ভূতাপীয় শক্তি (ইংৰাজী: Geothermal Power) হৈছে পৃথিৱীৰ ভূতাপীয় ক্ষমতাৰ দ্বাৰা উৎপাদন কৰা শক্তি৷ শুষ্ক বাস্প বৈদ্যুতিক কেন্দ্ৰ, স্ফুলিংগ বাস্প বৈদ্যুতিক কেন্দ্ৰ আৰু দ্বৈত চক্ৰ বিদ্যুৎ কেন্দ্ৰ (binary cycle power station) প্ৰযুক্তি ব্যৱহাৰ কৰি এতিয়ালৈকে এই শক্তি আহৰণ কৰি থকা হৈছে৷ ভূতাপীয় বিদ্যুৎ উৎপাদন বৰ্তমানলৈকে ২৬খন দেশত সম্ভৱ হৈছে৷ [1][2] আনহাতে ভূতাপীয় উত্তপন (Geothermal Heating) ৭০ খন দেশত ব্যৱহাৰ কৰা হৈছে৷.[3]

আইচলেণ্ডত থকা ক্ৰাফলা ভূতাপীয় শক্তি কেন্দ্ৰ
ভূতাপীয় শক্তি প্ৰকল্প সংস্থাপিত হোৱা আৰু বিকাশশীল পৰ্যায়ত থকা দেশসমূহ

ভূতাপীয় শক্তি হৈছে পৃথিৱীৰ ভূগৰ্ভত উৎপাদিত আৰু জমা হৈ থকা তাপ শক্তি৷ পৃথিৱীৰ ভূত্বকত থকা ভূতাপীয় শক্তি গ্ৰহটোৰ মূল গাঁথনি আৰু কিছুমান দ্ৰব্যৰ (বৰ্তমান সঠিকভাৱে অনুমান কৰিব পৰা নাই যদিও সম অনুপাতত থাকে বুলি ভবা হয়) তেজস্ক্ৰিয় পতনৰ পৰা উৎপাদিত হয়৷ [4] [5]৷ গ্ৰীক শব্দ 'জি' (γῆ (gê), অৰ্থ-পৃথিৱী) আৰু 'থাৰ্মোছ' θερμός (thermós, অৰ্থ-তাপ)ৰ পৰা Geothermal শব্দটি সৃষ্টি হৈছে৷

২০১৫ চনলৈকে গোলকীয় ভূতাপীয় সংস্থাপিত ক্ষমতাৰ পৰিমাণ আছিল ১২.৮ গিগাৱাট৷ ইয়াৰে ২৮ শতাংশ বা ৩.৫৫ গিগাৱাট শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰত সংস্থাপিত হৈছে৷ ২০২০ চন পৰ্যন্ত গোলকীয় ভূতাপীয় শক্তিৰ ক্ষমতা ১৪.৫-১৭.৬ গিগাৱাট হ'বগৈ বুলি ভবা হৈছে৷[6]

ভূতাপীয় শক্তিক সাধাৰণতে বহনক্ষম, নৱীকৰণযোগ্য শক্তিৰ উৎস হিচাপে বিবেচনা কৰা হয়৷ কাৰণ পৃথিৱীত সঞ্চিত হৈ থকা তাপৰ তুলনাত এইদৰে নিষ্কাষণ কৰা শক্তিৰ পৰিমাণ অতি কম৷ ভূতাপীয় বিদ্যুৎ কেন্দ্ৰৰ জৰিয়তে নিৰ্গমণ ঘটা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হৈছে গড় হিচাপত প্ৰতি কিলোৱাট-হাৱাৰত (এক ইউনিট) ৪৫ গ্ৰাম৷ পৰম্পৰাগত কয়লা তাপ বিদ্যুৎ কেন্দ্ৰতকৈ ৫ শতাংশ কম৷ [7]

শক্তি আৰু উত্তপণ উভয়বিধৰ বাবেই এক নৱীকৰণযোগ্য শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ ভূতাপীয় শক্তিৰ সামৰ্থ্য আছে৷ ২০৫০ চন পৰ্যন্ত গোলকীয় চাহিদাৰ ৩-৫%ক পূৰণ কৰিব পৰাকৈ এই শক্তি সমৰ্থৱান৷ অন্যহাতে, অৰ্থনৈতিক সাহায্যৰ সহায়ত ২১০০ চনত এই শক্তিয়ে গোলকীয় চাহিদাৰ ১০% শক্তি যোগান ধৰিব পৰাকৈ সক্ষম হৈ উঠিব বুলি অনুমান কৰা হৈছে৷ [8]

