ভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ
ৰাজহুৱা খণ্ডৰ উদ্যোগ (ইংৰাজী: Public Sector Undertakings) ভাৰত চৰকাৰ বা ভাৰতৰ ৰাজ্য চৰকাৰসমূহে প্ৰতিষ্ঠা কৰা ৰাজহুৱা প্ৰতিষ্ঠান। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ ৰাষ্ট্ৰীয়কৰণৰ দ্বাৰা, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কাৰ্যবাহী আদেশৰ দ্বাৰা, কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত সংসদৰ আইন আৰু ৰাজ্য চৰকাৰৰ ৰাজ্য চৰকাৰৰ আইন প্ৰণয়নৰ দ্বাৰা চৰকাৰৰ বাবে লাভ আদায় কৰাৰ উদ্দেশ্যেৰে স্থাপন কৰা হয়। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে ব্যক্তিগত খণ্ডৰ উদ্যোগসমূহৰ বজাৰত একচেটিয়া অধিকাৰ নিয়ন্ত্ৰণ কৰে। ইয়াৰ লগতে ৰাজহুৱা খণ্ডৰ উদ্যোগে নাগৰিকক সুলভ মূল্যত সামগ্ৰী আৰু সেৱা আগবঢ়োৱাৰ লগতে চৰকাৰী আঁচনি ৰূপায়ণ আৰু দেশৰ দূৰৱৰ্তী স্থানলৈ পণ্য আৰু সেৱাসমূহ প্ৰদান কৰে।
ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক চৰকাৰী মালিকানাধীন উদ্যোগ বা চৰকাৰী মালিকানাধীন নিগম বা বিধিগত নিগম বা ৰাষ্ট্ৰীয়কৃত নিগম বুলিও কোৱা হয়। এই প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণ বা আংশিকভাৱে ভাৰত চৰকাৰ আৰু/বা ভাৰতৰ ৰাজ্য চৰকাৰৰ মালিকানাধীন। কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ (CPSUs) সম্পূৰ্ণ বা আংশিকভাৱে ভাৰত চৰকাৰৰ মালিকানাধীন, আনহাতে ৰাজ্যিক ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ (SPSUs) সম্পূৰ্ণ বা আংশিকভাৱে ৰাজ্য বা ভূখণ্ডীয় চৰকাৰৰ মালিকানাধীন।[1] ১৯৫১ চনত ভাৰতত চৰকাৰী খণ্ডৰ মালিকানাধীন পাঁচটা ৰাজহুৱা খণ্ডৰ উদ্যোগ বা পিএছইউ আছিল। ২০২১ চনৰ মাৰ্চ মাহলৈকে এনে চৰকাৰী প্ৰতিষ্ঠানৰ সংখ্যা ৩৬৫ লৈ বৃদ্ধি পায়।[2] এই চৰকাৰী প্ৰতিষ্ঠানসমূহে ২০১৯ চনৰ ৩১ মাৰ্চলৈকে মুঠ বিনিয়োগ প্ৰায় ১৬.৪১ লাখ কোটি টকাক প্ৰতিনিধিত্ব কৰিছিল। ২০১৯ চনৰ ৩১ মাৰ্চলৈকে ইহঁতৰ মুঠ প্ৰদত্ত মূলধন প্ৰায় ২.৭৬ লাখ কোটি টকা আছিল। ২০১৮–১৯ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে প্ৰায় ২৪.৪৩ লাখ কোটি + ১ লাখ কোটি টকা ৰাজহ লাভ কৰিছে।[2]
ইতিহাস
সম্পাদনা কৰকভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ই মূলতঃ কৃষিভিত্তিক অৰ্থনীতি আছিল। সেইসময়ত ভাৰতৰ ঔদ্যোগিক ক্ষেত্ৰ নিচেই দুৰ্বল আছিল। সেইসময়ত ব্ৰিটিছ ভাৰতীয় সেনাৰ আমদানিকৃত অস্ত্ৰ-শস্ত্ৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ পূৰ্বে স্থাপন কৰা মাত্ৰ আঠাইশটা চৰকাৰী ভাৰতীয় অস্ত্ৰ-শস্ত্ৰ কাৰখানা আছিল।[3]
ব্ৰিটিছ ৰাজে ইয়াৰ পূৰ্বে কৃষি উৎপাদন ব্যক্তিগত খণ্ডৰ ওপৰত এৰি দিবলৈ বাছি লৈছিল, চাহ প্ৰক্ৰিয়াকৰণ প্ৰতিষ্ঠান, মৰাপাট মিল (যেনে একলেণ্ড মিল), ৰেলৱে, বৈদ্যুতিক প্ৰতিষ্ঠান, বেংক, কয়লা খনি, তীখা কল আদি কিছুমান অৰ্থনৈতিক প্ৰতিষ্ঠান মূলতঃ কিছুমান মুষ্টিমেয় উদ্যোগপতি যেনে জামছেদজী টাটাৰ দৰে ব্যক্তিৰ মালিকানাধীন আছিল। আন আন প্ৰতিষ্ঠানসমূহ বম্বে ষ্টক বিনিময় কেন্দ্ৰ তালিকাভুক্ত হৈছিল।[4]
