কোম্পানী আইন ২০১৩

সংসদ আইন
(ভাৰতীয় কোম্পানী আইন ২০১৩ৰ পৰা পুনঃনিৰ্দেশিত)

কোম্পানী আইন ২০১৩ (ইংৰাজী: Companies Act 2013) হ’ল ভাৰতীয় কোম্পানী আইন সম্পৰ্কিত এখন সংসদ আইন যিয়ে এটা প্ৰতিষ্ঠানৰ সংযোজন, এটা কোম্পানিৰ দায়িত্ব, পৰিচালক আৰু পৰিসমাপ্তি বা অৱসান (dissolution) -ক নিয়ন্ত্ৰণ কৰে। এই আইনখনৰ মুঠ অধ্যায়ৰ সংখ্যা ২৯টা, কোম্পানী আইন ১৯৫৬ ৰ ধাৰাৰ সংখ্যা ৬৫৮ৰ বিপৰীতে এই আইনখনৰ ধাৰাৰ সংখ্যা হ’ল ৪৭০টা আৰু অনুচ্ছেদৰ সংখ্যা ৭টা। বৰ্তমান এই আইনত কেৱল ৪৩৮ (৪৭০-৩৯+৭) টা ধাৰা আছে।[1] কোম্পানী বিল ২০১২, খনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ২০১৩ চনৰ ২৯ আগষ্ট তাৰিখে সন্মতি জ্ঞাপন কৰাৰ পিছত ২০১৩ চনৰ ৩০ আগষ্ট তাৰিখে ভাৰত চৰকাৰৰ ৰাজপত্ৰত জাননী হিচাপে জাৰি কৰা হয়। অৱশেষত এইখনেই কোম্পানী আইন ২০১৩ হিচাপে স্বীকৃতি লাভ কৰে।[2]

কোম্পানী আইন ২০১৩
Companies Act 2013
দীঘল শিৰোনাম
  • কোম্পানীবোৰৰ সৈতে সম্পৰ্কিত আইনক একত্ৰিত আৰু সংশোধন কৰাৰ এখন আইন।
ভৌগোলিক পৰিসীমা ভাৰত
প্ৰণয়নকাৰী ভাৰতীয় সংসদ
সম্মতিৰ তাৰিখ ৩০ আগষ্ট ২০১৩
স্বাক্ষৰ হয় ২৯ আগষ্ট ২০১৩
কাৰ্যকৰী হয় ১২ ছেপ্টেম্বৰ ২০১৩ (৯৮ অনুচ্ছেদ)
১ এপ্ৰিল ২০১৪ (১৮৪ অনুচ্ছেদ)
প্ৰেক্ষাপট
বিধেয়ক কোম্পানী বিল ২০১২
বিধেয়কৰ ভাষ্য Bill No. 121-C of 2011
বাতিল কৰে
কোম্পানী আইন ১৯৫৬
স্থিতি: প্ৰচলিত

আইনখন স্তৰে স্তৰে কাৰ্যত বলবৎ কৰা হয়। ২০১৩ চনৰ ১২ ছেপ্টেম্বৰৰ পৰা আইনখনৰ কিছু ব্যৱস্থাৱলী বাস্তৱায়িত কৰা হয়। আকৌ কেইবাটাও ব্যৱস্থাৱলী ২০১৪ চনৰ ১ এপ্ৰিল আৰু ৬ জুনৰ পৰা কাৰ্যকৰী হয়।

আগৰ কোম্পানী আইন ১৯৫৬ মতে ব্যক্তিগত কোম্পানীৰ সৰ্বাধিক সদস্যৰ সংখ্যা আছিল ৫০জন আৰু ২০১৩ চনৰ কোম্পানী আইনৰ ধাৰা ২(৬৮) মতে ব্যক্তিগত কোম্পানীৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা হ’ল ২০০ জন।[3]

অৰ্থ আৰু সংজ্ঞা সম্পাদনা কৰক

ভাৰতীয় কোম্পানী আইন ১৯৫৬ৰ ৩ উপধাৰা (১) মতে, “কোম্পানী মানে উক্ত আইনৰ অধীনত গঠিত আৰু পুঞ্জীভুক্ত কোনো কোম্পানী” (“A company means a Company formed and registered under this act.”)।[4] আৰু সেই আইনৰে ধাৰা ৩ উপধাৰা (II) মতে, প্ৰচলিত কোম্পানী মানে হৈছে পূৰ্বৰ কোনো কোম্পানী আইনৰ অধীনত গঠিত আৰু পঞ্জীভুক্ত কোম্পানী।” (Sec. 3 (II) States existing company means a company formed and registered under any of the previous Company Law.)।[4] আৰু কোম্পানী আইন ২০১৩ ৰ ধাৰা ২ উপধাৰা (২০) ৰ মতে, “কোম্পানী মানে উক্ত আইনৰ অধীনত বা পূৰ্বৰ কোনো কোম্পানীৰ আইনৰ অধীনত অন্তৰ্ভুক্ত কোনো কোম্পানী” ('Company' means a Company incorporated under this Act or under any previous company law.)।[5]