বৰ্তমানৰ ভূত্বকীয় জ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত আধাৰ কৰি ভূত্বকীয় শক্তি সংস্থাই (GEA) ৰাজহুৱাভাৱে ব্যক্ত কৰা সম্ভাৱনা অনুযায়ী, গোলকীয় ক্ষমতাৰ কেৱল ৬.৯ শতাংশ ভূতাপীয় শক্তিহে এতিয়ালৈকে কাৰ্যক্ষম কৰিব পৰা গৈছে৷ আনহাতে জলবায়ু পৰিৱৰ্তনৰ আন্তঃ-চৰকাৰীয় সদন(IPCC)ৰ প্ৰতিবেদন মতে, ভূতাপীয় শক্তি ৩৫ গিগাৱাটৰ পৰা ২ টেৰাৱাটৰ পৰিসৰত আছে৷ [3] ১৫ শতাংশতকৈও অধিক বিজুলী ভূতাপীয় শক্তিৰ পৰা আহৰণ কৰি থকা বৰ্তমানৰ দেশকেইখন হৈছে-এল ছালভাডোৰ, কেনিয়া, ফিলিপাইনছ্, আইচলেণ্ড, নিউজিলেণ্ড, [8] আৰু কোষ্টা ৰিকা৷

কেলিফৰ্ণিয়াৰ ছেল্টন সাগৰৰ সমীপত থকা এটা ভূতাপীয় শক্তি কেন্দ্ৰ
আইচলেণ্ডত থকা নেছজাভেলাৰ ভূতাপীয় শক্তি কেন্দ্ৰৰ পৰা ভাপ নিৰ্গত হৈছে৷
সংবৰ্ধিত ভূতাপীয় প্ৰণালী 1:জলাধাৰ 2:পাম্প ঘৰ 3:তাপ বিনিময়ক 4:টাৰবাইন-গৃহ 5: উৎপাদন কুঁৱা 6:অনুবিন্ধন কুঁৱা 7: উষ্ম জলৰ পৰা বিভাগীয় উত্তপনলৈ (district heating) 8:ছিদ্ৰযুক্ত গেদীয় 9:পৰ্যবেক্ষণ কুঁৱা 10:স্ফটিকী স্তৰিত শিল

উৎস সম্পাদনা কৰক

পৃথিৱীৰ তাপৰ পৰিমাণ হৈছে 1×10^19 TJ (2.8×10^15 TWh)৷[3] এই তাপখিনি পৃথিৱীৰ পৃষ্ঠলৈ প্ৰাকৃতিক পৰিৱহনৰ জৰিয়তে ৪৪.২ টেৰাৱাট হাৰত প্ৰৱাহিত হয়৷ [9] আৰু ৩০ টেৰাৱাটৰ তেজস্ক্ৰিয় ক্ষয়ৰ জৰিয়তে পুনৰাই পূৰ্ণ কৰা হয়৷[10] শক্তিৰ এই হাৰ বৰ্তমানে প্ৰাথমিক উৎসসমূহৰ পৰা উৎপাদন কৰি থকা মানৱ-ব্যৱহৃত শক্তিৰ তুলনাত দুগুণতকৈও অধিক; কিন্তু এই শক্তিৰ অধিকাংশয়েই বিস্তৃত হৈ থকা (গড় হিচাপত 0.১ W/m2) বাবে উদ্ধাৰ কৰিব নোৱাৰি৷ পৃথিৱীৰ ভূ-ত্বকে এখন ডাঠ অপৰিবাহী কম্বল হিচাপে কাম কৰে৷ এই কম্বলখনক তৰল জলবাহী (যেনে-মেগমা, পানী আৰু অন্যান্য)ৰ জৰিয়তে ভেদ কৰিব লাগিব, যাতে তলৰ তাপখিনিক মুক্ত কৰিব পাৰি৷

বৈদ্যুতিক উৎপাদনৰ বাবে উচ্চ-উষ্ণতাযুক্ত সমলৰ প্ৰয়োজন৷ আৰু এই সমলবোৰ গভীৰৰ পৰাহে পাব পাৰি৷ তৰলীকৃত সঞ্চাৰণৰ জৰিয়তে তাপখিনি পৃষ্ঠলৈ কঢ়িয়াই অনা হয়৷ ইয়াৰ বাবে মেগমা, গৰম স্প্ৰীং আৰু জলতাপীয় প্ৰৱহনৰ সহায় লোৱা হয়৷ নাইবা ইয়াৰে যিকোনো এটা সন্মিলিত প্ৰযুক্তিৰ সহায় লোৱা হয়৷ এই সঞ্চালন পাতল ভূ-ত্বকত কেতিয়াবা প্ৰাকৃতিকভাৱেও উপলব্ধ হয়৷ তেনে পৰিপ্ৰেক্ষিতত মেগমা জলবাহী বা টিউবে গৰম তাপ পৃষ্ঠৰ ওচৰলৈ কঢ়িয়াই আনে৷ আৰু গৰম স্প্ৰীংবোৰে এই তাপ পৃষ্ঠলৈ লৈ আহে৷ যদিহে কোনোধৰণৰ গৰম স্প্ৰীং মজুত নাথাকে, তেন্তে উষ্ণ জৰায়ি (Hot Aquifer) এটাত কুঁৱা খান্দিব লাগিব৷ বিৱৰ্তনীয় ভূ-ফলকৰ (tectonic plate) পৰিসীমাৰ ওচৰত ভূতাপীয় অৱক্ৰম হৈছে প্ৰতি কিলোমিটাৰত ২৫-৩০ ডিগ্ৰী ছেলছিয়াছ৷ পৃথিৱীৰ প্ৰায়বোৰ ঠাইতেই এই মান মোটামুটি একেই৷ সেইগতিকে কুঁৱাবোৰ বহু কিলোমিটাৰ গভীৰ হ'ব লাগিব যাতে বৈদ্যুতিক উৎপাদন সম্ভৱ হ'ব পাৰে৷ [3]