ভাৰতৰ কৃষি আৰু ঔদ্যোগিক নিকায়সমূহৰ ব্যক্তিগত মালিকীস্বত্বৰ সমালোচকসকলে (বিশেষকৈ মহাত্মা গান্ধীৰ স্বাধীনতা আন্দোলনে) তাৰ পৰিৱৰ্তে বিংশ শতিকাৰ প্ৰথমাৰ্ধত ভাৰতৰ বাবে স্বাৱলম্বী, বহুলাংশে কৃষিভিত্তিক, সাম্প্ৰদায়িক গাঁওভিত্তিক অস্তিত্বৰ পোষকতা কৰিছিল।[5][6] ভাৰতৰ ৰাজহুৱা খণ্ডৰ অন্যান্য সমসাময়িক সমালোচকসকলে পৰ্যাপ্ত পৰিমাণৰ পুঁজিৰে চলি থকা বিদ্যালয়, ৰাজহুৱা পুথিভঁৰাল, বিশ্ববিদ্যালয়, চিকিৎসালয় আৰু চিকিৎসা আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অভাৱক লক্ষ্য কৰি লৈছিল। পূৰ্বৰ শতিকাত ব্ৰিটেইনৰ নিজৰ ঔদ্যোগীকৰণৰ প্ৰতিলিপি ভাৰতত প্ৰতিষ্ঠাপনৰ ব্ৰিটিছসকল ব্যৰ্থ হৈছিল।[7][8][9][10][11]
স্বাধীনতাৰ পিছত ভাৰতীয় অৰ্থনীতিৰ দ্ৰুত ঔদ্যোগীকৰণ আৰম্ভ হয়। ঔদ্যোগিকৰণ প্ৰক্ৰিয়াক অৰ্থনৈতিক উন্নয়ন, উন্নত জীৱন ধাৰণ আৰু অৰ্থনৈতিক সাৰ্বভৌমত্বৰ চাবিকাঠি হিচাপে গণ্য কৰা হয়।[12] অৰ্থনীতিত চৰকাৰী হস্তক্ষেপ আৰু নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তাক লক্ষ্য কৰা বোম্বে পৰিকল্পনাৰ ওপৰত নিৰ্ভৰ কৰি ১৯৪৮ চনত ঘোষণা কৰা প্ৰথমটো ঔদ্যোগিক নীতি প্ৰস্তাৱত ঔদ্যোগিক উন্নয়নৰ এনে কৌশল বহলভাৱে উল্লেখ কৰা হৈছিল। পিছলৈ ১৯৫০ চনৰ মাৰ্চ মাহত কেবিনেটৰ প্ৰস্তাৱৰ দ্বাৰা পৰিকল্পনা আয়োগ গঠন কৰা হয় আৰু উদ্যোগ নিয়ন্ত্ৰণৰ বাবে চৰকাৰক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ ক্ষমতা প্ৰদান কৰাৰ উদ্দেশ্যে ১৯৫১ চনত উদ্যোগিক (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইন প্ৰণয়ন কৰা হয়।[13]
ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে আমদানি প্ৰতিষ্ঠাপন ঔদ্যোগীকৰণৰ ওপৰত ভিত্তি কৰি অৰ্থনৈতিক নীতিৰ প্ৰচাৰ কৰিছিল আৰু মিশ্ৰিত অৰ্থনীতিৰ পোষকতা কৰিছিল।[14] তেওঁৰ মতে মৌলিক আৰু গধুৰ উদ্যোগৰ প্ৰতিষ্ঠা ভাৰতীয় অৰ্থনীতিৰ বিকাশ আৰু আধুনিকীকৰণৰ বাবে মূল ভেঁটি। ভাৰতৰ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা (১৯৫৬–৬০) আৰু ১৯৫৬ চনৰ ঔদ্যোগিক নীতি প্ৰস্তাৱত নেহৰুৰ ৰাষ্ট্ৰীয় উদ্যোগীকৰণ নীতি পূৰণৰ বাবে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। তেওঁৰ এই দৃষ্টিভংগী ভাৰতত ৰাজহুৱা খণ্ডৰ উদ্যোগৰ পিতৃ" ড° ভি কৃষ্ণমূৰ্তিয়ে আগবঢ়াই নিছিল। ভাৰতীয় পৰিসংখ্যাবিদ প্ৰশান্ত চন্দ্ৰ মহালান'বিছে ইয়াৰ প্ৰণয়নত সহায়ক আছিল। পিছলৈ এই আৰ্হিক ফেল্ডমেন-মহালানোবিছ মডেল বুলি অভিহিত কৰা হয়।[15][16] ১৯৬৯ চনত ইন্দিৰা গান্ধীৰ চৰকাৰে ভাৰতৰ চৈধ্যটা বৃহৎ ব্যক্তিগত বেংক ৰাষ্ট্ৰীয়কৰণ কৰে আৰু ১৯৮০ চনত অতিৰিক্ত ছটা বেংক ৰাষ্ট্ৰীয়কৰণ কৰে। ব্যক্তিগত উদ্যোগৰ ওপৰত অনুৰূপ বাধা-নিষেধৰ সৈতে এই চৰকাৰী নেতৃত্বাধীন ঔদ্যোগিক নীতি ১৯৯১ চনৰ ভাৰতীয় অৰ্থনৈতিক সংকটলৈকে ভাৰতীয় অৰ্থনৈতিক বিকাশৰ প্ৰধান আৰ্হি আছিল।[13] এই সংকটৰ পিছত চৰকাৰে কেইবাটাও ৰাজহুৱা খণ্ডৰ মালিকীস্বত্ব বিনিৱেশ কৰি মূলধন সংগ্ৰহ আৰু দুৰ্বল বিত্তীয় প্ৰদৰ্শন আৰু কম কাৰ্যক্ষমতাৰ সন্মুখীন হোৱা কোম্পানীসমূহক ব্যক্তিগতকৰণ কৰিবলৈ আৰম্ভ কৰে।[17][18]
