ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষক

ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষক ভাৰতৰ সংবিধানৰ ১৪৮ নং অনুচ্ছেদৰ অধীনত গঠিত সাংবিধানিক কৰ্তৃপক্ষ। সংবিধানে তেওঁক ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সকলো আয় আৰু ব্যয়ৰ হিচাপ পৰীক্ষা কৰাৰ ক্ষমতা প্ৰদান কৰে। ইয়াৰ লগতে তেওঁ চৰকাৰৰ দ্বাৰা যথেষ্ট পৰিমাণে বিত্তীয় সাহাৰ্য লাভ কৰা স্বায়ত্তশাসিত সংস্থা আৰু নিগম আৰু নিকায় সমূহৰো হিচাপ পৰীক্ষণ কৰে। তেওঁ চৰকাৰী মালিকানাধীন নিগমবোৰৰ আইনী হিচাপ পৰীক্ষক আৰু চৰকাৰৰ কমেও ৫১ শতাংশ বা বিদ্যমান চৰকাৰী কোম্পানীবোৰৰ সহায়ক কোম্পানীৰ লাভ্যাংশ থকা চৰকাৰী কোম্পানীবোৰৰ পৰিপূৰক হিচাপ পৰীক্ষা কৰে। ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষকৰ প্ৰতিবেদনবোৰ সংসদ/বিধানসভাৰ মজিয়াত উত্থাপন কৰা হয় আৰু ভাৰতৰ সংসদ আৰু ৰাজ্যিক বিধানসভাৰ দুখন বিশেষ সমিতি ৰাজহুৱা হিচাপ সমিতি আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ সমিতিৰ দ্বাৰা আলোচনাৰ বাবে গ্ৰহণ কৰা হয়। তেওঁ ভাৰতীয় হিচাপ পৰীক্ষণ আৰু একাউণ্ট সেৱাৰ বিষয়াসকলে পৰিচালনা কৰা ভাৰতীয় হিচাপ পৰীক্ষা আৰু একাউণ্ট বিভাগৰ মুৰব্বী। ১৯৭১ চনত কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক (কৰ্তব্য, ক্ষমতা আৰু সেৱাৰ চৰ্তাৱলী) আইন, ১৯৭১ প্ৰণয়ন কৰে আৰু এই আইনৰ জৰিয়তে তেওঁৰ কার্যলয়ে কাৰ্য সম্পাদন কৰে। ১৯৭৬ চনত তেওঁক হিচাপৰক্ষণ কাৰ্যৰ পৰা অব্যাহতি দিয়া হৈছিল।

ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষক
বৰ্তমান পদাধিকাৰী
গিৰীশ চন্দ্ৰ মুৰ্মু, আই.এ.এছ.

৮ আগষ্ট ২০২০ -ৰ পৰা
মনোনয়ন কৰ্তা ভাৰতৰ প্ৰধানমন্ত্ৰী
নিয়োগকৰ্তা ভাৰতৰ ৰাষ্ট্ৰপতি
কাৰ্যকাল ৬ বছৰ বা ৬৫ বছৰ বয়সলৈকে
(যিটো আগতে হয়)
Constituting instrument ভাৰতৰ সংবিধানৰ ১৪৮ নং অনুচ্ছেদ
প্ৰথম পদাধিকাৰী ভি. নৰহৰি ৰাও
সহকাৰী ভাৰতৰ উপনিয়ন্ত্ৰক-মহালেখা পৰীক্ষক
দৰমহা মাহিলী ২,৫০,০০০ (৩,৫০৫ ডলাৰ)[1][2][3]
ৱেবচাইট www.cag.gov.in

নিযুক্তি সম্পাদনা কৰক

  1. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; THE COMPTROLLER AND AUDITOR-GENERAL'S (DUTIES, POWERS AND CONDITIONS OF SERVICE) ACT, 1971 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  2. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; HC and SC Judges (Salaries and Conditions of Service) Amendment Bill, 2017 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  3. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; CAG - Article 148 of Constitution of India নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই