ভাগৱত আচাৰ্য
পৰিচয়
সম্পাদনা কৰকউত্তৰ-শংকৰী যুগ ৰ এগৰাকী প্ৰসিদ্ধ লেখক ভাগৱত আচাৰ্য। তেওঁ নিজকে শ্ৰী শ্ৰী হৰিদেৱ ৰ শিষ্য বুলি পৰিচয় দি থৈ গৈছে। সত্যেন্দ্ৰনাথ শৰ্মাই অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত ত ভাগৱত আচাৰ্য সম্ভৱতঃ তেওঁৰ উপাধি বুলিহে উল্লেখ কৰিছে। ভাগৱত আচাৰ্যৰ পিতৃৰ নাম হৰিমিশ্ৰ। তেখেতে কথাসূত্ৰ, সাত্বত-তন্ত্ৰ আৰু গীতাসাৰ এই তিনিখন গ্ৰন্থ ৰচনা কৰে।[1]
সাহিত্য কৰ্ম
সম্পাদনা কৰকখ্ৰীষ্টীয় সপ্তদশ শতিকাৰ আদি ভাগতে তেখেতে কথাসূত্ৰ, সাত্বত-তন্ত্ৰ, আৰু গীতাসাৰ গ্ৰন্থ ৰচনা কৰে।[1]
কথাসূত্ৰ
সম্পাদনা কৰকএই গ্ৰন্থখনত ভাগৱত ৰ প্ৰতিটো স্কন্ধৰ কথাবোৰ সংক্ষিপ্ত ৰূপত বৰ্ণনা কৰা হৈছে। কথাসূত্ৰ গ্ৰন্থখন সমগ্ৰ ভাগৱতৰ সাৰস্বৰূপ।[1]
সাত্বত-তন্ত্ৰ
সম্পাদনা কৰকএই গ্ৰন্থখন সংস্কৃত সাত্বত-তন্ত্ৰৰ অনুবাদ। সাত্বত-তন্ত্ৰ গ্ৰন্থখন বৈষ্ণৱ ভক্তিতত্ত্ব সম্পৰ্কীয় গ্ৰন্থ। এই গ্ৰন্থখনত বিৰাট পুৰুষৰ উৎপত্তি, ভাগৱতী আৰু নিগুণা ভক্তিৰ লক্ষণ, নামৰ মহিমা আৰু অপৰাধ আদি ভক্তি সম্পৰ্কীয় তত্ত্বৰ বিৱৰণ পোৱা যায়।[1]
গীতাসাৰ
সম্পাদনা কৰকগীতাসাৰ গ্ৰন্থখনত শ্ৰীমদ্ভগৱতগীতা ৰ সাৰাংশ পদত বৰ্ণনা কৰিছে। এই গ্ৰন্থখন শ্ৰীমদ্ভাগৱত গীতাৰ সাৰস্বৰূপ।[1]
সাহিত্যিক বৈশিষ্ট্য
সম্পাদনা কৰকভাগৱত আচাৰ্য ৰ ৰচনাসমূহ নিৰীক্ষণ কৰিলে প্ৰথমতেই চকুত পৰা বৈশিষ্ট্যটো হ'ল: লেখকৰ পাণ্ডিত্য আৰু থোৰতে কথা প্ৰকাশ কৰিব পৰাৰ শক্তিশালী দক্ষতা।[1]