ব্যৱস্থাপনা
সম্পাদনা কৰকৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ পৰিচালনা সমিতিৰ মুৰব্বী গৰাকীক অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক বা মুখ্য কাৰ্যবাহী বিষয়া বুলি জনা যায়। এগৰাকী উপাধ্যক্ষ আৰু উপ-পৰিচালনা সঞ্চালক আৰু সহ-মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে পৰিচালনা সমিতিৰ সদস্যসকলৰে বৰ্ড অফ ডাইৰেক্টৰে প্ৰতিষ্ঠানসমূহক পৰিচালনা কৰে। এই বৰ্ডৰ সদস্য সকলক কাৰ্যবাহী সঞ্চালক বোলা হয়। কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ, ইয়াৰ সহযোগী কোম্পানী আৰু ইয়াৰ বিভাগসমূহৰ ক্ষেত্ৰত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়া আৰু ৰাজ্যিক ৰাজহুৱা খণ্ডৰ উদ্যোগৰ ক্ষেত্ৰত ৰাজ্যৰ ৰাজ্যপালে নিযুক্তি দিয়া গ্ৰুপ 'এ' ৰাজপত্ৰিত বিষয়া। ৰাজহুৱা খণ্ডৰ উদ্যোগ, ৰাজহুৱা খণ্ডৰ উদ্যোগৰ সহযোগী কোম্পানী আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগৰ বিভাগৰ বাবে কাম কৰা বিষয়া-কৰ্মচাৰীসকলক ৰাজপত্ৰিত বিষয়া আৰু পূৰ্ণাংগ চৰকাৰী কৰ্মচাৰী হিচাপে শ্ৰেণীভুক্ত কৰা হয়।
ৰাজহুৱা খণ্ডৰ সকলো উদ্যোগকে অতিৰিক্ত বিত্তীয় স্বায়ত্তশাসন প্ৰদান কৰা হৈছে। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক বিশেষ চৰকাৰী প্ৰতিষ্ঠান হিচাপে তুলনামূলকভাৱে কিছু বিশেষ সুবিধা প্ৰদান কৰা হয়", এই সুবিধায়ে ইহঁতক বিশ্ব বজাৰৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ অধিক স্বায়ত্তশাসন প্ৰদান কৰে যাতে "[ইহঁত] বিশ্বব্যাপী বজাৰ দখল কৰাৰ অভিযানত সহায়ক হয়।" [19] ১৯৯৭ চনত আৰ্থিক স্বায়ত্তশাসন প্ৰথমতে নটা পিএছইউক নৱৰত্ন হিচাপে প্ৰদান কৰা হৈছিল।[20] মূলতঃ নৱৰত্ন শব্দৰ অৰ্থ আছিল নটা বহুমূলীয়া ৰত্নেৰে গঠিত তাবিজ। পিছলৈ গুপ্ত সম্ৰাট বিক্ৰমাদিত্য আৰু মোগল সম্ৰাট আকবৰৰ দৰবাৰত এই শব্দটো নিজ নিজ দৰবাৰত নগৰাকী অসাধাৰণ দৰবাৰীৰ সামূহিক নাম হিচাপে গ্ৰহণ কৰা হৈছিল।
২০১০ চনত কেন্দ্ৰীয় চৰকাৰে উচ্চ মহাৰত্ন শ্ৰেণী আৰম্ভ কৰে। যিবোৰ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ বিনিয়োগৰ সীমা ১,০০০ কোটি টকাৰ পৰা ৫,০০০ কোটি টকালৈ বৃদ্ধি কৰে।[21] মহাৰত্ন ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে এতিয়া এটা প্ৰকল্পত নিজৰ সম্পত্তিৰ ১৫ শতাংশ পৰ্যন্ত বিনিয়োগৰ সিদ্ধান্ত ল’ব পাৰে আনহাতে নৱৰত্ন কোম্পানীসমূহে স্পষ্ট চৰকাৰী অনুমোদন অবিহনে ১০০০ কোটি টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰে। দুটা শ্ৰেণীৰ মিনিৰত্ন উদ্যোগ সমূহে কম বিস্তৃত আৰ্থিক স্বায়ত্তশাসন লাভ কৰে।
ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ ৰত্ন[22] মৰ্যাদা প্ৰদানৰ বাবে নিৰ্দেশনাসমূহ তলত দিয়া ধৰণৰ:
শ্ৰেণী | যোগ্যতা | বিনিয়োগৰ বাবে লাভ |
---|---|---|
মহাৰত্ন | তিনি বছৰত গড় বাৰ্ষিক মুঠ লাভ ₹২,৫০০ কোটিতকৈ অধিক, অথবা
৩ বছৰৰ বাবে গড় বাৰ্ষিক মুঠ বজাৰমূল্য ₹১০,০০০ কোটি, অথবা ৩ বছৰৰ বাবে গড় বাৰ্ষিক আয় ₹২০,০০০ কোটি টকা (পূৰ্বতে নিৰ্ধাৰিত ২৫,০০০ কোটি টকাৰ বিপৰীতে)[23] |
