এডেলাইন ভাৰ্জিনিয়া উল্‌ফ (ইংৰাজী: Adeline Virginia Woolf) আছিল বিংশ শতাব্দীৰ এগৰাকী ইংৰাজী সাহিত্যিক। তেওঁক আধুনিকতাবাদী তথা চেতনা-স্ৰোত ধাৰাৰ অন্যতম বাটকটীয়া হিচাপে গণ্য কৰা হয়। [1]

ভাৰ্জিনিয়া উল্‌ফ
ভাৰ্জিনিয়া উল্‌ফৰ ছবি, ১৯০২ চন; photograph by George Charles Beresford
১৯০২ চনত উল্‌ফ
জন্ম এডেলাইন ভাৰ্জিনিয়া ষ্টিফেন
২৫ জানুৱাৰী, ১৮৮২
South Kensington, লণ্ডন, ইংলেণ্ড
মৃত্যু ২৮ মাৰ্চ, ১৯৪১ (৫৯ বছৰ)
Lewes, ইংলেণ্ড
পেচা
  • ঔপন্যাসিক
  • প্ৰবন্ধকাৰ
  • প্ৰকাশক
  • সমালোচক
মাতৃশিক্ষায়তন কিংচ' কলেজ, লণ্ডন
উল্লেখনীয় কৰ্মৰাজি
দাম্পত্যসংগী Leonard Woolf (বি. ১৯১২)
আত্মীয়-স্বজন
তালিকা
    • জৰ্জ হাৰ্বাট ডাকৱৰ্থ (half-brother)
    • ষ্টেলা ডাকৱৰ্থ (half-sister)
    • জিৰল্ড ডাকৱৰ্থ (half-brother)
    • লৰা ডাকৱৰ্থ (half-sister)
    • Vanessa Stephen (sister)
    • Thoby Stephen (brother)
    • Adrian Stephen (brother)
    • কেথেৰিন ষ্টিফেন (cousin)

স্বাক্ষৰ

জন্ম-পৰিচয় সম্পাদনা কৰক

১৮৮২ চনত লণ্ডনৰ এটি প্ৰখ্যাত পৰিয়ালত ভাৰ্জিনিয়া উল্‌ফৰ জন্ম হয়। উল্‌ফ আছিল পিতৃ-মাতৃৰ কনিষ্ঠ সন্তান। তেওঁৰ পিতৃ লেছলি ষ্টেফেন (Leslie Stephen) আছিল এগৰাকী প্ৰবন্ধকাৰ। সেয়ে ভাৰ্জিনিয়াই নিজৰ ঘৰতে জন্মলগ্নৰে পৰা এটি সাহিত্যিক পৰিৱেশ পাইছিল। উল্‌ফে তেওঁলোকৰ গ্ৰীষ্মকালীন ঘৰৰ পৰা প্ৰথম Godrevy Lighthouse দেখা পাইছিল আৰু পাছলৈ তেখেতৰ উপন্যাস টু দ্য লাইটহাউছ (To the Lighthouse) লিখিবলৈ প্ৰভাৱান্বিত হৈছিল।[2]

১৮৯৫ চনত উল্‌ফৰ তেৰ বছৰ বয়সত তেওঁৰ মাতৃৰ বিয়োগ ঘটে। মাতৃৰ বিয়োগত উল্‌ফ মানসিকভাৱে ভাগি পৰে আৰু গোটেই জীৱনজুৰি এই বেদনাই তেওঁক ভাৰাক্ৰান্ত কৰি ৰাখে। [3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. প্ৰকাশ, জানুৱাৰী সংখ্যা, ২০২১, সম্পাদক- মিহিৰ দেউৰ, পৃষ্ঠা-৪৭
  2. Barnett David. "Virginia Woolf fans fight to save view that inspired 'To The Lighthouse'". https://www.independent.co.uk/arts-entertainment/books/news/virginia-woolf-fans-fight-to-save-view-that-inspired-to-the-lighthouse-a6725621.html। আহৰণ কৰা হৈছে: 21 June 2020. 
  3. প্ৰকাশ, জানুৱাৰী সংখ্যা, ২০২১, সম্পাদক- মিহিৰ দেউৰ, পৃষ্ঠা-৪৭

বাহ্যিক সংযোগ সম্পাদনা কৰক