আমেৰিকাৰ মুখ্য ন্যায়াধীশ মাৰ্চালে (Chief Justice of U.S.A. Marshall) কোম্পানীৰ সংজ্ঞা দি কৈছে- “কোম্পানী বা নিগম হৈছে অদৃশ্য অস্পৰ্শণীয় আৰু মাথোন আইনগত অস্তিত্বৰে গঠিত এক কৃত্ৰিম ব্যক্তি। আইনৰ দ্বাৰা সৃষ্ট অনুষ্ঠান হিচাপে ইয়াৰ গঠন আৰু নিগমবদ্ধকৰণৰ চনদে প্ৰকাশ কৰা অথবা ইয়াৰ কাৰ্যকলাপত আৱশ্যক হোৱা সা-সম্পত্তি ই ধাৰণ কৰে।” (“A corporation is an artificial being, invisible, intangible, and existing only in contemplation of law. Being the mere creature of law, it possesses only those properties which the charter of its creation confers upon it, either expressly, or as incidental to its very existence.”)[6]

বিশেষ বৈশিষ্ট্য সম্পাদনা কৰক

২০১৩ চনৰ ২৯ আগষ্ট তাৰিখে কোম্পানী আইন ২০১৩ খনে ৰাষ্ট্ৰপতিৰ পৰা সন্মতি লাভ কৰে। এই আইনখন সমগ্ৰ ভাৰতবৰ্ষতেই প্ৰচলন কৰা হয়। কোম্পানী আইন ২০১৩ ৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ হ’ল:

  • সদস্যৰ সংখ্যা (Number of Member): ব্যক্তিগত কোম্পানীৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা হ’ল ২০০জন (পূৰ্বতে আছিল ৫০ জন)[7]
  • সঞ্চালকৰ সংখ্যা (Number of Directors): কোম্পানী এটা সৰ্বোচ্চ সঞ্চালকৰ সংখ্যা ১৫ জনতেই সীমিত কৰা হৈছে লগতে কোম্পানীয়ে বিশেষ সিদ্ধান্ত গৃহীত কৰি ইয়াতকৈ অধিক সঞ্চালক কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন অবিহনেই নিযুক্তি দিয়াৰ ক্ষমতা আছে। এজন ব্যক্তিৰ কোম্পানীৰ ক্ষেত্ৰত মাত্ৰ এগৰাকী সঞ্চালক থকাৰ বিষয়টোও এই আইনত উল্লেখ আছে। পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন নতুন আইনত প্ৰয়োজন নহয়।
  • আবাসিক সঞ্চালক (Resident Director): প্ৰতিটো কোম্পানীৰে এজনকৈ আবাসিক সঞ্চালক থাকিব পাৰে যিয়ে পূৰ্বৰ কেলেণ্ডাৰ বৰ্ষত মুঠ ১৮২ দিনত কম ভাৰতবৰ্ষত বসবাস নকৰে।[8]
  • সঞ্চালকত্বৰ সংখ্যা (Number of Directorship): বিকল্প সঞ্চালককে ধৰি এগৰাকী ব্যক্তিয়ে একে সময়তে ২০টা কোম্পানীৰ সঞ্চালক পদ ল’ব নোৱাৰে। ২০টা কোম্পানীৰ পৰা ৰাজহুৱা কোম্পানীৰ সঞ্চালকৰ পদত ১০ গৰাকীৰ বেছি থাকিব নোৱাৰে।[9]
  • বোৰ্ডৰ সভা (Board Meeting): প্ৰতিটো কোম্পানীয়ে পুঞ্জীভুক্ত হোৱাৰ পৰা ৩০ দিনৰ ভিতৰত বোৰ্ডৰ সঞ্চালক মণ্ডলীৰ প্ৰথম সভা অনুষ্ঠিত কৰিব লাগিব। ইয়াৰ পিছত প্ৰতি বছৰে অতি কমেও ৪খন বোৰ্ডৰ সভা অনুষ্ঠিত কৰিব লাগিব। দুখন বোৰ্ডৰ সভাৰ মাজত ১২০ দিনৰ বেছি অন্তত থাকিব নালাগিব।
  • এজনীয়া ব্যক্তিৰ কোম্পানী (One person company): কোম্পানী আইন ২০১৩ অত এজনীয়া ব্যক্তিৰ কোম্পানীৰ এটা নতুন ধাৰণা সংযোগ কৰা হৈছে। গতিকে এজন ব্যক্তিয়েও এটা কোম্পানী খুলিব পাৰিব। এজনীয়া ব্যক্তিৰ কোম্পানীয়ে প্ৰতি বছৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰাৰ প্ৰয়োজন নাথাকে।