₹১,০০০ কোটি – ₹৫,০০০ কোটি, বা কোনো প্ৰকল্পত তেওঁলোকৰ মুঠ সম্পত্তিৰ ১৫% পৰ্যন্ত বিনিয়োগৰ সিদ্ধান্ত ল’বলৈ মুক্ত |
নৱৰত্ন | ৬০ৰ স্ক'ৰ (১০০ৰ ভিতৰত), ছটা পৰিমাপৰ ওপৰত ভিত্তি কৰি যিবোৰৰ ভিতৰত মুঠ লাভ, মুঠ সম্পত্তি, মুঠ জনশক্তিৰ ব্যয়, উৎপাদনৰ মুঠ খৰচ, সেৱাৰ খৰচ, মূল্য হ্ৰাসৰ পূৰ্বে লাভ, সুত, আৰু কৰ), নিয়োজিত মূলধন আদি, আৰু
এটা পি এছ ইউক নৱৰত্ন মৰ্যাদা প্ৰদান কৰাৰ আগতে প্ৰথমে মিনিৰত্ন হ’ব লাগিব আৰু ইয়াৰ ব’ৰ্ডত ৪ গৰাকী স্বতন্ত্ৰ পৰিচালক থাকিব লাগিব। |
১,০০০ কোটি টকা পৰ্যন্ত বা এটা প্ৰকল্পত তেওঁলোকৰ মুঠ সম্পত্তিৰ ১৫% বা গোটেই বছৰটোত মুঠ সম্পত্তিৰ ৩০% (₹১,০০০ কোটিতকৈ অধিক নহয়)। |
মিনিৰত্ন শ্ৰেণী-I | যোৱা তিনি বছৰ ধৰি অবিৰতভাৱে লাভ কৰা বা তিনি বছৰৰ ভিতৰত এটা বছৰৰ ভিতৰত ₹৩০ কোটি বা তাতকৈ অধিক মুঠ লাভ কৰা | ₹৫০০ কোটি পৰ্যন্ত বা তেওঁলোকৰ মুঠ সম্পত্তিৰ সমান, যিটো কম। |
মিনিৰত্ন শ্ৰেণী-II | যোৱা তিনি বছৰ ধৰি অবিৰতভাৱে লাভ কৰিছে আৰু ধনাত্মক মুঠ বজাৰ মূল্য থকা | ₹৩০০ কোটি পৰ্যন্ত বা তেওঁলোকৰ নিকা সম্পত্তিৰ ৫০% পৰ্যন্ত, যিটো কম। |
ভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক ইয়াৰ বিশেষ অবিত্তীয় লক্ষ্যৰ ওপৰত ভিত্তি কৰিও শ্ৰেণীভুক্ত কৰা হয় আৰু কোম্পানী আইন, ২০১৩ (পূৰ্বতে কোম্পানী আইন, ১৯৫৬ৰ ধাৰা ২৫)ৰ ধাৰা ৮ৰ অধীনত পঞ্জীয়ন কৰা হয়।
লাভজনক শীৰ্ষ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ
সম্পাদনা কৰকক্ৰমিক নং | উদ্যোগৰ নাম | মুঠ লাভ (কোটি টকা) | অংশ (%) |
---|---|---|---|
১ | তেল আৰু প্ৰাকৃতিক গেছ নিগম (ONGC) | ১৩,৪৪৫ | ৯.৭ |
২ | ক'ল ইণ্ডিয়া লিমিটেড (CIL) | ১১,২৮১ | ৮.২ |
৩ | ভাৰতীয় শক্তি গ্ৰীড নিগম (PGCIL) | ১০,৮১১ | ৭.৮ |
৪ | ৰাষ্ট্ৰীয় তাপ শক্তি নিগম (NTPC) | ১০,১১৩ | ৭.৩ |
৫ | ভাৰতীয় গেছ কৰ্তৃপক্ষ লিমিটেড (GAIL) | ৬,৬২১ | ৪.৮ |
৬ | মহানাদী কয়লাক্ষেত্ৰ (MCL) | ৬,৪২৭ | ৪.৭ |
৭ | পাৱাৰ ফাইনেন্স কৰ্প'ৰেচন লিমিটেড (PFCL) | ৫,৬৫৫ | ৪.১ |
৮ | উত্তৰ কয়লাক্ষেত্ৰ (NCL) | ৪,৯৭১ | ৩.৬ |
৯ | গ্ৰাম্য বিদ্যুৎকৰণ নিগম (REC) | ৪,৮৮৬ | ৩.৫ |
১০ | ভাৰতীয় পাৰমাণৱিক শক্তি নিগম লিমিটেড (NPCIL) | ৪,৪৫৯ | ৩.২ |
অন্যান্য লাভজনক কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ | ৫৯,৪৪৩ | ৪৩ | |
লাভজনক কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ সৰ্বমুঠ লাভ | ১,৩৮,১১২ | ১০০ |
লোকচানৰ সন্মুখীনৰ হোৱা শীৰ্ষ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ
সম্পাদনা কৰকক্ৰমিক নং | উদ্যোগৰ নাম | মুঠ লোকচান (কোটি টকা) | অংশ (%) |
---|---|---|---|
১ | ভাৰত সঞ্চাৰ নিগম লিমিটেড (BSNL) | ১৫,৫০০ টকা | ৩৪.৬ |
২ | মহানগৰ টেলিফোন নিগম লিমিটেড (MTNL) | ৩,৬৯৬ | ৮.২ |
৩ | ভাৰত পেট্ৰ' ৰিচ'ৰ্চ লিমিটেড (BPRL) | ৯১৫ | ২.০ |
৪ | হিন্দুস্তান কপাৰ লিমিটেড (HCL) | ৫৬৯ | ১.৩ |
