ভামা শ্ৰীনিবাসন (জন্ম ২২ এপ্ৰিল ১৯৩৫[1]) হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতক সাধাৰণতে জনা যায় সসীম গোটৰ উপস্থাপনা তত্ত্বলৈ আগবঢ়োৱা অৱদানৰ বাবে। তেখেতৰ অৱদানসমূহক নিউথাৰ বক্ততাৰে ১৯৯০ চনত সন্মানীত কৰা হয়। ১৯৮১ চনৰ পৰা ১৯৮৩ চনলৈকে তেখেতে এছ'ছিয়েছন ফ'ৰ অ'মেন ইন মেথেমেটিক্সৰ সভাপতি হিচাপে কৰ্মনিৰ্বাহ কৰে।[2]

ভামা শ্ৰীনিবাসন
জন্ম ২২ এপ্ৰিল, ১৯৩৫ (৮৮ বছৰ)
মাদ্ৰাছ, ভাৰত
জাতীয়তা ভাৰতীয়/আমেৰিকান
ক্ষেত্ৰ অংক
কৰ্মস্থান ক্লাৰ্ক বিশ্ববিদ্যালয়, ইলিঅনিছ বিশ্ববিদ্যালয়, এছেন বিশ্ববিদ্যালয়, ছিডনি বিশ্ববিদ্যালয়, টকিঅ' বিজ্ঞান বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান মাদ্ৰাছ বিশ্ববিদ্যালয়, মানচেষ্টাৰ বিশ্ববিদ্যালয়, ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা ছেণ্ডি গ্ৰীন
জনা যায় বিশুদ্ধ গাণিতিক গৱেষণা

প্ৰাৰম্ভিক শিক্ষা আৰু জীৱন সম্পাদনা কৰক

তেখেতৰ জন্ম হৈছিল ভাৰতমাদ্ৰাছত। তাৰপিছত তেখেতে মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা ১৯৫৪ চনত কলাশাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰে আৰু ১৯৫৫ চনত বিজ্ঞান শাখাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। গৱেষণাৰ বাবে পৰৱৰ্তী পৰ্যায়ত তেখেত ইংলেণ্ডলৈ গমন কৰে। পেছাগত শৈক্ষিক জীৱন আৰম্ভ কৰিবলৈ তেখেত ইংলেণ্ডতে থাকি যায়। তেখেতে ১৯৬০ চনৰ পৰা ১৯৬৪ চনলৈকে কিলে বিশ্ববিদ্যালয়ত অংকৰ এগৰাকী প্ৰবক্তা হিচাপে কাম কৰে। তাৰপিছত তেখেত "নেশ্যনেল ৰিচাৰ্ছ কাউন্সিল অৱ কানাডা"ৰ জৰিয়তে ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ত প'ষ্টডক্টৰেলৰ বৃত্তি(১৯৬৫-৬৬) গ্ৰহণ কৰে। তাৰপিছত তেখেত ভাৰতলৈ উভতি আহে আৰু ৰামানুজন গণিত প্ৰতিষ্ঠানত ১৯৬৬ চনৰ পৰা ১৯৭০ চনলৈকে শিক্ষাদান কৰে।[3]

কেৰিয়াৰ সম্পাদনা কৰক

তাৰপিছত শ্ৰীনিবাসনে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গমন কৰে আৰু তাৰ পিছৰ দশকটো ক্লাৰ্ক বিশ্ববিদ্যালয়ত সহযোগী অধ্যাপক হিচাপে অধ্যাপনা কৰে। ১৯৭৭ চনত তেখেত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী নাগৰিক হৈ পৰে। সেই বছৰতে তেখেত প্ৰিন্সটনস্থিত উচ্চতৰ অধ্যয়নৰ প্ৰতিষ্ঠানবৰো সদস্য হয়। ১৯৮০ চনত তেখেতে ইলিনয়ছ বিশ্ববিদ্যালয়ত তেখেতৰ সুদীৰ্ঘ অধ্যাপনাৰ কালছোৱাৰ আৰম্ভ কৰে। তেখেতে চিকাগোৰ চাৰ্কল কম্পাছত অংকৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৭৯ চনৰ জানুৱাৰীত তেখেতে আমেৰিকান গাণিতিক সমাজত আদৰণি ভাষণ আগবঢ়ায়।[4] তেখেতে অতিথি অধ্যাপক হিচাপেও পেৰিছ, জাৰ্মানীৰ ইছেন বিশ্ববিদ্যালয়, ছিডনি বিশ্ববিদ্যালয়, আৰু জাপানৰ টকিঅ' বিজ্ঞান বিশ্ববিদ্যালয় ভ্ৰমণ কৰে। তদুপৰি নিজা ক্ষেত্ৰৰ কেইবাখনো পত্ৰিকাৰ সম্পাদনাৰ দায়িত্বতো তেখেত জড়িত আছিল। তাৰভিতৰত: প্ৰচিডিংছ্ অৱ দ্য এএমএছ (১৯৮৩ চনৰ পৰা ১৯৮৭ চনলৈ); কমিউনিকেশ্যনছ ইন এলজেব্ৰা (১৯৭৮ চনৰ পৰা ১৯৮৪ চনলৈকে); মেথেমেটিকেল ছাৰ্ভেইছ এণ্ড ম'ন'গ্ৰাফছ (১৯৯১-১৯৯৩)। ১৯৯১ চনৰ পৰা ১৯৯৪ চনলৈকে তেখেত আমেৰিকান গাণিতিক সমাজৰ সম্পাদনা সমিতিৰ লগত জড়িত আছিল।

সসীম গোটৰ গৱেষণাৰ বাবে শ্ৰীনিবাসনে প'ল ফংগৰ লগত সহযোগিতা কৰে। তেখেতৰ এই কৰ্মক লাজটিগে কৰা কোৱাণ্টাম গোটৰ গৱেষণাৰ লগত জড়িত কৰা হৈছে। ফলত গণিত আৰু পদাৰ্থ বিজ্ঞানৰ মাজত এক যোগসূত্ৰ স্থাপিত হৈছে।[5]

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • ২০১২ চনত তেখেত আমেৰিকান গাণিতিক সমাজৰ এগৰাকী সভ্য হয়।[6]
  • ২০১৭ চনত তেখেত "এছ'ছিয়েছন ফৰ ৱমেন ইন মেথেমেটিক্স"ৰ উদ্বোধণী শ্ৰেণীটোৰ এগৰাকী সদস্য হিচাপে নিৰ্বাচিত হয়।[7]

নিৰ্বাচিত কৰ্ম সম্পাদনা কৰক

তথ্যসংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক