহীয়াভাৱে নাইবা কেতিয়াবা ব্যক্তিগতভাৱে শৰাই আগবঢ়ায়। অৱশ্যে প্ৰতিদিনে মাহ-প্ৰসাদৰ শৰাই নাথাকিলে হয়। ভাদ মাহৰ আটাই কেইদিন দুপৰীয়া আৰু গধূলি গাঁৱৰ নামঘৰবোৰত নাম-প্ৰসংগ চলে। ডেকাসকলে নাম ৰাতি লোৱাৰ বিপৰীতে মহিলাসকলে আবেলিৰ ভাগত সমৱেত হৈ নাম লয়। নামতীসকলে শৰাই আগবঢ়াই ভগৱান কৃষ্ণৰ স্তুতিসূচক নাম গায়। যোৰহাট জিলাঢেকীয়াখোৱা বৰ নামঘৰ, গোলাঘাট জিলাআঠখেলীয়া বৰনামঘৰ আদিত ভাদ মাহত অগণন ভক্তৰ সমাগম পৰিলক্ষিত হয়। ভাদ মাহৰ নামৰ গুৰুত্ব উজনি অসমৰ তুলনাত নামনি অসমত কমকৈ পৰিলক্ষিত হয়। কামৰূপ অঞ্চলত মহিলাসকলে কাতি মাহতহে নাম গোৱাৰ পৰম্পৰা আছে।