অন্যান্য লোকচানৰ সন্মুখীন হোৱা কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ | ৪,০৯৪ | ৯.১ | |
মুঠ লোকচান | ৪৪,৮১৭ | ১০০ |
কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ তালিকা
সম্পাদনা কৰককেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক (PSUs) কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ (CPSU), ৰাজহুৱা খণ্ডৰ বেংক (PSBs) আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজহুৱা উদ্যোগ (SLPEs) হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি। কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ গুৰু উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্ৰালয়ে পৰিচালনা কৰে। বিত্ত মন্ত্ৰালয়ৰ ৰাজহুৱা উদ্যোগ বিভাগ (DPE) হৈছে সকলো কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগৰ বাবে ন’ডেল বিভাগ।
২০২৩ চনৰ আগষ্ট মাহলৈকে ভাৰতত সৰ্বমুঠ ১৩টা মহাৰত্ন, ১২টা নৱৰত্ন আৰু ৭৩টা মিনিৰত্ন (১ম আৰু ২য় শ্ৰেণীত বিভক্ত) কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ আছে।[25][26]
মহাৰত্ন উদ্যোগৰ তালিকা
সম্পাদনা কৰক- ভাৰত হেভি ইলেক্ট্ৰিকেলছ লিমিটেড (BHEL)
- ভাৰত পেট্ৰলিয়াম কৰ্প'ৰেচন লিমিটেড (BCPL)
- ক'ল ইণ্ডিয়া লিমিটেড (CIL)
- ভাৰতীয় গেছ কৰ্তৃপক্ষ লিমিটেড (GAIL)
- হিন্দুস্তান পেট্ৰলিয়াম কৰ্প'ৰেচন লিমিটেড (HPCL)
- ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড (IOCL)
- ৰাষ্ট্ৰীয় তাপ শক্তি নিগম (NTPC)
- তেল আৰু প্ৰাকৃতিক গেছ নিগম (ONGC)
- ভাৰতীয় শক্তি গ্ৰীড নিগম (PGCIL)
- পাৱাৰ ফাইনেন্স কৰ্প'ৰেচন লিমিটেড (PFCL)
- গ্ৰাম্য বিদ্যুৎকৰণ নিগম লিমিটেড (REC)
- ভাৰতীয় তীখা কৰ্তৃপক্ষ লিমিটেড (SAIL)[27]
- অইল ইণ্ডিয়া লিমিটেড (OIL)
নৱৰত্ন উদ্যোগৰ তালিকা
সম্পাদনা কৰক- ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড (BEL)
- ভাৰতীয় কণ্টেইনাৰ নিগম (CONCOR)
- ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া লিমিটেড (EIL)
- হিন্দুস্তান এৰ'নটিক্স লিমিটেড (HAL)
- মহানগৰ টেলিফোন নিগম লিমিটেড (MTNL)
- নেচনেল এলুমিনিয়াম কোম্পানী (NALCO)
- ৰাষ্ট্ৰীয় অট্টালিকা নিৰ্মাণ নিগম (NBCC)
- ৰাষ্ট্ৰীয় খনিজ উন্নয়ন নিগম (NMDC)
- এন এল চি ইণ্ডিয়া লিমিটেড (নেইভেলি লিগনাইট)
- অএনজিচি বিদেশ লিমিটেড (OVL)
- ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেড (RINL)
- ভাৰতীয় জাহাজ নিগম (SCI)
মিনিৰত্ন আৰু অন্যান্য উদ্যোগসমূহ
সম্পাদনা কৰকভাৰতত মুঠ ৬১টা প্ৰথম শ্ৰেণীৰ মিনিৰত্ন আৰু ১২টা দ্বিতীয় শ্ৰেণীৰ মিনিৰত্ন উদ্যোগ আছে। মুঠ ৭৩টা মিনিৰত্ন উদ্যোগ আৰু ১৪৬টা অন্যান্য কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ আছে। তদুপৰি ভাৰতত ৮টা প্ৰতিৰক্ষা খণ্ডৰ উদ্যোগ আছে। সময়ে সময়ে ভাৰত চৰকাৰে কিছুমান কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগৰ পৰা নিজৰ অংশীদাৰত্ব ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰে। মূলতঃ লোকচানৰ সন্মুখীন হোৱা উদ্যোগ সমূহৰ ক্ষেত্ৰত এনে সংস্কাৰ সাধন কৰা হয়। উদাহৰণ স্বৰূপে ২০২০ চনত এয়াৰ ইণ্ডিয়াক টাটা চনছ্লৈ হস্তান্তৰ কৰা হৈছিল।