কোম্পানী আইন ২০১৩ৰ সংশোধনী সম্পাদনা কৰক

ভাৰতবৰ্ষত কোম্পানীৰ ব্যৱসায় সহজ-সৰল কৰি তুলিবলৈ, সমগ্ৰ বিশ্বৰ অনুশীলীৰ পৰা নিগমীয় আইন-কানুন পৃথক্কৰণ কৰাৰ উদ্দেশ্য সন্মুখত ৰাখি ২০১৩ চনত প্ৰণয়ন কৰা কোম্পানী আইনখন ভাৰত চৰকাৰে সংশোধন কৰাৰ পদক্ষেপ গ্ৰহণ কৰে। নতুনকৈ প্ৰণয়ন কৰিব বিচৰা আইনখন আছিল কোম্পানী (সংশোধিত) আইন ২০১৫। উক্ত সংশোধন আইনখন ভাৰত চৰকাৰৰ ৰাজপত্ৰত ২০১৫ চনৰ ২৬ মে তাৰিখে জাননী প্ৰকাশ কৰা হয় আৰু আইনখন ২০১৫ চনৰ ২৯ মে তাৰিখৰ পৰা কাৰ্যকৰী কৰা হয়।[10]

কোম্পানী আইন ২০১৩ -ৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনসমূহ সম্পাদনা কৰক

  • কোম্পানী (১ সংশোধিত) আইন ২০১৫
  • কোম্পানী (২ সংশোধিত) আইন ২০১৭
  • কোম্পানী (৩ সংশোধিত) আইন ২০১৯
  • কোম্পানী (৪ সংশোধিত) বিল ২০২০

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Prasad, Suresh. "Complete list of Sections of Companies Act, 2013". AUBSP. Archived from the original on 29 January 2020. https://web.archive.org/web/20200129092340/http://www.aubsp.com/sections-of-companies-act-2013/। আহৰণ কৰা হৈছে: 14 May 2020. 
  2. "Indian Companies Act 2013: The Story So Far". https://www.bclplaw.com/en-US/insights/indian-companies-act-2013-the-story-so-far.html&ved=2ahUKEwjp193enc3rAhW3zDgGHZ_nBYwQFjAHegQIAhAB&usg=AOvVaw0LNfrU6AdGASkLEqYLxqgO। আহৰণ কৰা হৈছে: 3 sep 2020. [সংযোগবিহীন উৎস]
  3. "Company Act 2013, Section 2(68)". https://www.toppr.com/guides/business-laws/companies-act-2013/private-companies/#:~:text=Section%202(68)%20of%20Companies,large%20from%20subscribing%20to%20them.&text=Private%20companies%20can%20now%20have,up%20capital%20of%20any%20amount.। আহৰণ কৰা হৈছে: 3 sep 2020. 
  4. 4.0 4.1 "Company act 1956, Section 3(1) and 3(II)". https://indiankanoon.org/doc/873302/। আহৰণ কৰা হৈছে: 4 sep 2020. 
  5. "Company act 2013 (section 1(20))". https://cii.in/WebCMS/Upload/CompaniesActRepresentation.pdf&ved=2ahUKEwjCxorIv87rAhUGwTgGHXOMDMwQFjABegQICRAG&usg=AOvVaw0Kuph9Owysg-6_Du3eWMJf। আহৰণ কৰা হৈছে: 4 sep 2020. [সংযোগবিহীন উৎস]
  6. Khanindra Das (2017). Corporate Law. প্ৰকাশক Guwahati: Union Book Publisher. পৃষ্ঠা. 25. ISBN 978-93-84589-19-6. 
  7. Company Act 2013 Section 2 (68)
  8. Company Act 2013, Section 149 (3)
  9. Company Act 2013, Section 165
  10. "Corporate and Company Law". https://www.mondaq.com/india/corporate-and-company-law/410320/companies-amendment-act-2015-key-highlights। আহৰণ কৰা হৈছে: 4 sep 2020. 

বাহ্যিক সংযোগ সম্পাদনা কৰক