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. Geothermal Energy Association. Geothermal Energy: International Market Update May 2010, p. 4-6.
  2. Bassam, Nasir El; Maegaard, Preben; Schlichting, Marcia (2013) (en ভাষাত). Distributed Renewable Energies for Off-Grid Communities: Strategies and Technologies Toward Achieving Sustainability in Energy Generation and Supply. Newnes. পৃষ্ঠা. 187. ISBN 978-0-12-397178-4. https://books.google.com/books?id=uP4eGFt4c_AC&q=international+Geothermal+Association+10,715+megawatts&pg=PA187. 
  3. 3.0 3.1 3.2 3.3 Fridleifsson, Ingvar B.; Bertani, Ruggero; Huenges, Ernst; Lund, John W.; Ragnarsson, Arni; Rybach, Ladislaus (11 February 2008), O. Hohmeyer and T. Trittin, ed., The possible role and contribution of geothermal energy to the mitigation of climate change, প্ৰকাশক Luebeck, Germany, pp. 59–80, http://iga.igg.cnr.it/documenti/IGA/Fridleifsson_et_al_IPCC_Geothermal_paper_2008.pdf, আহৰণ কৰা হৈছে: 6 April 2009 [সংযোগবিহীন উৎস]
  4. Dye, S. T. (2012). "Geoneutrinos and the radioactive power of the Earth". Reviews of Geophysics খণ্ড 50 (3): RG3007. doi:10.1029/2012RG000400. 
  5. Gando, A.; Dwyer, D. A.; McKeown, R. D.; Zhang, C. (2011). "Partial radiogenic heat model for Earth revealed by geoneutrino measurements". Nature Geoscience খণ্ড 4 (9): 647. doi:10.1038/ngeo1205. https://authors.library.caltech.edu/25422/1/Gando2011p15815Nat_Geosci.pdf. 
  6. "The International Geothermal Market At a Glance – May 2015". GEA—Geothermal Energy Association. May 2015. http://geo-energy.org/reports/2015/Int'lMarketataGlanceMay2015Final5_14_15.pdf. 
  7. Moomaw, W., P. Burgherr, G. Heath, M. Lenzen, J. Nyboer, A. Verbruggen, 2011: Annex II: Methodology. In IPCC: Special Report on Renewable Energy Sources and Climate Change Mitigation (ref. page 10)
  8. 8.0 8.1 Craig, William; Gavin, Kenneth (2018). Geothermal Energy, Heat Exchange Systems and Energy Piles. প্ৰকাশক London: ICE Publishing. পৃষ্ঠা. 41–42. ISBN 9780727763983. https://www.icebookshop.com/Products/Geothermal-Energy,-Heat-Exchange-Systems-and-Energ.aspx. 
  9. Pollack, H.N.; S. J. Hurter, and J. R. Johnson; Johnson, Jeffrey R. (1993), "Heat Flow from the Earth's Interior: Analysis of the Global Data Set", Rev. Geophys. খণ্ড 30 (3): 267–280, doi:10.1029/93RG01249, Bibcode 1993RvGeo..31..267P, archived from the original on 2012-03-03, https://web.archive.org/web/20120303113553/http://www.agu.org/pubs/crossref/1993/93RG01249.shtml, আহৰণ কৰা হৈছে: 2020-12-24 
  10. Rybach, Ladislaus (September 2007), "Geothermal Sustainability", Geo-Heat Centre Quarterly Bulletin (Klamath Falls, Oregon: Oregon Institute of Technology) খণ্ড 28 (3): 2–7, ISSN 0276-1084, archived from the original on 17 February 2012, https://web.archive.org/web/20120217184740/http://geoheat.oit.edu/bulletin/bull28-3/art2.pdf, আহৰণ কৰা হৈছে: 9 May 2009