কেন্দ্ৰীয় বিত্তীয় সেৱামূলক উদ্যোগ
সম্পাদনা কৰকৰাষ্ট্ৰীয়কৃত বেংক
সম্পাদনা কৰকভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংক (ইংৰাজী: Public Sector Bank; চমুকৈ PSB) হৈছে ভাৰত চৰকাৰৰ মালিকানাধীন আৰু পৰিচালিত বেংক। ইয়াক ৰাষ্ট্ৰীয়কৃত বেংক (Nationalised Bank) বুলিও কোৱা হয়।[28] বেংকিং উদ্যোগ নিয়ন্ত্ৰণ আৰু বিত্তীয় অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে ১৯৬৯ চনত এই বেংকসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা হয়।[28] ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত বিশেষকৈ গ্ৰাম্য আৰু কম সেৱা লাভ কৰা অঞ্চলসমূহলৈ বেংকিং সেৱা প্ৰদানৰ ক্ষেত্ৰত পি এছ বিসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।[29]
এই বেংকসমূহত সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব (অৰ্থাৎ ৫০%তকৈ অধিক) ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয় নতুবা ভাৰতৰ বিভিন্ন ৰাজ্য চৰকাৰৰ ৰাজ্যিক বিত্ত মন্ত্ৰালয়ৰ হাতত থাকে। এই ৰাজহুৱা খণ্ডৰ বেংকসমূহক শ্বেয়াৰ ষ্টক এক্সচেঞ্জত তালিকাভুক্ত কৰা হয়।[30] ২০২২ চনৰ ৩০ অক্টোবৰলৈকে ভাৰতত ১২টা ৰাষ্ট্ৰীয়কৃত বেংক আছে (চৰকাৰী অংশীদাৰত্ব ক্ষমতাক % ৰে চিহ্নিত কৰা হৈছে):
- ভাৰতীয় ষ্টেট বেংক (৫৭.৫২%)
- বেংক অৱ বৰোদা (৬৩.৯৭%)
- ইউনিয়ন বেংক অৱ ইণ্ডিয়া (৮৩.৪৯%)
- পঞ্জাৱ নেচনেল বেংক (৭৩.১৫%)
- কানাড়া বেংক (৬২.৯৩%)
- পঞ্জাব আৰু সিন্ধ বেংক (৯৮.২৫%)
- ইণ্ডিয়ান বেংক (৭৯.৮৬%)
- বেংক অৱ মহাৰাষ্ট্ৰ (৯০.৯৭%)
- বেংক অৱ ইণ্ডিয়া (৮১.৪১%)
- ভাৰতীয় কেন্দ্ৰীয় বেংক (৯৩.০৮%)
- ইণ্ডিয়ান অভাৰচিজ বেংক (৯৬.৩৮%)
- ইউচিঅ’ বেংক (৯৫.৩৯%)
গ্ৰাম্য বেংক
সম্পাদনা কৰক২০২০ চনৰ ১ এপ্ৰিললৈকে ভাৰতত ৪৩টা আঞ্চলিক গ্ৰাম্য বেংক আছে। ভাৰতৰ বিভিন্ন ৰাজ্যত এই বেংকৰ স্থিতি দেখা যায়। অসমৰ অসম গ্ৰামীণ বিকাশ বেংক একপ্ৰকাৰৰ আঞ্চলিক গ্ৰাম্য বেংক।[31]
ৰাষ্ট্ৰীয়কৃত বীমা কোম্পানী
সম্পাদনা কৰক২০২০ চনৰ ১ এপ্ৰিললৈকে ভাৰতত ৭টা ৰাষ্ট্ৰীয়কৃত বীমা কোম্পানী আছে (চৰকাৰী অংশীদাৰত্ব ক্ষমতা % ৰে চিহ্নিত কৰা হৈছে):
- ভাৰতীয় জীৱন বীমা নিগম(৯৬.৫০%)
- ভাৰতীয় সাধাৰণ বীমা নিগম (৮৫.৭৮%)
- নিউ ইণ্ডিয়া এশ্বুৰেন্স (৮৫.৪৪%)
- ৰাষ্ট্ৰীয় বীমা কোম্পানী(১০০%)
- অৰিয়েণ্টেল বীমা কোম্পানী(১০০%)
- ইউনাইটেড ইণ্ডিয়া বীমা কোম্পানী(১০০%)
- ভাৰতৰ কৃষি বীমা কোম্পানী(১০০%)
ৰাষ্ট্ৰীয়কৃত ষ্টক বিনিময়কেন্দ্ৰ
সম্পাদনা কৰকবৰ্তমান ভাৰতত ২৮টা ৰাষ্ট্ৰীয়কৃত বিত্তীয় ষ্টক বিনিময় কেন্দ্ৰ আছে:
- ভাৰতৰ ৰাষ্ট্ৰীয় ষ্টক বিনিময় কেন্দ্ৰ
- ৰাষ্ট্ৰীয় স্পট এক্সচেঞ্জ
- ভাৰতৰ আন্তঃসংযোগী ষ্টক এক্সচেঞ্জ
- মেট্ৰ’পলিটান ষ্টক এক্সচেঞ্জ
- বহু সামগ্ৰী বিনিময় কেন্দ্ৰ
- ৰাষ্ট্ৰীয় পণ্য আৰু ডেৰাইভেটিভ বিনিময়
- ভাৰতৰ অভাৰ দা কাউণ্টাৰ এক্সচেঞ্জ
- বম্বে ষ্টক বিনিময় কেন্দ্ৰ
