ভুৱনেশ্বৰ বৰুৱা

(ভুবনেশ্বৰ বৰুৱাৰ পৰা পুনঃনিৰ্দেশিত)

ডা° ভুবনেশ্বৰ বৰুৱা (১৮৯৩- ২৫ ছেপ্টেম্বৰ, ১৯৫৬)[1] অসমৰ এগৰাকী চিকিৎসক আৰু ৰাজনীতিক৷

জন্ম আৰু শৈশৱ সম্পাদনা কৰক

১৮৯৩ চনৰ চাৰি ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ খলিহামাৰীত বৰুৱাৰ জন্ম হৈছিল৷ কোনো কোনোৱে তেওঁৰ জন্ম শদিয়াতহে বুলিও মত প্ৰকাশ কৰে৷ তেওঁৰ পিতৃ আছিল জীৱেশ্বৰ বৰুৱা আৰু মাতৃ গিৰিজা দেৱী৷[2] তেওঁলোকৰ মুঠ তেৰটা সন্তানৰ ভিতৰত ভুবনেশ্বৰ বৰুৱা আছিল ষষ্ঠ৷ বাৰ বছৰ বয়সলৈকে ঘৰুৱা অভাৱ-অনাটনৰ বাবে তেওঁ শিক্ষা আৰম্ভ কৰিবলৈ সক্ষম হোৱা নাছিল৷

শিক্ষাজীৱন সম্পাদনা কৰক

গুৱাহাটীত ভিনিহিয়েক ৰবি নাৰায়ণ বৰাৰ ঘৰত থাকি পোনপ্ৰথমে ভুবনেশ্বৰ বৰুৱাই শিক্ষাৰম্ভ কৰে৷ পিছলৈ পুনৰ ডিব্ৰুগড়লৈ উভতি গৈ পঢ়া-শুনা কৰিবলৈ লয় আৰু ১৯১২ চনত ১৯ বছৰ বয়সত ডিব্ৰুগড় চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়৷ ১৯১৫ চনত তেওঁ কটন কলেজৰ পৰা বিজ্ঞান শাখাত দ্বিতীয় বিভাগত আইএছ চি পাছ কৰে আৰু তেতিয়া তেওঁ এক বিশেষ বৃত্তি লাভ কৰি কলিকতালৈ চিকিৎসাবিজ্ঞান পঢ়িবলৈ যায়৷ ১৯১৮ চনত এম ডি ডিগ্ৰী লৈ ভুবনেশ্বৰ বৰুৱা ডিব্ৰুগড়লৈ উভতি আহে৷ [2]

কৰ্মজীৱন সম্পাদনা কৰক

ভুবনেশ্বৰ বৰুৱাই শিক্ষা বিভাগৰ সহকাৰী উপ-পৰিদৰ্শক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ কলকাতাৰ পৰা উভতি আহি তেওঁ গান্ধীৰ অসহযোগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ লয়৷ এই আন্দোলনৰ পিছত তেওঁ পুনৰ চাকৰিত যোগ দিয়ে আৰু অসমৰ বিভিন্ন ঠাইত এচিষ্টেণ্ট চাৰ্জন হিচাপে কাৰ্য্যনিৰ্বাহ কৰে৷ চাকৰি কালতো স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশ লোৱাৰ বাবে ইংৰাজ চৰকাৰে তেওঁৰ বিৰুদ্ধে নানা অভিযোগ আনে আৰু ইয়াৰ পৰিণতিতে তেওঁ ১৯২৪ চনত চাকৰিৰ পৰা ইস্তফা দিয়ে৷ গুৱাহাটীলৈ গৈ ভুবনেশ্বৰ বৰুৱাই ’শংকৰদেৱ ফাৰ্মাচী’ খুলি ব্যক্তিগতভাৱে চিকিৎসাসেৱা অব্যাহত ৰাখে৷ পটু চিকিৎসক হিচাপে খ্যাত হোৱাৰ উপৰিও বহুতো দুখীয়া লোকক কোনো মাচুল নোলোৱাকৈ তেওঁ চিকিৎসা সেৱা আগবঢ়াইছিল বুলি জনা যায়৷[2]

মৃত্যু সম্পাদনা কৰক

১৯৫৬ চনৰ ২৫ ছেপ্টেম্বৰত তিনিকুৰি তিনি বছৰ বয়সত ভুবনেশ্বৰ বৰুৱাৰ মৃত্যু হয়। তেখেতক 'লোকবন্ধু' উপাধি প্ৰদান কৰা হৈছিল আৰু তেখেতৰ নামেৰেই গুৱাহাটীত 'ড° ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান' স্থাপন কৰা হৈছে।

তথ্যউৎস সম্পাদনা কৰক

  1. ডেকা, কনকচন্দ্ৰ (১৯৯৬). অমৃতস্য পুত্ৰাঃ (Divine Lives). প্ৰকাশক গুৱাহাটী: চম্পাৱতী প্ৰকাশন. পৃষ্ঠা. ৫৯-৭৩. 
  2. 2.0 2.1 2.2 ’এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া’ (দ্বিতীয় খণ্ড), হেমন্ত কুমাৰ ভৰালী, চিত্ৰলেখা পাব্লিকেশ্বনচ, গুৱাহাটী