- কলিকতা ষ্টক এক্সচেঞ্জ
- হায়দৰাবাদ ছিকিউৰিটিজ এণ্ড এণ্টাৰপ্ৰাইজ লিমিটেড
- কইম্বাটুৰ ষ্টক এক্সচেঞ্জ
- সৌৰাষ্ট্ৰ কুচ ষ্টক এক্সচেঞ্জ
- মেংগালুৰ ষ্টক এক্সচেঞ্জ
- কোচিন ষ্টক এক্সচেঞ্জ
- বাংগালুৰু ষ্টক এক্সচেঞ্জ
- লুধিয়ানা ষ্টক এক্সচেঞ্জ
- গুৱাহাটী ষ্টক বিনিময় কেন্দ্ৰ
- ভুৱনেশ্বৰ ষ্টক এক্সচেঞ্জ
- জয়পুৰ ষ্টক এক্সচেঞ্জ
- পুনে ষ্টক এক্সচেঞ্জ
- মাদ্ৰাজ ষ্টক এক্সচেঞ্জ
- উত্তৰ প্ৰদেশ ষ্টক এক্সচেঞ্জ
- মধ্য প্ৰদেশ ষ্টক এক্সচেঞ্জ
- বদোদৰা ষ্টক এক্সচেঞ্জ
- দিল্লী ষ্টক এক্সচেঞ্জ
- আহমেদাবাদ ষ্টক এক্সচেঞ্জ
ৰাজ্যিক ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ
সম্পাদনা কৰকভাৰতত আঞ্চলিক পৰ্যায়ত কিছুমান উদ্যোগত ৰাজ্যসমূহৰ মুখ্য অংশীদাৰত্ব থাকে। এইসমূহক ৰাজ্যিক ৰাজহুৱা খণ্ডৰ উদ্যোগ বোলে। অসমত মুঠ ৪০টা ৰাজ্যিক খণ্ডৰ উদ্যোগ আছে।
তথ্যউৎস
সম্পাদনা কৰক- ↑ "STATUTORY CORPORATIONS, COMPANIES AND OTHER BODIES IN WHICH THE GOVERNMENT OF INDIA HAVE FINANCIAL OR CONTROLLING INTEREST LOK SABHA SECRETARIAT". Parliament of India, Lok Sabha. 2021-09-01. http://164.100.47.194/loksabha/writereaddata/questions/Questions_Brochure.pdf.
- ↑ 2.0 2.1 "Public Enterprises Survey 2019–20 | Department of Public Enterprises | MoHI&PE | GoI Page No. 1". dpe.gov.in. https://dpe.gov.in/sites/default/files/PE_Survery_Vol_II_English_2019_20_0.pdf। আহৰণ কৰা হৈছে: 2020-05-31.
- ↑ "Home | Ordnance Factory Board | Government of India". http://ofb.gov.in/index.php?wh=history&lang=en.
- ↑ "[IRFCA Indian Railways FAQ: IR History: Early Days - 1"]. www.irfca.org. https://www.irfca.org/faq/faq-hist.html। আহৰণ কৰা হৈছে: 2021-05-15.
- ↑ "Mahatma Gandhi believed in a self-sufficient village economy". www.newsonair.com. Archived from the original on 2021-05-15. https://web.archive.org/web/20210515015014/http://www.newsonair.com/Main-News-Details.aspx?title=Mahatma-Gandhi-believed-in-a-self-sufficient-village-economy&id=400200। আহৰণ কৰা হৈছে: 2021-05-15.
- ↑ Gosalia, Sushila (1979-03-01). "The Gandhian model of self-reliance in the Indian economy" (en ভাষাত). Intereconomics খণ্ড 14 (2): 80–83. doi:10.1007/BF02930202. ISSN 1613-964X. https://doi.org/10.1007/BF02930202.
- ↑ Mushtaq, Muhammad Umair (January 2009). "Public Health in British India: A Brief Account of the History of Medical Services and Disease Prevention in Colonial India". Indian Journal of Community Medicine খণ্ড 34 (1): 6–14. doi:10.4103/0970-0218.45369. ISSN 0970-0218. PMID 19876448.
- ↑ Amrith, Sunil S. (Feb 2009). "Health in India Since Independence". https://hummedia.manchester.ac.uk/institutes/gdi/publications/workingpapers/bwpi/bwpi-wp-7909.pdf.
- ↑ Chaudhary, Latika (March 2009). "Determinants of Primary Schooling in British India" (en ভাষাত). The Journal of Economic History খণ্ড 69 (1): 269–302. doi:10.1017/S0022050709000400. ISSN 0022-0507. https://www.cambridge.org/core/product/identifier/S0022050709000400/type/journal_article.
- ↑ Chaudhary, Latika (2012-05-01) (en ভাষাত). Caste, Colonialism and Schooling: Education in British India. প্ৰকাশক Rochester, NY. https://papers.ssrn.com/abstract=2087140.
- ↑ Odgers, George Allen (1925). Education in British.
- ↑ "Chapter 1, Industrial Policy Handbook". Industrial Policy Handbook. Office of the Economic Adviser, Ministry of Commerce and Industry. পৃষ্ঠাসমূহ: 2. Archived from the original on 28 May 2015. https://web.archive.org/web/20150528135133/http://eaindustry.nic.in/handbk/chap001.pdf। আহৰণ কৰা হৈছে: 17 September 2015.
- ↑ 13.0 13.1 Jadhav, Narendra. "Industrial Policy since 1956". Dr. Narendra Jadhav. Archived from the original on 13 May 2015. https://web.archive.org/web/20150513042330/http://www.drnarendrajadhav.info/drnjadhav_web_files/Published%20papers/Indian%20Industrial%20Policy%20Since%201956.pdf। আহৰণ কৰা হৈছে: 17 September 2015.
- ↑ Ghose, Shankar (1993). Jawaharlal Nehru. Allied Publishers. পৃষ্ঠা. 243. ISBN 978-8170233695.
- ↑ Ahluwalia, Isher J. (1993). Productivity and Growth in Indian Manufacturing, part of Recent Developments in Indian Economy: With Special Reference to Structural Reforms, Part 2. প্ৰকাশক New Delhi: Academic Foundation. পৃষ্ঠা. 25. ISBN 9788171880942.
- ↑ Baldev Raj Nayar, Globalization And Nationalism: The Changing Balance Of India's Economic Policy, 1950–2000 (New Delhi: Sage, 2001)
- ↑ "Disinvestments-A Historical Perspective". Bombay Stock Exchange. http://www.bsepsu.com/historical-disinvestment.asp। আহৰণ কৰা হৈছে: 19 September 2015.
- ↑ Sankar, T.L., Mishra, R.K., Lateef Syed Mohammed, A. (1994). "Divestments in Public Enterprises: The Indian Experience". International Journal of Public Sector Management খণ্ড 7 (2): 69–88. doi:10.1108/09513559410055242.
- ↑ Original govt. announcement about the Navratnas 1997 Archived 9 February 2012 at the Wayback Machine
- ↑ "Maharatnas, Navratnas: India's best PSUs!". Rediff. https://www.rediff.com/money/slide-show/slide-show-1-the-maharatnas-navratnas-of-india/20100826.htm.
- ↑ "Maharatna status for mega PSUs gets nod". The Times of India. 25 December 2009. http://timesofindia.indiatimes.com/biz/india-business/Maharatna-status-for-mega-PSUs-gets-nod/articleshow/5375541.cms.
- ↑ "bsepsu.com". www.bsepsu.com. http://www.bsepsu.com/maharatnas.asp। আহৰণ কৰা হৈছে: 2016-07-25.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2018-10-31. https://web.archive.org/web/20181031132956/https://archive.india.gov.in/spotlight/spotlight_archive.php?id=78। আহৰণ কৰা হৈছে: 2023-04-23.
- ↑ 24.0 24.1 "Public Enterprises Survey 2020–21 Volume 1". Department of Public Enterprises | Ministry of Finance. https://dpe.gov.in/sites/default/files/PES_English_Vol%201_2020-21_Website_7_4_2022_0.pdf.
- ↑ "List of Maharatna and Navratna companies in India". Dainik Jagran. 8 April 2021. https://www.jagranjosh.com/general-knowledge/list-of-maharatna-and-navratna-companies-in-india-1467721897-1.
- ↑ "List of Maharatna, Navratna and Miniratna CPSEs". Ministry of Finance. http://dpe.gov.in/about-us/management-division/list-maharatna-navratna-and-miniratna-cpses। আহৰণ কৰা হৈছে: 24 September 2021.
- ↑ "PFC is 11th firm to join Maharatna CPSE club" (en ভাষাত). Livemint. 12 October 2021. https://www.livemint.com/companies/news/pfc-becomes-11th-maharatna-cpse-11634046048459.html.
- ↑ 28.0 28.1 "Nationalised Banks: ভাৰতৰ ৰাষ্ট্ৰীয়কৃত বেংকসমূহ". অসমীয়া প্ৰতিদিন. https://www.asomiyapratidin.in/general-knowledge/nationalised-banks.
- ↑ "কেন্দ্ৰীয় বেংক". dailyassam.com. https://www.dailyassam.com/2021/07/blog-post_20.html.
- ↑ "Class 12 | Banking | Chapter 1 | ভাৰতবৰ্ষত বাণিজ্যিক বেংক". devlibrary.in. https://devlibrary.in/class-12-banking-chapter-1-solutions/2/.
- ↑ "list of SCB". https://m.rbi.org.in/scripts/Bs_viewcontent.aspx?Id=3657.